চিয়েটে আগবঢ়াইছে দুই প্ৰকাৰৰ ষ্টীল ৰেড টায়াৰ : স্পোৰ্টৰেড আৰু ক্ৰছৰেড

আগশাৰীৰ টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিয়েটে নতুন ৰেঞ্জৰ ষ্টীল ৰেডিয়েল টায়াৰ- স্পোৰ্টৰেড আৰু ক্ৰছৰেডৰ জৰিয়তে দুচকীয়া টায়াৰ ৰেঞ্জৰ প্ৰদৰ্শনক নতুন শিখৰলৈ লৈ গৈছে। এই প্ৰিমিয়াম ৰেঞ্জৰ ষ্টীল ৰেডিয়েল টায়াৰ বিশেষভাৱে উচ্চ কাৰ্যক্ষম মটৰ চাইকেলৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰাৰ লগতে সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।স্পোৰ্টৰেড ছিৰিজ উচ্চ গতি আৰু কৰ্ণাৰিঙৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে; আনহাতে ক্ৰছৰেড হৈছে এটা মাল্টি টেৰেইন হাই গ্ৰীপ টায়াৰ।

ষ্টীল ৰেড টায়াৰত ষ্টীল-বেল্টযুক্ত ৰেডিয়েল কনষ্ট্ৰাকচন আছে, যিয়ে উচ্চ গতিত উৎকৃষ্ট সঞ্চালন প্ৰদান কৰে। ক্ৰছৰেড ছিৰিজ য়ামাহা এফজেড চিৰিজ আৰু চুজুকি গিক্সাৰ চিৰিজ মটৰচাইকেলৰ সৈতে সামঞ্জস্যপূৰ্ণ, যাৰ মূল্য টায়াৰৰ এটা ছেটৰ বাবে ৪,৩০০ টকা। আনহাতে স্পোৰ্টৰেড ছিৰিজত কেটিএম আৰচি৩৯০, ডিউক ৩৯০ বাজাজ ডমিনাৰ ৪০০ আৰু টিভিএছ আপাচি আৰআৰ৩১০ৰ দৰে উচ্চ প্ৰদৰ্শনসম্পন্ন মটৰচাইকেলৰ সৈতে সুসঙ্গত আৰু ইয়াৰ টায়াৰৰ মূল্য হৈছে ১২,৫০০ টকা। চিয়েটে জিঅ’ফ্ৰে ইমানুৱেলক ৰেচিঙত নিজৰ প্ৰথম ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত কৰিছে, যিয়ে মটৰস্পৰ্টৰ জগতখনত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

এফআইএম জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় ৰাইডাৰ জিঅ’ফ্ৰে ইমানুৱেলে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হ’বলগীয়া মোটোজিপি বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এই বিষয়ে চিয়েটৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া অৰ্ণৱ বেনাৰ্জীয়ে মন্তব্য কৰি কয় যে, “ৰাইডিঙৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে অত্যাধিক সাধাৰণ স্থানৰ পৰা উচ্চ গতিৰ স্থিৰতালৈকে প্ৰতিটো দিশ অতি সতৰ্কতাৰে প্ৰস্তুত কৰা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *