ব্যতিক্রম মাচডোৱে গুৱাহাটীত ব্যতিক্রম আন্তঃৰাষ্ট্ৰীয় ৰাইটাৰ্ছ মিট ২০২৪ৰ সফল তৃতীয় সংস্কৰণ আয়োজন কৰে

প্রবল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে যোৱা ২২ নবেম্বৰৰ পৰা ২৫ নৱেম্বৰ লৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত সফলভাবে অনুষ্ঠিত হ’ল ব্যতিক্রম আন্তঃৰাষ্ট্রীয় লেখক সমাৰোহ। অসমৰ আগশাৰীৰ সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোরে আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় লেখক সমাৰোহত বিশ্বৰ ৮ খন দেশৰ বিশিষ্ট সাহিত্যিকে অংশগ্রহণ কৰে।এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্রান্তব বিশিষ্ট লেখক, কবি আৰু বুদ্ধিজীবী সকলৰ উপস্থিত থাকে। অসমত প্রথমবাৰৰ বাবে অহা সাহিত্যিক সকল হ’ল জাপানৰ বিশিষ্ট সাহিত্যিক টেন্ডো টাইজিন, চুইজাৰলেণ্ডৰ আলেকজেণ্ডা নিকোড, ছার্বিয়াৰ মিঅ’ ড্রাগ জেকচিচ: কুর্দিশস্থান হুছেইন হাবাচ, ভিয়েটনামৰ ক্লেউ বিচ হাউ, কাও থি হং, মেক্সিকোৰ জৰ্জ কনট্রেৰাছ হেৰেৰা আৰু জর্জ এন্টনিঅ’ গাচিয়া পেবেজ, ইজিপ্তর আহমদ আল শাহবাই আৰু ডঃ চাৰা হামিদ হারাছ প্রমুখ। ভাৰতৰ পৰা ডঃ বেশমা ৰমেশ, অশোক চক্রবর্তী, মিতা দাস পুৰকাস্থ, বিজয় শংকৰ সুৰ, প্ৰফেচাৰ জীৱন নাথ, বিকাশ সৰকাৰ প্রমুখ। ব্যতিক্রম গোষ্ঠীয়েই ২০২২ চনত পোনপ্ৰথম বাৰ আন্তর্জাতিক লেখক সমাৰোহ আয়োজন কৰিছিল। ধাৰাবাহিক ভাবে আয়োজিত কৰা ব্যতিক্রম আন্তঃৰাষ্ট্ৰীয় লেখক সমাৰোহ ২০২৪ চনত এই বর্ষৰ তৃতীয় সংস্কৰণ।

চাৰিদিনীয়া এই লেখক সমাৰোহৰ প্ৰথমদিনা অর্থাৎ ২২ তাৰিখেৰ গুৱাহাটীৰ দিশপুৰ স্থিত অ’ৰাচ মলত কবি সকলৰ সম্ভাষণ আৰু কবিতা চৰ্চাৰ এক আৰম্ভণি অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ প্ৰখ্যাত উপন্যাসী তথা লেখিকা ড° ৰীতা চৌধুৰী, লেখিকা মণিকুন্তলা ভট্টাচার্য, বিশিষ্ট সমাজ সেরক শংঙ্কলাল গোৰেংকাৰ লগতে অতিথি হিচাপে উপস্থিত আছিল অৱসৰপ্ৰাপ্ত এ চি এছ বাজীব শ্বাহদীদ হুছেইন, জেউতী বাণিক্য প্রমুখ। আৰম্ভণি অনুষ্ঠানত জীবন বাম মুংগী দেবী ট্রাষ্টৰ তৰফৰ পৰা সমাজ কর্মী শংকৰ লাল গোরেংকা নিজ হাতেৰে আন্তঃৰাষ্ট্ৰীয় লেখক সকলৰ লগতে প্রখ্যাত উপন্যাসী তথা লেখিকা ড° ৰীতা চৌধুৰী, লেখিকা মণিকুন্তলা ভট্টাচার্য, জেউতী বাণিক্য আৰু ব্যতিক্রম গোষ্ঠীক বঁটা প্রদান কৰে। বঁটা প্রদান কৰি বিশিষ্ট সমাজ সেবক শংঙ্কলাল গোৰেংকাই কয় যে, “আগন্তুক দিনত এই অনুষ্ঠানৰ জৰিয়তে সাহিত্য এক বিৰল সমাবেশ হ’ব। আচলতে সাহিত্যৰ কোনো ভাষা নাই কেবল অনুভব আদান প্রদানৰ এক মাধ্যম। ব্যতিক্রম আন্তঃৰাষ্ট্ৰীয় লেখক সমাৰোহ আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। অনুষ্ঠানত বিদেশী কবি সকলৰ লগতে অসমৰ বহু কেইগৰাকী কবিয়ে স্ব-বচিত কবিতা পাঠ কৰি শ্রোতা দর্শক সকলক অভিভূত কৰে। দ্বিতীয় দিনা অর্থাৎ ২৩ তাৰিখৰ কাৰ্যসূচী অনুষ্ঠিত হয় গুৱাহাটীৰ আমিনগাঁও স্থিত সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ত। অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয়ৰ প্রধান শিক্ষক ড’ দীগন্ত হালদাব। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্র ছাত্রী সকলে এক আকর্ষণীয় নৃত্য পৰিবেশন কৰে। তাৰ পিছতেই চিনাকিপূর্ব সম্পন্ন কৰি সাহিত্যৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰাৰ লগতে কবিতা পাঠ হয়। লক্ষণীয় যে এই শিক্ষা প্রতিষ্ঠানটোব ছাত্র-ছাত্রীসকল আন্তঃবাষ্ট্রীয় লেখক সমাৰোহত অংশগ্রহণ কৰি অভিভূত আৰু উল্লখিত হৈছো। তাৰ পিছতেই গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ত এটি কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে দিছপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড” সুনীতা আগৰৱাল, ইংৰাজী বিভাগৰ মুৰব্বী ড° সঞ্জীব শর্মা, অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ধ্রুরজিৎ গগৈ লগতে অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক হিমাংশু কলিতাৰ পুত্ৰ ৰূপজিৎ কলিতাৰ সৃষ্টিশীল লেখাৰ সংকলন “ভিজনছ এন্ড পদ্য। এ ফিউজন অব ইমেজিনেচন, ফিকচন, এণ্ড পয়েট্রী” মুকলি কৰা হয়। কলেজব ছাত্র-ছাত্রী সকলৰ লগত বিভিন্ন দেশব পৰা অহা লেখক সকলে মত বিনিময় কৰে। ছাত্র-ছাত্রীসকলে বিদেশী লেখক মনোৰঞ্জনৰ বাবে অসমৰ পৰম্পৰাগত বিহু নৃত্য পৰিবেশন করে। অনুষ্ঠানত জাপানৰ বিশিষ্ট সাহিত্যিক টেন্ডো টাইজিনে তেওঁৰ অভিজ্ঞতা বর্ণনা কৰি কয় যে, “এই সমাব্যেহত যোগদান কৰি তেওঁ অত্যন্ত আনন্দিত হৈ পৰিছে। বিশেষকৈ অসমৰ ব্যক্তি সকলৰ অতিথি পৰায়ণ তাৰ কোনো তুলনা নাই বুলি মন্তব্য কৰে।” তাৰ পাছতেই সন্ধিয়াত গুৱাহাটীৰ চান্দমাৰীস্থিত গুৱাহাটী আর্টিষ্ট গীল্ডত বিদেশী লেখক সকলক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী আটিষ্ট গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰকুমাৰ দাস। এই অনুষ্ঠানত বিদেশী লেখক সকলে স্বৰচিত কবিতা আৰু সাংস্কৃতিক আদান-প্রদানৰ ওপৰত আলোচনা কৰা হয়। এই অনুষ্ঠানতও অন্যান্য বিদেশী লেখকসকলৰ লগতে চুইজাৰলেণ্ডৰ আলেকজেনড্রাবে তেওঁলোকৰ এই সমাৰোহত

অভিজ্ঞতাত আপ্লুত হৈ পৰে আৰু এই অভিজ্ঞতা তেওঁলোকৰ মনত সদায় জীয়াই হৈ থাকিব বুলি মন্তব্য কৰে। লেখক সমাৰোহৰ তৃতীয় দিনা অর্থাৎ ২৪ নৱেম্বৰ কৰ্য্যসূচী ঐতিহাসিক কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল ড” পান্নালাল গোস্বামী, ড’ নন্দিতা ভট্টাচার্য, সঞ্জয় চক্রবর্তী, দেবলীনা সেনগুপ্ত, ড” দেবযানী দে, গৌতম ভট্টাচার্য, ড° সুদীপা ভট্টাচার্য, অভিজিৎ দত্ত প্রমুখ। বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ ‘প্রাক্তনী’ দ্বাৰা আয়োজিত এই অনুষ্ঠানত সাহিত্য বিষয়ক এখন সভা অনুষ্ঠিত হয়। য’ত ছাত্র-ছাত্রী সকলে কবিতা পাঠ কৰাৰ লগতে নৃত্য প্রদর্শন কবে। উল্লেখযোগ্য যে এই অনুষ্ঠানত প্ৰফেচাৰ জীৱন নাথৰ ‘নাথযোগ নিবন্ধকৃৎস্ন’, ‘চর্যাপদেৰ ৩ কবি’, ‘আমাদের পূর্বপুৰুষ’, ‘অদ্বীপ’, ‘মৎস্যেন্দ কথানক’, ‘একাঙ্কিকা’, ‘চৌদ্দপদী সনেট’ আৰু বিজয় শংকৰ সুৰৰ ‘ত্রিখণ্ডিত ভাৰত দর্পন’, ‘গোপন প্রেমেৰ দৰ্শন’ পুঁথি উন্মোচন কৰা হ’য়। সন্ধিয়া খানাপাৰাস্থিত হোটেল ভিভান্তাত বিদেশী লেখক আৰু স্থানীয় লেখক সৈতে এখন সাহিত্য বৈঠক আয়োজন হয়। বৈঠকত অতিথি হিচাপে উপস্থিত হোরা ভিভান্তাব এড়িয়া ডাইৰেক্টব জয়ন্ত কুমাৰ দাসক ব্যতিক্ৰমৰ উপদ্রেষ্টা অমৰেশ ৰায় আৰু সভাপতি ড° সৌমেন ভাৰতীয়া তেওঁ ব্যতিক্ৰমৰ বাবে আগবঢ়াই অহা সহযোগিতাৰ প্রতি লক্ষ্য বাখি এক বিশেষ বঁটা প্রদান কৰা হয়। বিদেশী কবি সকলৰ লগত বার্তালাপ কৰাৰ লগতে কবিতা পাঠ কৰে পাৰমিতা নাগ দে, বানা মহন্ত, ওম এছ ভবেণ্যম, অভিজিৎ গগৈ, মীনাক্ষী গোস্বামী প্রমুখ। চতুর্থ তথা অন্তিম দিনা ২৫ নৱেম্বৰ গুৱাহাটীৰ লেণ্ডমার্ক হোটেলত দেশ-বিদেশী লেখক সকলক বিদায় সম্বর্ধনা জনাই ব্যতিক্রম লেখক সমাৰোহ তৃতীয় সংস্কৰণ সফল সমাপ্তি ঘটে। ব্যতিক্রম মাছডোৰ সভাপতি ড° সৌমেন ভাৰতীয়াই কয় যে, “বিভিন্ন দেশৰ বিশিষ্ট সাহিত্যিক সকলক আমন্ত্ৰণ কৰি আমি সঁচাকৈয়ে সম্মানিত আৰু আনন্দ অনুভৱ কৰিছোঁ। বর্তমান সময়লৈকে আমাৰ সৈতে ২৮ খন দেশে আমাৰ এই লেখক সমাৰোহত অংশ গ্রহণ কৰিছে। এই বর্ষতও ৮ খন দেশ অংশগ্রহণ কৰিছে। আমি আন্তৰিকতাৰে বিচাৰোঁ, অসমৰ সৈতে বিশ্বৰ সাহিত্যৰ সৈতে ঘনিষ্ট সম্পর্ক গড়ি উঠক। আমি যোৱা বছৰতও একে সময়তে আন্তর্জাতিক লেখক সমাৰোহৰ আয়োজন কৰিছিলোঁ আৰু আমি প্রতিশ্রুতিবদ্ধ যে প্রতিবছৰ আমি লেখকসকলৰ সাহিত্য চর্চাৰ বাবে এখন মঞ্চ আগবঢ়াই যাম। এইবাৰৰ সমাৰোহত আমাৰ সৈতে সহযোগ কৰা সকলোকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *