কেৰেটলেনৰ ‘ৰানৱে’ত বিমান পৰিবহণ খণ্ডৰ মহিলাসকলক চমকপ্ৰদ গহণাৰে উদযাপন

টাটাৰ এক সামগ্ৰী কেৰেটলেনে শেহতীয়াকৈ মুকলি কৰিলে এক যুগান্তকাৰী নতুন গহণা সংগ্ৰহ— ৰানৱে, বিমান পৰিবহন খণ্ডৰ মহিলাৰ হৃদস্পন্দন, উচ্চাকাংক্ষা আৰু আড়ম্বৰক উদযাপন। মুম্বাইত আনুষ্ঠানিকভাৱে মুকলিৰ লগে লগে কেৰেটলেন আকাশৰ পথ প্ৰদৰ্শকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা ভাৰতৰ প্ৰথমটো গহণাৰ ব্ৰেণ্ড ৰূপে পৰিগণিত হয়। ইয়াত ৯ কেৰেট আৰু ১৪ কেৰেট আৰু হীৰাত খচিত বিশদভাৱে সজাই তোলা  ২০+ ডিজাইনৰ এক আকৰ্ষণীয় গহণাৰ সৈতে বিমান খণ্ডৰ মহিলাসকলক উদযাপন কৰা হৈছে। এই শুভাৰম্ভণি অভিযানত বাণিজ্যিক পাইলট, যুঁজাৰু পাইলট আৰু কেবিন ক্ৰু পেছাদাৰী বৈশিষ্ট্যসমূহো উপস্থাপন কৰা হয়—প্ৰত্যেকেই প্ৰদৰ্শন কৰে যে কেনেকৈ নিজৰ নিজৰ আকাশৰ প্ৰতি থকা আবেগক পৰিধানযোগ্য শিল্পৰ জৰিয়তে বন্দী কৰা হৈছে। উল্লেখযোগ্য যে এই সংকলনত ভ্ৰাম্যমাণ বিমানৰ মটিফৰ সৈতে গতিশীল টুকুৰাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, কাহিনীৰ সৈতে কাৰুকাৰ্যৰ সংমিশ্ৰণ ঘটোৱা হৈছে। অভিনেত্ৰী তথা অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাইলট গুল পানাগে কেৰেটলেনৰ মুম্বাইৰ বান্দ্ৰা ষ্ট’ৰৰ প্ৰিভিউ ইভেণ্টত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে, এই অনন্য উন্মোচনী অনুষ্ঠানত বাস্তৱ জীৱনৰ কেবিন ক্ৰুৰ সৈতে যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে।

গুল পানাগে এই বিষয়ে মন্তব্য কৰি কয় যে, “এই সংকলনে মোৰ হৃদয়ৰ কথাবোৰেই যেন তুলি ধৰিলে। বিমান পৰিবহণে মোক ডেউকা দিলে আৰু এতিয়া সেই অনুভৱক ষ্টাইলিছ আৰু চিৰস্থায়ীভাৱে উদযাপন কৰা গহনাও আছে। বিমান অনুৰাগীসকলৰ বাবে ই নিশ্চিতভাৱে এক আকৰ্ষণীয় সোপান হ’ব পাৰে। উৰণতকৈ ভাল বস্তু এটাই হ’ব পাৰে আৰু সেয়া হৈছে ষ্টাইলতে উৰণ!” কেৰেটলেনৰ এমডি সৌমেন ভৌমিকে এই বিষয়ে প্ৰকাশ কৰি কয় যে, “ভাৰতৰ বিমান পৰিবহন বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্যোগসমূহৰ ভিতৰত অন্যতম আৰু এই খণ্ডটোত লেডী পাইলটৰ সংখ্যাই অধিক। একক ৰাষ্ট্ৰীয় পৰিবাহক এয়াৰ ইণ্ডিয়াৰ দিনৰ পৰাই এয়াৰক্ৰু সদস্যসকল ষ্টাইল আইকন আৰু উদীয়মান, আধুনিক ভাৰতৰ প্ৰতীক হৈ আহিছে। এই চিন্তাশীলভাৱে ডিজাইন কৰা সংকলনটোৱেই হৈছে আমাৰ আকাশখনক প্ৰতিদিনে অধিক নিৰাপদ, উন্নত আৰু স্মাৰ্ট কৰি তোলা সাহসী মহিলাসকলৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি।”

 সমসাময়িক আৰু বিষয়ভিত্তিক গহণাৰ প্ৰতি বৰ্ধিত ক্ষুধাৰ বাবে পৰিচিত গুৱাহাটীয়ে আশা কৰে যে ‘ৰানৱে’ষ্টাইল আৰু প্ৰতীক দুয়োটাকে মূল্য দিয়া উত্থানত মহিলাসকলৰ সৈতে প্ৰতিটো প্ৰান্ততে অনুৰণিত হ’ব। বিমান পৰিবহণৰ প্ৰতি আগ্ৰহী আৰু ট্ৰেণ্ড মাৰ্কাৰসকলে এই সংগ্ৰহ অনলাইন আৰু দেশজোৰা নিৰ্বাচিত বিপণীসমূহত অন্বেষণ কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *