ব্যতিক্রম আয়েজিত নাগাল্যাণ্ড’ৰ ডিমাপুৰৰ্ত অবস্থিত লটিকা চিনেমা হ’ল ত ১৭ মে তাৰিখে ‘ব্যতিক্রম এডুকেশন কনক্লেভ ৩.০’ সফল সমাপ্তি। শিক্ষা ক্ষেত্র খনৰ জটিল শৈক্ষিক সমস্যাসমূহৰ সমাধান আৰু ছাত্র-ছাত্রীসকলক জ্ঞাত কেৰিয়াৰ বাছনিৰ দিশত পথ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেৰে অসমৰ সামাজিক তথা সাংস্কৃতিক সংস্থা ব্যতিক্ৰমৰ এক বিশেষ পদক্ষেপ। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হোৱা দিনজোৰা সম্মিলনখনত সমগ্র অঞ্চলটোৰ ছাত্র-ছাত্রী, শিক্ষাবিদ, নীতি নির্ধাৰক, আৰু সব সম্প্রদায়ৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে। ব্যতিক্রম এডুকেশন কনক্লেভ ৩.০ অনুষ্ঠানটিত উদ্বোধনক হিচাপে উপস্থিত আছিল নাগাল্যাণ্ডৰ ৰাজ্যপাল লা গণেশন। আৰম্ভণিত ৰাষ্ট্ৰীয় সংগীত আৰু প্রদীপ প্রজ্বলনৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি হয়। অনুষ্ঠানটি আকর্ষণ কৰে নাগাল্যাণ্ডৰ সমৃদ্ধ লোক-সংস্কৃতিক প্রদর্শনেৰে। অনুষ্ঠানত উপস্থিত হয় নাগাল্যাণ্ডৰ ৰাজ্যপাল লা গণেশন কয় যে “আমাৰ ভৱিষ্যত গঢ় দিয়াত শিক্ষাৰ শক্তিক উজ্জ্বল কৰি তোলা এই মঞ্চ ব্যতিক্রম এডুকেশন কনক্লেভ ৩.০ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত হৈছো। ভবিষ্যত বাছনি, আঞ্চলিক সংযোজন, শিক্ষাৰ ভৱিষ্যতৰ ওপৰত এনে এক অর্থপূর্ণ আলোচনাত ছাত্র ছাত্রী সকলক এনেকৈ একত্রিত কৰাৰ বাবে আয়োজক সকলক অভিনন্দন জনাইছো”। আজিৰ প্ৰজন্মক যুৱক-যুৱতীসকলক দিশ নির্দেশনা, দক্ষতা, প্ৰেৰণাৰ খুবেই প্রয়োজন। সঠিক কেৰিয়াৰ বাছি লোৱাটো কেৱল চাকৰিৰ কথা নহয়, উদ্দেশ্য প্রণোদিত জীৱন গঢ়াৰ কথা। এই সম্মিলনে যুৱ মনক জ্ঞাত সিদ্ধান্তৰ দিশত পথ প্রদর্শন কৰাত সহায় কৰি নতুন পৰিবৰ্তন আনিব।
অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ গণ্যমান্য ব্যক্তি আৰু অৱদানকাৰীসকলক স্বীকৃতি প্রদান কৰি সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ পিছত বক্তৃতা অধিবেশন অনুষ্ঠিত হয়, য’ত বিশেষজ্ঞ বক্তাসকলে ভাৰতৰ বিকশিত শৈক্ষিক পৰিৱেশৰ বৰ্তমানৰ প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। লগতে বিশিষ্ট অতিথি হিসাবে উপস্থিত থাকে ভাৰতীয় জনতা পার্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি আৰু অধ্যক্ষ MARCOFED বিজেপি’ৰ ৰাষ্ট্ৰীয় উপসভাপতি ড° এম চুবা আও, দ্যা টাইমস অফ ইন্ডিয়া’ৰ মানস গগৈ, জেআইএস’ৰ কমিউনিকেশন এ্যন্ড পাবলিক ৰিলেশন সুনীল কুমাৰ, নেপনি’ৰ বশিদা বেগম, নাগালেণ্ডৰ ভাৰত সেবাশ্রম সংঘৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ স্বামী চিন্মময়নন্দ জী, অনলী ছেইফ’ৰ অমিতাভ দত্ত, ছেইণ্ট মেৰীছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এডমিনিস্টেটি প্রতীক দত্ত, উদ্যোগী নৰেশ জেইন, আনন্দ আয়ৰ, ড° সৌমেন ভাৰতীয়া প্রমুখ। অনুষ্ঠানৰ বিষয়ে ব্যতিক্ৰমৰ পৃষ্ঠপোষক ড° সৌমেন ভাৰতীয়াই কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, “ব্যতিক্রম এডুকেশন কনক্লেভে শিক্ষা আৰু আকাংক্ষাক সফলতাৰে সেতুবন্ধন কৰিছে। ইয়াৰ আগতে বহু বাৰ শিক্ষা আৰু সাংস্কৃতিক জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল, ভাৰতৰ আৰু ভাৰতৰ বাহিৰ সম্পৰ্ক গৃহ কৰাৰ উদ্দেশ্যেৰে বহু অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এই কনক্লেভত পূব ভাৰতৰ সুনামধন্য প্রতিষ্ঠানসমূহৰ অংশগ্রহণ আৰু চিন্তাশীল নেতাৰ প্ৰেৰণাদায়ক উপস্থিতিত আমি আপ্লুত হৈছো। ব্যতিক্ৰমৰ এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীক সবলীকৰণৰ দিশত এক নতুন পদক্ষেপ ল’ব। উত্তৰ-পূৰ্বাঞ্চল তথা পূব-ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সৈতে ব্যতিক্রম এডুকেশন কনক্লেভ ৩.০-এ শৈক্ষিক উন্নয়ন আৰু ছাত্রকেন্দ্রিক আলোচনাৰ ওপৰত গুৰুত্বৰ প্রভাৱ পেলাব।” ডঃ এম চুব আও মঞ্চত বক্তৃতা দিয়াৰ সময় ব্যতিক্রমক প্রশংসা কৰাৰ লগতে কয় যে, “আজি নাগাল্যাণ্ডৰ চহকী সংস্কৃতিৰ প্রদর্শিত হোৱা দেখি মইও গৌৰৱান্বিত হৈছো। এই অনুষ্ঠানটো জৰিয়তে আমি আমাৰ সংস্কৃতি সন্মান কৰি শিক্ষাৰ জগত খনত আগবাঢ়ি গৈয় নতুন পৰিবৰ্তন আনিম। সকলো ছাত্র-ছাত্ৰীলৈ অনুৰোধ ডাঙৰ সপোন দেখক, কৌতূহলী হৈ থাকক, আৰু সততাৰে কাম কৰক। আপোনাৰ যাত্রা গুরুত্বপূর্ণ, আৰু আপোনাৰ জীৱনৰ এই খিনি সুনালি সময়। শিক্ষায় আমাক কেৱল চাকৰি নিদিয়ে, জীবন নির্বান কৰাত নতুনত্ব দিয়ে”।
স্বামী চিন্ময়ানন্দ জী বলেন, “শিক্ষাৰ লগত আমাৰ আধ্যাত্মিক বিকাশও দৰকাৰ”। ব্যতিক্রম এডুকেশন কনক্লেভত তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাৰ আয়োজন কৰে। প্রথম আলোচনা বিষয় আছিল “সঠিক কেৰিয়াৰ পথ বাছি লোৱা” আলোচনাত অংশ লৈছে সুনীল কুমাৰ, সাগৰ শৈইকীয়া, ৰশিদা বেগম, অমিতাভ দত্ত, মুজাম হুসেন বৰভূঞা, চি পি এনঠো। দ্বিতীয়টো বিষয় আছিল “পূব ভাৰত আৰু সমগ্ৰ ভাৰতৰ অধ্যয়নৰ পিছত প্লেচমেণ্টৰ সুযোগ” আলোচনাত সহযোগীতা কৰে ৰাহুল ভট্টাচার্য, নগেম ৰাজক, আজিজুৰ ৰহমান, প্রতীক দত্ত। তৃতীয় বিষয়টো আছিল “উন্নত ভৱিষ্যতৰ বাবে শিক্ষা” উপস্থিত আছিল তমাল নাথ, ড° লিলি আই তেৰংপি, ড’ অঞ্জন বাহিৰা, অমিত প্ৰৱণ বৰঠাকুৰ। শৈক্ষিক ক্ষেত্ৰখনত বিশিষ্ট ব্যক্তি আৰু চিন্তাবিদ সকলৰ উপস্থিত তিনিটা বিষয়ৰ উপৰতে অন্তর্দৃষ্টিসম্পন্ন আলোচনা কৰে। সমগ্র অনুষ্ঠানত বিশিষ্ট ব্যক্তি আৰু শৈক্ষিক পেছাদাৰীসকলৰ উপস্থিতিয়ে তিনিওটা পেনেল আলোচনা অর্থপূর্ণ কৰি তুলিছে যিয়ে নিজৰ বৈচিত্র্যময় দৃষ্টিভংগীক মঞ্চলৈ লৈ অনাৰ লগতে ছাত্র-ছাত্রী সকলক উৎসাহিত কৰে। এই আলোচনা চক্র সমোহৰ উদ্দেশ্য আছিল ছাত্র-ছাত্রীসকলক তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী ভৱিষ্যতৰ বিষয়ে জ্ঞাত সিদ্ধান্ত লোৱা আৰু পথ প্রদর্শন কৰা। অলোচনাচক্ৰৰ মাজতে সুনিল কুমাৰে কয় যে, আজি এই আলোচনাৰ বিষয় বোৰে বহু যুৱ মনৰশৈক্ষিকজ্ঞাত সিদ্ধান্ত লোৱাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আলোচক হিচাপে আমন্ত্ৰণ কৰা এনে চিন্তাশীল বক্তিৰ বক্তৃতাৰে অনুষ্ঠানটো আৰু অধিক গভীৰ কৰি তোলে। মই আশাবাদী যে এই আলোচনায় শৈক্ষিক ক্ষেত্রত ইতিবাচক প্রভাৱ পেলাব।