চিয়েট আইএছআৰএল চিজন ২-য়ে বিশ্বব্যাপী ৰাইডাৰ পঞ্জীয়নবৃদ্ধিৰ সৈতে ৰেকৰ্ড ভাঙিছে

89

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)ৰ ছিজন ২ৰ বাবে ৰাইডাৰ পঞ্জীয়নৰ ক্ষেত্ৰত অভিলেখসংখ্যক বিশ্বব্যাপী সঁহাৰি লাভ কৰিছে। ২০২৪ চনৰ ২১ জুনত ৰাইডাৰৰ পঞ্জীয়ন আৰম্ভ হৈছিল আৰু ইতিমধ্যে প্ৰথম তিনি সপ্তাহত ১০২গৰাকীয়ে পঞ্জীয়ন কৰিছে। এই পৰিসংখ্যাই বিশ্বব্যাপী মটৰস্প’ৰ্ট সম্প্ৰদায়ৰ ভিতৰত আইএছআৰএলৰ জনপ্ৰিয়তা আৰু ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰদৰ্শন কৰিছে য’ত আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ খেলুৱৈসকলে মেগা নিলামৰ বাবে পঞ্জীয়ন কৰিছে।

ছিজন ২ৰ বাবে পঞ্জীয়ন আৰম্ভ হোৱাৰ মাত্ৰ প্ৰথম তিনিদিনতে ৫০গৰাকীয়ে পঞ্জীয়ন কৰিছে, ইতিমধ্যে প্ৰথম তিনি সপ্তাহত ১০০গৰাকীতকৈ অধিক খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। এই পৰিসংখ্যাই বিশ্বব্যাপী মটৰস্প’ৰ্ট সম্প্ৰদায়ৰ ভিতৰত আইএছআৰএলৰ জনপ্ৰিয়তা আৰু ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰদৰ্শন কৰিছে য’ত আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ খেলুৱৈসকলে মেগা নিলামৰ বাবে পঞ্জীয়ন কৰিছে।

গুৱাহাটীত স্থানীয় খেলুৱৈ-অনুৰাগীসকলে আগন্তুক ছিজনৰ বাবে আগ্ৰহেৰে বাট চাই থকাৰ সময়তে লীগৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। আইএছআৰএলৰ দৰে প্ৰতিযোগিতাই স্থানীয় খেলুৱৈৰ নিয়োজন আৰু অনুৰাগীৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ৰুগবেদ বৰগুজে আৰু ঈশান ছনভাগৰ দৰে ভাৰতীয় ৰাইডাৰৰ অন্তৰ্ভুক্তিয়ে স্থানীয় উৎসাহক আৰু অধিক ইন্ধন যোগাইছে, গুৱাহাটীক ছুপাৰক্ৰছৰ দৃশ্যপটত এক গুৰুত্বপূৰ্ণ অংশ হিচাপে স্থান দিছে। ২০২৫ৰ জানুৱাৰীৰ পৰা মাৰ্চলৈকে আয়োজিত হ’ব লগা দ্বিতীয় ছিজন ভাৰতৰ বিভিন্ন চহৰত একাধিক ৰাউণ্ডত একচন, মনোৰঞ্জন আৰু তীব্ৰ প্ৰতিযোগিতাৰ এক অতুলনীয় মিশ্ৰণ প্ৰদান কৰিব। ৰাইডাৰ পঞ্জীয়ন প্ৰক্ৰিয়াত তিনিটা আকৰ্ষণীয় ৰেচিং শাখা অন্তৰ্ভুক্ত কৰিছে- ৪৫০চিচি আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ, ২৫০চিচি আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ আৰু ২৫০চিচি ইণ্ডিয়া-এছিয়া মিক্স কেটেগৰী। প্ৰতিটো শিতানে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আৰু হৃদয়স্পৰ্শী খেলৰ প্ৰতিশ্ৰুতি দিছে, যিয়ে দৰ্শকৰ বাবে পোনপটীয়াকৈ অন-গ্ৰাউণ্ড আৰু অনলাইন দুয়োটা পদ্ধতিতে এক অবিস্মৰণীয় অভিজ্ঞতা নিশ্চিত কৰে। ভাৰতীয় ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাব(এফএমএছচিআই)ৰ সহযোগত চিয়েট আইএছআৰএল চিজন ২ত অতুলনীয় ৰেচিং একচন প্ৰদান কৰিবলৈ সাজু হৈছে।