চাণক্য আইএএছ একাডেমীয়ে ইউপিএছচি ২০২৫ৰ বাবে আগবঢ়াইছে ‘ছুপাৰ 20 বেটছ’

116

গুৱাহাটীৰ চাণক্য আইএএছ একাডেমীয়ে ইউপিএছচি ২০২৫ৰ আকাংক্ষী প্ৰাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা বহু প্ৰত্যাশিত ‘ছুপাৰ 20 বেটছ’ মুকলি কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। এই বিশেষ বেটছটোত ১:২০ৰ নিম্ন শিক্ষক-ছাত্ৰ অনুপাতৰ বৈশিষ্ট্যপূৰ্ণ সুবিধাৰে ব্যক্তিগতকৃত মেণ্টৰশ্বিপ আৰু ৮ মাহৰ নিৰৱিচ্ছিন্ন পাঠ্যক্ৰমত বিস্তৃত প্ৰশিক্ষণ-প্ৰস্তুতিৰ প্ৰতিশ্ৰুতি দিছে। ২০২৪ৰ ২০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ছুপাৰ20 বেটছে বিভিন্ন শিক্ষণ পছন্দ বা বিকল্পসমূহ পূৰণ কৰিবলৈ অফলাইন, অনলাইন আৰু শ্ৰেণীত ৰেকৰ্ড কৰা পাঠদানসমূহৰ সংমিশ্ৰণেৰে এক গতিশীল হাইব্ৰিড শিক্ষণ আৰ্হিক একত্ৰিত কৰি আগবঢ়াইছে।

ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় গ্ৰন্থৰে ভৰপূৰ ২৪x৭ পুথিভঁৰাল আৰু চাণক্য আই এ এছ একাডেমীত অধ্যয়ন কৰি পূৰ্বে সফল হোৱা প্ৰাৰ্থীসকলৰ উপস্থিতিত বিশেষ নিৰ্দেশনামূলক ছেচনৰ সুবিধা লাভ কৰিব, য’ত মূল পৰীক্ষাত উত্তৰ লিখাৰ কৌশল আৰু সামগ্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব।

চাণক্য আই এ এছ একাডেমীৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালন অংশীদাৰ কুৰংগা নয়নী চেতিয়াই এই বিষয়ে দৃঢ়তাৰে কয় যে, “প্ৰতিজন আকাংক্ষী বা পৰীক্ষাৰ্থীয়ে ৩৬০ ডিগ্ৰীৰ নিৰ্দেশনা লাভ কৰাটো নিশ্চিত কৰা, ইউপিএছচি পৰীক্ষাৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ বহনক্ষম, বৰ্তমান আৰু ব্যক্তিত্বৰ দিশসমূহৰ সৈতে মোকাবিলা কৰাই হৈছে আমাৰ সৰ্বাধিক অগ্ৰাধিকাৰ।” নিজৰ নামভৰ্তি নিশ্চিত কৰিবলৈ গুৱাহাটীৰ চাণক্য আই এ এছ একাডেমীত অনুষ্ঠিত হোৱা যোগ্যতা পৰীক্ষাত পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ’ব লাগিব। অধিক জানিবলৈ অথবা পঞ্জীয়নৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে 6001808306 নম্বৰত যোগাযোগ কৰক।