উত্তৰ-পূব ভাৰতত শৈক্ষিক সহযোগিতা আৰু উদ্ভাৱনক আগুৱাই নিবলৈ আয়োজন ব্যতিক্ৰম শিক্ষা সন্মিলন ৪.০ৰ

ব্যতিক্রম’ৰ উদ্যোগত অহা ৩০ আৰু ৩১ মে’ গুৱাহাটীৰ নেডফি প্রেক্ষাগৃহত ‘ব্যতিক্রম এডুকেশন কনক্লেভ ৪.০’ অনুষ্ঠিত হ’বলৈ গৈ আছে। সহযোগত আছে দ্যা টাইমস অফ ইন্ডিয়া, জেআইএস গ্রুপ অফ ইনষ্টিটিউট ও নেবিম গ্রুপ অফ ইনষ্টিটিউট। এই সন্দর্ভত আজি গুয়াহাটি প্রেস ক্লাবত এখন সংবেদমেল’ৰ আয়োজন হয়। প্রথম আৰু দ্বিতীয় দিনৰ অনুষ্ঠানত মোট ৩২ জন বিশেষজ্ঞ, শৈক্ষিক বিষয়া, চৰকাৰী কৰ্মচাৰী, আৰু প্রযুক্তিবিদ্যাৰ কর্মকর্তা সকলে গুরুত্বপূর্ণ ৬ টা বিষয়ৰ ওপৰত অর্থপূর্ণ দৃষ্টিভংগীক মঞ্চলৈ লৈ অনাৰ লগতে উত্তৰ-পূব আৰু ইয়াৰ বাহিৰৰ দেশৰ শিক্ষা পৰিৱেশ ব্যবস্থা গঢ় দিয়াৰ বিষয়ে অন্তদৃষ্টি ভাগ-বতৰা কৰিব।

অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব নেৰিম গ্রুপ অফ ইনষ্টিটিউট’ৰ পৰিচালক ড’ সঙ্গীতা ত্রিপাঠী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মহাপুৰুষ শ্রীমন্ত শংকৰদের বিশ্ববিদ্যালয়’ৰ প্রাক্তন উপাচার্য ড’ মৃদুল হাজৰিকা, সাইবিকাশৰ পৰিচালক পি এছ ৰেড্ডি, অসম বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য প্রফেছাৰ ড’ দীলিপ নাথ, নেপনি গ্রুপ অফ ইনষ্টিটিউট’ব কার্যবাহী সভাপতি বাবুল আলি, সাবলা বিৰলা জ্ঞান জ্যোতিৰ অধ্যক্ষ ড’ দিগন্ত হালদাব, সাউথ পয়েন্ট স্কুল’ৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দ, দিসপুৰ কলেজৰ অধ্যাপক ড’ সঞ্জীব কুমাৰ শর্মা, জে আই এছ গ্রুপ মুখ্য কার্যবাহী বিষয়া বিদ্যুৎ মজুমদাৰ, এস্পাইবিং লাইফ’ৰ পৰিচালক চৈতলী সেনগুপ্ত, অনলী ছেইফ’ৰ অমিতাভ দত্ত প্রমুখ। শিক্ষাৰ ক্ষেত্রত আজীবন অবদান স্বরূপ প্রফেছাৰ লেখক ড° জীবন নাথ’ক ব্যতিক্রম আজীবন সম্মানেৰে সম্মানিত কৰা হ’ব। লগতে সম্মানিত কৰা হ’ব শিক্ষাৰ ক্ষেত্ৰত জড়িত ৩০ গৰাকী অধ্যক্ষ’ক।

অনুষ্ঠানৰ সম্পর্কে ব্যতিক্রম সভাপতি ড’ সৌমেন ভাৰতীয়া কয় যে, “এতিয়ালৈকে ব্যতিক্রম শিক্ষা সম্মিলন’ৰ তিনিটা সংস্কৰণ সফলতাবে সম্পূর্ণ কবি আমি গৌৰৱান্বিত। চতুর্থ সংস্কৰণৰ জৰিয়তে আমি এই পদক্ষেপক আৰু অধিক আগুবাই নিয়াৰ লক্ষ্য ৰাখিছো, সমগ্র পূব ভাবতত আমাৰ প্রসাব সম্প্রসাবণ অবিৰতভারে থাকিব। আমাৰ লক্ষ্য হৈছে শিক্ষাবিদ, ছাত্র-ছাত্রী আৰু নীতি নির্ধাৰকসকলক সংযোগ কৰি ধাৰণাসমূহৰ আদান-প্রদান আৰু শিক্ষা খণ্ডত ইতিবাচক পরিবর্তন আনিব পৰাকৈ এক মঞ্চ গঢ়ি তোলা”। সাংবাদিকৰ আগত জে আই এছ গ্রুপ’ৰ মুখ্য কার্যবাহী বিষয়া বিদ্যুৎ মজুমদায় কয় যে ‘ব্যতিক্রম মাছডোৰ উদ্যোগত গুৱাহাটীত আয়োজিত ব্যতিক্রম শিক্ষা সম্মিলনৰ চতুর্থ সংস্কৰণে ভাৰত আৰু উত্তৰ-পূর্বাঞ্চলৰ মাজত সীমা অতিক্রম কবি শৈক্ষিক সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্রত এক নতুন পৰিবর্তনত বিশেষ ভূমিকা যোগাব”। অনুষ্কা লেখাক-এ কয় যে, “ব্যাতিক্রম এডুকেশন কনক্লেভ কেবল এটা অনুষ্ঠান-এ নহয়, ই সকলোবে বাবে এখন ডাঙৰ মঞ্চ য’ত সকলোরে একেলগে নতুন চিন্তা আৰু ক্যাবিয়াৰৰ পথ বাঁচি লোয়াত সহায় কবিব”। অনুষ্ঠানত সকলোৰে বাবে প্রবেশ মুকলি।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *