অপৰাধ তদন্ত বিভাগ (চিআইডি)ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) এ.ভি.ৱাই. কৃষ্ণক কেন্দ্ৰীয় আৰক্ষী সংৰক্ষিত বাহিনীৰ মহাপৰিদৰ্শক (আই জি) হিচাপে নিযুক্তি দিয়া হৈছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশত আই পি এছ এ.ভি.ৱাই. কৃষ্ণক পাঁচ বছৰৰ বাবে ডেপুটেচন ভিত্তিত আই জি হিচাপে নিযুক্তি দিয়া হয়।
বিগত মাহত এক বৃহৎ সালসলনি কৰি কৃষ্ণক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এছটিএফ) পদৰ অতিৰিক্ত দায়িত্বৰ পৰা মুক্ত কৰা হয়। এই সালসলনিৰ পিছত তেওঁ অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চি আই ডি) আৰু বি আই (ই অ’)ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাম অব্যাহত ৰাখিছিল।
উল্লেখ কৰিব পাৰি যে এ.ভি.ৱাই. কৃষ্ণ ১৯৯৫ চনৰ বেচৰ অসম-মেঘালয় কেডাৰৰ জ্যেষ্ঠ বিষয়া। চি আই ডিত থকা সময়ছোৱাত তেওঁৰ নেতৃত্বত পি এফ আই, এছ আই জোনমনি ৰাভাৰ মৃত্যুৰ গোচৰকে ধৰি বহু গুৰুত্বপূৰ্ণ গোচৰৰ সৈতে মোকাবিলা কৰা হৈছিল।