অসমব অগ্রণী সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোয়ে নাৰীসকলক তেওঁলোকৰ উদ্যোগীকৰণব প্রচেষ্টাত সবলীকৰণ আৰু অনুপ্রাণিত কৰাৰ উদ্দেশ্যে অহা ১০ আগষ্ট তারিখে খানাপাৰাস্থিত হোটেল ভিভান্তাত আয়োজন কৰিছে ‘ব্যতিক্রম র’মেন কনক্লেভ ২০২৪”। এই কনক্লেভব সম্পর্কত বিতং বিরকণব ব্যাবে ৫ আগষ্টত তাৰিখে ব্যতিক্রম কার্যালয়ত এখন সংবাদ মেলব আয়োজন কৰা হৈছিল। সংবাদ মেলত উপস্থিত থাকে ব্যতিক্রম মাছডোব সভাপতি ড’ সৌমেন ভাবতীয়া, আন্তাবাস্ত্রীয় সামাজিক আৰু সাংস্কৃতিক প্রতিনিধি চিনু কিশোর, মডেল অনুষ্কা লেখাক, শিল্পী অনন্য মহন্ত, আর্জে আলিয়া প্রমুখ। ব্যতিক্রম র’মেন কনক্লেভ ২০২৪-ব লক্ষ্য হৈছে উত্তৰ-পূবব মহিলা উদ্যোগীসকলক নেটৱর্কিং শিক্ষণ আৰু সফল ব্যাবসায়িক মূল্যবান অন্তর্দৃষ্টি লাভ কৰাব এক মঞ্চ প্রদান করা।
অনুষ্ঠানটিত ভাষণ, আলোচনা চক্র, প্রদর্শনীব লগতে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানবো আয়োজন কৰা হৈছে। উত্তৰ-পূর্বাঞ্চলৰ মহিলাসকলক তেওঁলোকৰ অভিজ্ঞতা, প্রত্যাহ্বান, সফলতাৰ কাহিনীসমূহ আদান-প্রদান কৰাব লগতে সম্মুখীন হোৱা অন্যান্য সমস্যাসমূহৰ ওপৰতো আলোচনা আৰু সমাধানৰ বাবে এই কনক্লেভব লক্ষ্য হাতত লোৱা হৈছে। অনুষ্ঠানৰ আৰম্ভণিত নিজৰ বিশেষজ্ঞতাৰ ক্ষেত্রত উল্লেখযোগ্য সফলতা অর্জন করা মহিলাসকলৰ সফলতাৰ কাহিনীৰ ওপৰত আলোকপাত কৰা হ’ব য’ত উপস্থিত থাকিব নেবিম গ্রুপ অব ইনস্টিটিউচনৰ সঞ্চালক ড° সংগীতা ত্রিপাঠী, শিক্ষাবিদ তথা জ্ঞান এডুকেচনেল ট্রাস্টর সভাপতি জয়শ্রী ঘোষ, সামাজিক উদ্যোগী কিবণ বড়ো, উদ্যোগী স্বর্ণালী চৌধুৰী, মুখ্য জেনেবেল মেনেজাৰ আৰু হেড ফাইনেন্স, কর্পবেট ফাইনেন্স চার্ভিচেছ গ্রুপ, ওএনজিচি, নতুন দিল্লীৰ চিত্রালী গোস্বামী প্রমুখ।
লগতে তিনিটাকৈ গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত আলোচনাচক্র অনুষ্ঠিত হ’ব। য’ত মহিলাসকলৰ সফলতা, বিফলতা আৰু সমস্যা সমাধান ওপৰত আলোচনা কৰা হ’ব। এই অনুষ্ঠানে মহিলাসকলৰ সমাজত সজাগতাৰ লগতে অর্থনৈতিক ক্ষেত্র খনত আগুৱাই যোৱাত সহায় কৰিব। অনুষ্ঠানটিত অংশগ্রহণ কবির লোকসভাৰ প্রাক্তন সদস্য, অভিনেত্রী তথা শাস্ত্রীয় নৃত্যশিল্পী লকেট চেটার্জী, বিশিষ্ট সংগীত শিল্পী মনীষ্য হাজৰিকা, লেখিকা ড’ বীতা চৌধুৰী প্রমুখ। গুৱাহাটীত বাংলাদেশৰ মেডাম এছিষ্টেন্ট হাইকমিছনাব ড’ নবনিতা হক, অবসরপ্রাপ্ত পৰিচালন সঞ্চালক আৰু মুখ্য কার্যবাহী বিষয়া নর্থ ইষ্ট ক্ষুদ্র বিত্তীয় বেংক লিমিটেডৰ ৰূপালী কলিতা, এ এম টেলিভিছন প্রাইভেট লিমিটেড গ্রুপব প্রেছিডেন্ট ড’ অক্ষতা নাৰায়ণ, পরামর্শদাতা স্ত্রীরোগ বিশেষজ্ঞ সঞ্চালক সম্পূর্ণ রমেন কেয়াব আই বি এফ ড’ সুতপা সেন (এম ডি), আন্তঃৰাষ্ট্ৰীয় সামাজিক আৰু সাংস্কৃতিক প্রতিনিধি চিনু কিশোর, শ্রীমন্ত শংকৰদের বিশ্ববিদ্যালয়ৰ অধ্যাপক ড’ মাধর বৰা, অসম চৰকাৰ কাৰ্যবাহী অভিযন্ত্র ড’ কবি দাস, সৌন্দর্য বিশেষজ্ঞ শাহনাজ মহফিকা, উদ্যোগী ললিতা মধু জৈন, লেখিকা সুস্মিতা নাথ, পুষ্টিবিদ আৰু স্বাস্থ্য প্রশিক্ষক শ্বেতা হিমৎসিংকা, যোগ বিশেষজ্ঞ সুচন্দ্র বয়, বাস্তু বিশেষজ্ঞ ড’ কবরী বেজবৰবা, মেকআপ আর্টিস্ট জেছমিন চুলতানা আৰ জে মেন্ডী, শিক্ষাবিদ আৰু সমাজকর্মী অন্তবা পাল, জনপ্রিয় অভিনেতা প্রীতি কংগনা, ডিজাইনাৰ তথা প্রতিষ্ঠাপক মমি’ছ বার্ডববব মমি বৰা, মডেল তথা অভিনেতা ডালম্বী দেউৰী, শিল্পী আব্দুল ভট্টাচার্য, ফেশন ডিজাইনাৰ দীপশিখা কাশ্যপ, সক্রীয়া নৃত্যশিল্পী তথা উদ্যোগী মনুস্মতা দাস বৰা, উদ্যোগী চৈত্রালী সেনগুপ্ত প্রমুখ।
সংবাদ মেলত উপস্থিত ব্যতিক্রম মাছডোব সভাপতি ড’ সৌমেন ভাৰতীয়াই কয় যে বর্তমান সময়ত দেখা গৈছে যে মহিলাসকল বিভিন্ন দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেয়া লাগিলে আন্তবাষ্ট্রীয় দিশতে হওক বা ৰাষ্ট্ৰীয় পর্যায়তে হওক। আমি ইয়াৰ পূৰ্বেও মহিলা সকলক লৈ বহু কেইটা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰিছোঁ। বিশেষকৈ ৰেষ্টপেক্ট র’মেনহুড নামৰ এটা অনুষ্ঠান কৰিছিলোঁ আৰু এই ব্যতিক্রম র’মেন কনক্লেভটো ইয়াৰে এটা অংশ। আমি আশাবাদী যে এই কনক্লেভে মহিলাসকলক আৰু বেছি শক্তিশালী কৰি তুলিব। এই কনক্লেভৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সামাজিক আৰু সাংস্কৃতিক প্রতিনিধি চিনু কিশোৰে কয় যে, “মই যোৱা বছৰ অনুষ্ঠানটো উপস্থিত আছিলোঁ সঁচাকৈ ক’ব গ’লে এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ মহিলা সকলে কাম কৰা আৰু আগবঢ়াই যোৱাত বহুতো সহায় কৰিব আৰু এই অনুষ্ঠানটোৰ জৰিয়তে ব্যতিক্রমে মহিলাসকলৰ এনে এখন মঞ্চ প্রদান কৰিছে য’ত একেলগে সকলো দিশত কাম কৰা মহিলাসকলৰ বাবে নেটৱর্কিং, শিক্ষণ আৰু সকলো দিশতে জ্ঞান লাভ কৰিব পাৰিব। আমি আশাবাদী যে যোৱা বছৰৰ দৰে এই অনুষ্ঠানে শিখৰ চুব।” উল্লেখ্য আলোচনাচক্ৰৰ শেষত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব- য’ত অংশগ্ৰহণ কৰিব অনন্যা মহন্ত, তনুশ্রী দত্ত, অন্বেষা বৰুৱা, অর্জিতা প্রিয়ম শর্মা, অংকিতা কুলাবি, প্রণিতা তালুকদাৰ প্রমুখ।