এনএছইৰ চি ই অ’ৰ তৰফৰ পৰা সকলোকে এক সমৃদ্ধিশালী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে

নেচনেল ষ্টক এক্সচেঞ্জ(এনএছই)ৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া আশিসকুমাৰ চৌহানে সকলোকে এক সমৃদ্ধিশালী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে, লগতে বিচক্ষণতা আৰু অধ্যৱসায়ৰ জৰিয়তে আৰ্থিক বিকাশক উৎসাহিত কৰিছে। তেওঁ কেৱল পঞ্জীভুক্ত মধ্যস্থতাকাৰীৰ সৈতেহে লেনদেন কৰিবলৈ আৰু অনিয়ন্ত্ৰিত সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। তেওঁ সাৱধানতা অৱলম্বন কৰি উচ্চ বিপদাশংকা থকা ডেৰিভেটিভ পৰিহাৰ কৰি ভাৰতৰ সমৃদ্ধিৰ কাহিনীত প্ৰতিশ্ৰুতিবদ্ধ অংশগ্ৰহণকাৰী হ’বলৈ আহ্বান জনায়।

ইয়াৰ লগতে তেওঁ আৰু কয় যে, “আমি নৱবৰ্ষত পদাৰ্পণৰ লগে লগে নেচনেল ষ্টক এক্সচেঞ্জে সকলোকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনএছইয়ে আপোনাক বিচক্ষণতা আৰু অধ্যৱসায়ৰ সৈতে আৰ্থিক বৃদ্ধিৰ যাত্ৰাত নামিবলৈ উৎসাহিত কৰে। কেৱল পঞ্জীয়নভুক্ত মধ্যস্থতাকাৰীৰ সৈতেহে লেনদেন কৰক আৰু কেতিয়াও অনিয়ন্ত্ৰিত সামগ্ৰীত বিনিয়োগ নকৰিব। ষ্টক মাৰ্কেটৰ জৰিয়তে বিনিয়োগ দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ বাবেহে।

এক অনাকাংক্ষিত অভিজ্ঞতাই আনকি আটাইতকৈ স্থিতিস্থাপক বিনিয়োগকাৰীকো হতাশ কৰিব পাৰে, যাৰ বাবে আপুনি যদি ষ্টক মাৰ্কেটত নতুন বা বিশেষজ্ঞ নহয় তেন্তে সাৱধানে খোজ দিয়াটো অতি গুৰুত্বপূৰ্ণ। উচ্চ-বিপদাশংকা থকা ডেৰাইভেটিভ বা ষ্টক মাৰ্কেটত সঘনাই ব্যৱসায়ৰ ফান্দৰ পৰা আঁতৰি থাকক। ভাৰতৰ সমৃদ্ধিৰ কাহিনীত সদায়ে দায়বদ্ধ অংশগ্ৰহণকাৰী হওক আৰু নিজৰ উজ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰক। দীৰ্ঘম্যাদী বিনিয়োগে সাধাৰণতে অতীতৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত কৰি উন্নত ফলাফল প্ৰদান কৰে। আপোনাৰ ২০২৪ বৰ্ষটো সুখ আৰু সমৃদ্ধিশালী হোৱাৰ কামনা কৰিলোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *