থামছ আপৰ চাৰ্জে মুকলি কৰিলে নতুন অভিযান “মাইণ্ড চাৰ্জড, বডী চাৰ্জড”

জনপ্ৰিয় ব্ৰেণ্ড কোকা-কোলাৰ নতুন পানীয় ব্ৰেণ্ড থামছ আপে মুকলি কৰিছে নতুন অভিযান। এই  “মাইণ্ড চাৰ্জড, বডী চাৰ্জড” কেম্পেইনত অভিনয় কৰিছে জনপ্ৰিয় তাৰকা আমিৰ খান আৰু দৰ্শীল চাফাৰীয়ে। এই কেম্পেইনত থামছ আপে সীমাবদ্ধতাক নেওচি প্ৰতিবন্ধকতা নোহোৱা কৰি আকৰ্ষণীয় অফাৰ আগবঢ়াই গ্ৰাহকৰ বিকশিত পছন্দৰ সৈতে অনুৰণন কৰাটো নিশ্চিত কৰিছে। টিভি, ডিজিটেল আৰু ছ’চিয়েল মিডিয়াত এই অভিযান আৰম্ভ কৰা হ’ব। চাৰ্জড বাই থামছ আপৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ সমাজৰ মনোভাৱক প্ৰভাৱিত কৰিবৰ বাবে ১৭ বছৰৰ পাছত কোকাকোলা পৰিয়ালৰ সৈতে পুনৰ সহযোগিতা কৰিছে আমিৰ খানে। এই অভিযানৰ সৈতে নিজৰ সম্পৰ্কৰ বিষয়ে অভিমত প্ৰকাশ কৰি আমিৰ খানে কয় যে, ‘এয়া সঁচাকৈয়ে এটা আমোদজনক চিত্ৰনাট্য আছিল। মই সঁচাকৈয়ে কনচেপ্টৰ জৰিয়তে ‘চাৰ্জ’ হৈছিলোঁ, আৰু মই আন্তৰিকতাৰে ইয়াত অভিনয় কৰি ভাল পাইছিলোঁ।

থামছ আপ/ক’ক পৰিয়ালৰ অংশ হ’বলৈ পাই মই সুখী৷ প্ৰচাৰ অচিৰে মুকলি কৰা হ’ব আৰু দৰ্শকৰ সঁহাৰিৰ বাবে মই অপেক্ষাৰত।” অগিলভে নিজা ধৰণে প্ৰস্তুত কৰা নতুন প্ৰভাৱশালী ফিল্মখনত আমিৰ খান আৰু দৰ্শীল চাফাৰীয়ে দৃশ্যমান ৰূপত আকৰ্ষণীয় অভিনয়েৰে বিশেষ বাৰ্তা দিছে, য’ত আমিৰ খানে গোটেই ছবিখনত জীৱনতকৈ বিশাল আৰু বিভিন্ন পৰিস্থিতিত বিচিত্ৰ অৱতাৰ লৈ নিজকে চিত্ৰায়িত কৰিছে।

এই সৃষ্টিশীল প্ৰদৰ্শনে জেন-জেডৰ বাবে প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ এক সোপান হিচাপে প্ৰদৰ্শন কৰা হৈছে, যিয়ে শাৰীৰিক ক্ষিপ্ৰতা আৰু মানসিক সতৰ্কতা বৃদ্ধি কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে, যাতে মহান হ”বলৈ শক্তিশালী হৈ উঠিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *