আত্মনিৰ্ভৰ বিনিয়োগকাৰীক সৱলীকৰণৰ বাবে চিডিএছএলে প্ৰথমবাৰৰ বাবে আইডিয়াথন আৰম্ভ কৰিছে

এছিয়াৰ প্ৰথমটো তালিকাভুক্ত ডিপজিটৰী আৰু ১৬.৭ কোটিৰো অধিক ডিমেট একাউণ্টৰ বিশ্বস্ত ৰক্ষক চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (“চিডিএছএল”) শিক্ষাৰ্থীৰ বাবে উদ্ভাৱনৰ প্ৰত্যাহ্বান হিচাপে প্ৰথমবাৰৰ বাবে আইডিয়াথন আৰম্ভ কৰিছে। ৰিইমাজিন আইডিয়াথন হৈছে চিডিএছএলৰ বাৰ্ষিক ৰিইমাজিন চিম্পোজিয়ামৰ ফ্লেগশ্বিপ তৃতীয় সংস্কৰণৰ অধীনত হাতত লোৱা এক পদক্ষেপ। আইডিয়াথনৰ লক্ষ্য হৈছে ভাৰতে কেনেদৰে শিকে, বিনিয়োগ কৰে আৰু বিকাশ লাভ কৰে-বজাৰত অংশগ্ৰহণ অধিক দায়িত্বশীল আৰু অন্তৰ্ভুক্তিমূলক কৰি তোলাৰ বাবে সমাধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যুৱ উদ্ভাৱনীমূলক মস্তিষ্কক জড়িত কৰা। অংশগ্ৰহণকাৰীসকলে গেমিফিকেচন, আচৰণগত দিশ, যোগাযোগ, ডিজাইন, প্ৰযুক্তি বা সম্প্ৰদায়-নিৰ্মাণৰ জৰিয়তে ব্যৱহাৰকাৰীৰ পচন্দৰ পথ ব্যৱহাৰ কৰি সমাধান অন্বেষণ কৰিবলৈ মুকলি আছে। এই ব্যৱস্থাই তিনিটা মূল নীতি : সবলীকৰণ, অন্তৰ্ভুক্তি আৰু বিশ্বাসক প্ৰতিফলিত কৰিব লাগে।

“এগৰাকী শিক্ষিত বিনিয়োগকাৰী হৈছে এগৰাকী সুৰক্ষিত বিনিয়োগকাৰী; তেওঁলোকৰ আকাংক্ষাক প্ৰতিফলিত কৰা তথ্যপূৰ্ণ সিদ্ধান্ত লোৱাৰ সামৰ্থ্য থাকিব লাগে।  আমি শিক্ষাৰ্থীসকলক এই ভৱিষ্যৎ  গঢ়াত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।” চিডিএছএলৰ পৰিচালন সঞ্চালক তথা চিইঅ’  নেহাল ভ’ৰাই এইদৰে কয়। আইডিয়াথনত উদ্ভাৱন আৰু সৃষ্টিশীলতাক পুৰস্কৃত কৰা হ’ব, য’ত বিজয়ী আৰ্হিৰ বাবে ৫ লাখ টা, ৰানাৰ্ছ আপৰ বাবে ৩ লাখ আৰু ২ লাখ টকা আৰু চতুৰ্থ আৰু পঞ্চম স্থানপ্ৰাপকক ৭৫,০০০ টকাকে ধৰি মুঠ ১১.৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

গুৱাহাটীত স্থানীয় শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক বিদ্যালয়সমূহে এই পদক্ষেপক বিত্তীয় বজাৰৰ সূক্ষ্মতাৰ সৈতে শিক্ষাৰ্থীকক পৰিচয় কৰাই দিয়াৰ এক সুযোগ হিচাপে লক্ষ্য কৰি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে। বিশ্লেষকসকলে লক্ষ্য কৰিছে যে অসমৰ বিনিয়োগকাৰীৰ সজাগতা বৃদ্ধিৰ লগে লগে আইডিয়াথনৰ দৰে প্লেটফৰ্মে উত্তৰ-পূৰ্বাঞ্চলৰ মূলধনী বজাৰত দায়িত্বশীল অংশগ্ৰহণক উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *