গুৱাহাটীত নতুন অভিজ্ঞতা কেন্দ্ৰ মুকলিৰ ব্যৱসায় সম্প্ৰসাৰণ ব্লুমৰ

132

ব্লুম ইণ্ডিয়াই উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ তথা প্ৰাণৱন্ত চহৰ গুৱাহাটীত প্ৰথমটো অভিজ্ঞতা কেন্দ্ৰ মুকলি কৰিলে। জৈন ইণ্টেৰিয়ৰ ছল্যুচনৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰা এই কেন্দ্ৰটো ব্লুমৰ ৰাষ্ট্ৰীয় পদচিহ্নত এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ চিহ্নিত হৈছে। গ্ৰাহক অভিজ্ঞতা কেন্দ্ৰ মুকলিৰ এই মাইলৰ খুঁটি অনুষ্ঠানত ব্লুম ইণ্ডিয়াৰ পৰিচালন সঞ্চালক নাদিম পত্নি আৰু জৈন ইণ্টেৰিয়ৰ চল্যুচনৰ মালিক ৰবি জৈনক আদৰণি জনাই অঞ্চলটোৰ আচবাব ক্ষেত্ৰখনত উৎকৃষ্টতাৰ বাবে নিজৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

উত্তৰ-পূবৰ অব্যৱহৃত সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নাদিম পত্নিয়ে কয় যে- “ভাৰতৰ উত্তৰ-পূব অঞ্চলটোৱে ভৌগোলিক অৱস্থিতিৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু এই অঞ্চলটোত চলি থকা অৰ্থনৈতিক অগ্ৰগতিৰ লগে লগে অপৰিসীম সম্ভাৱনা আনি দিছে। এই সুযোগ গ্ৰহণ কৰি ব্লুম ইণ্ডিয়াই আমাৰ প্ৰথম অভিজ্ঞতা কেন্দ্ৰ জৈন ইণ্টেৰিঅ’ৰ চল্যুচন মুকলি কৰাৰ কথা ঘোষণা কৰিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰিছে।” ৰবি জৈনে এই অনুভূতিক অনুৰণিত কৰি এই অংশীদাৰিত্বৰ প্ৰতি গ্ৰাহকৰ আস্থা ব্যক্ত কৰি কয় যে, “জৈন ইণ্টেৰিয়ৰ চল্যুচনৰ গৰাকী হিচাপে আমি ব্লুমৰ দৰে প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আমি অতিশয় আনন্দিত, কিয়নো ব্লুমৰ অসাধাৰণ মানদণ্ড আৰু এই ক্ষেত্ৰখনত উদ্ভাৱনেৰে আচবাব ফিটিংছৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড স্থাপন কৰি যথেষ্ট খ্যাতি অৰ্জন কৰিছে।”

এই কেন্দ্ৰটোত ব্লুমৰ প্ৰশংসিত সামগ্ৰীসমূহৰ বাচনি কৰাৰ সুবিধা পাব, য’ত আছে স্বজ্ঞাত লিফ্ট-আপ ব্যৱস্থা, বক্স চিষ্টেম, পুল-আউট সমাধান, শক্তিশালী হিঞ্জ আৰু অত্যাধুনিক গতি প্ৰযুক্তি ইত্যাদি। এই আটাইবোৰ বৈশিষ্ট্য অন্বেষণ কৰি নিজৰ ঘৰখন বা লিভিং স্পেছক অতুলনীয় ৰূপ দিবলৈ আৰু ৰূপান্তৰ কৰি অনন্য ৰূপত তুলি ধৰিবলৈ সকলোবোৰ গৃহৰ স্বত্বাধিকাৰী, ইণ্টেৰিঅ’ৰ ডিজাইনাৰ আৰু আচবাব পেছাদাৰীসকলক স্বাগতম জনাইছে।