ত্ৰিপুৰাত নতুন প্ৰিমিয়াম সুবিধা কেন্দ্ৰ মুকলিৰে খুচুৰা পদচিহ্নৰ সম্প্ৰসাৰণ চিয়েটৰ

ভাৰতৰ আগশাৰীৰ টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিয়েটে ত্ৰিপুৰাৰ আগৰতলাত নতুন প্ৰিমিয়াম খুচুৰা বিক্ৰীৰ সুবিধা কেন্দ্ৰ উদ্বোধন কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। চাৰিচকীয়া বাহনৰ বিক্ৰীৰ ক্ৰমাগত বৃদ্ধিৰে সম্প্ৰসাৰণৰ বাবে ইন্ধন যোগোৱা উঃ-পূবত টায়াৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে অভিগম্যতা আৰু সেৱা বৃদ্ধিৰ বাবে চিয়েটৰ ৰণকৌশলৰ এয়া অন্যতম অংশ।

এই কথা সদৰি কৰি চিয়েটৰ এমডি এণ্ড চিইঅ’ অৰ্ণৱ বেনাৰ্জীয়ে কয় যে, “চিয়েটত আমি আমাৰ “গ্ৰাহক প্ৰথম” দৰ্শনৰ দ্বাৰা পৰিচালিত হৈ আহিছোঁ।” তেওঁ উল্লেখ কৰে যে, ”উত্তৰ পূৰ্বাঞ্চলত টায়াৰ উদ্যোগৰ বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা দেখা গৈছে। এই সম্প্ৰসাৰণে দ্ৰুত ডেলিভাৰী, উন্নত সেৱা আৰু এটা উচ্চমানৰ গ্ৰাহক অভিজ্ঞতা নিশ্চিত কৰিব।” এতিয়ালৈকে মুঠ ১৮টা প্ৰিমিয়াম আউটলেট আৰু ৯০০ৰো অধিক খুচুৰা টাচ্চপইণ্ট সমগ্ৰ অসম, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, মিজোৰামলৈ সম্প্ৰসাৰণ হৈছে আৰু আহি থকা দিনত অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে।

এই সুবিধা কেন্দ্ৰ ত্ৰিপুৰা আৰু চুবুৰীয়া অঞ্চলৰ গ্ৰাহকৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে, ইয়াত যাত্ৰীবাহী গাড়ী, দুচকীয়া বাহন আৰু বাণিজ্যিক বাহনৰ বাবে বিভিন্ন ধৰণৰ উচ্চ-প্ৰদৰ্শনৰ টায়াৰ লাভ কৰিব। এই সুবিধা কেন্দ্ৰই টায়াৰ ব্ৰেণ্ডৰ স্থানীয় উপস্থিতি বৃদ্ধি কৰিবলৈ আৰু কৰ্মসংস্থাপন সৃষ্টি আৰু শক্তিশালী ডিলাৰ সম্পৰ্ক গঢ়ি তোলাৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগাব পৰাকৈ প্ৰস্তুত কৰাৰা হৈছে। এই সম্প্ৰসাৰণে মানসম্পন্ন টায়াৰৰ বাবে অতি প্ৰয়োজনীয় ব্যৱহাৰৰ সুযোগ আনিব, লগতে মিজোৰাম আৰু চুবুৰীয়া অঞ্চলবোৰৰ বৰ্ধিত চাহিদাসমূহ পূৰণ কৰিব, লগতে স্থানীয় ব্যৱসায় আৰু গ্ৰাহকৰ সন্তুষ্টিও সমানে বৃদ্ধি কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *