ব্লু ষ্টাৰে ইয়াৰ নতুন বিস্তৃত পৰিসৰৰ ৰুম এচি উন্মোচন কৰে

108

ব্লু ষ্টাৰ লিমিটেডে আজি আগন্তুক গ্ৰীষ্মকালীন ছিজনৰ বাবে ‘বেষ্ট-ইন-ক্লাছ এফৰ্ডেবল’ ৰেঞ্জ আৰু ‘ফ্লেগশ্বিপ প্ৰিমিয়াম’ ৰেঞ্জকে ধৰি নিজৰ নতুন বিস্তৃত ৰেঞ্জৰ ৰুম এচি মুকলি কৰিছে। সামগ্ৰিকভাৱে কোম্পানীয়ে ইনভাৰ্টাৰ, ফিক্সড স্পীড আৰু উইণ্ড’ এচিৰ বৰ্ণালীত আৰু সকলো গ্ৰাহকৰ প্ৰাইচ পইণ্টসমূহ চিনাক্ত কৰি ১০০ৰো অধিক মডেল মুকলি কৰিছে। অধিক ব্যৱহাৰযোগ্যতা, উপাৰ্জন বৃদ্ধি পোৱা মধ্যবিত্তীয় গ্ৰাহক আৰু এই শ্ৰেণীৰ বিলাসীতাতকৈ অধিক প্ৰয়োজনীয় হৈ পৰাৰ বাবে বজাৰত ৰুম এচিৰ যথেষ্ট চাহিদা দেখা গৈছে। বিশেষকৈ টায়াৰ ২, ৩ আৰু ৪ বজাৰৰ লগতে ৰিপ্লেচমেণ্ট বজাৰত প্ৰথমবাৰৰ বাবে ক্ৰেতাসকলৰ পৰা কোম্পানীটোৱে চাহিদা লাভ কৰিছে। ব্লু ষ্টাৰে এই ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে বহুতো সামগ্ৰী মুকলি কৰিছে, এই এচিসমূহৰ উৎপাদন, অনুসন্ধান আৰু বিকাশ তথা উদ্ভাৱন ক্ষমতাৰ সহায় লৈ নতুন, পৃথক আৰু শ্ৰেণীৰ ভিতৰতে শ্ৰেষ্ঠ এচিসমূহ মুকলি কৰিছে।

কোম্পানীটোৱে ইনভাৰ্টাৰ স্প্লীট এচি ছেগমেণ্টত তিনিটা ছেগমেণ্ট মুকলি কৰিছে। ইয়াৰ ভিতৰত আছে ২ ষ্টাৰ, ৩ ষ্টাৰ, আৰু ৫ ষ্টাৰ ভেৰিয়েণ্টৰ ফ্লেগশ্বিপ, প্ৰিমিয়াম আৰু সুলভ ৰেঞ্জ, যিবোৰ ০.৮ টিআৰৰ পৰা ২.২ টিআৰলৈকে বিভিন্ন শীতল ক্ষমতাত উপলব্ধ, যিসমূহৰ প্ৰাৰম্ভিক মূল্য ২৯,৯৯০ টকা। শেহতীয়াকৈ মুকলি কৰা নতুন এচিসমূহত গ্ৰাহকৰ অনুকূল বিভিন্ন বৈশিষ্ট্য সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত আছে ‘এআই প্ৰ’’ নামৰ এটা নতুন উদ্ভাৱনী বৈশিষ্ট্য, যি হৈছে বিভিন্ন পেৰামিটাৰ অনুভৱ কৰা, এডজাষ্ট কৰিব পৰা আৰু সৰ্বোচ্চ আৰাম প্ৰদান কৰা এক জটিল আৰু স্বজ্ঞাত এলগৰিদম। ইয়াৰ লগতে এইবোৰত দ্ৰুত শীতলতাৰ বাবে ‘টাৰ্বো কুল’ৰ দৰে সুবিধা ৰখা হৈছে; ‘কনভাৰ্টিবল ৬-ইন-১ কুলিং’ য’ত গ্ৰাহকে শীতল ক্ষমতা ওপৰলৈ বা তললৈ সলনি কৰিব পাৰে; আৰু নেনো ব্লুপ্ৰটেক্ট প্ৰযুক্তি আৰু হাইড্ৰফিলিক ‘ব্লু ফিন’ আৱৰণ, আইডিইউ আৰু অ’ডিইউ দুয়োটাৰে বাবে কইলৰ জাৰণ(কৰছন) আৰু লিকেজ ৰোধ কৰিবলৈ আৰু ক্ৰমে দীৰ্ঘসময় ব্যৱহাৰৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে। আন কিছুমান অনন্য বৈশিষ্ট্যৰ ভিতৰত আছে ডিজিকিউ পেণ্টা চেন্সৰ, যিয়ে অতুলনীয় সঠিকতা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰে; একেধৰণৰ শীতলতাৰ বাবে এটা ৪-ৱে ছুইং(দোলন); দ্ৰুত আৰু ফলপ্ৰসূ শীতলতাৰ বাবে উচ্চ শীতল কাৰ্যক্ষমতা; প্ৰতি ০.৫ ডিগ্ৰী চেলছিয়াছত উষ্ণতা নিৰ্ধাৰণৰ বাবে নিখুঁত শীতল প্ৰযুক্তি আৰু নিৰ্মল বায়ুৰ বাবে সক্ৰিয় কাৰ্বনৰ সৈতে এটা পিএম২.৫ ফিল্টাৰ ইত্যাদি। নতুনকৈ মুকলি কৰা সকলো ব্লু ষ্টাৰ ইনভাৰ্টাৰ এচি স্মাৰ্ট ৰেডি আৰু এটা পৃথক স্মাৰ্ট মডিউল সংযোজন কৰি স্মাৰ্ট এচিলৈ উন্নীত কৰিব পাৰি। ব্লু ষ্টাৰৰ ইনভাৰ্টাৰ এচিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল অপাৰেটিং ভল্টেজৰ বিস্তৃত পৰিসৰ, যাৰ ফলত বাহ্যিক ভল্টেজ ষ্টেবিলাইজাৰৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰে।

কোম্পানীটোৱে ‘ছুপাৰ এনাৰ্জি-ইফিচিয়েণ্ট এচি,’ ‘হেভি-ডিউটী ​​এচি,’ ‘স্মাৰ্ট ৱাই-ফাই এচি,’ ‘হট এণ্ড কল্ড এচি’ আৰু ‘এণ্টি-ভাইৰাছ টেকন’লজিৰ সৈতে এচি’কে ধৰি বিভিন্ন সময়োপযোগী ফ্লেগশ্বিপ মডেল মুকলি কৰিছে। ইয়াৰ লগতে নিজৰ সমৃদ্ধ উত্তৰাধিকাৰৰ স্মৃতিত ৮০ বছৰীয়া স্পেচিয়েল এডিছনৰ এচি মুকলি কৰিছে। এই মডেল বিস্তৃত শেহতীয়া প্ৰযুক্তিৰ শক্তিৰে ভৰপূৰ আৰু ইয়াত কেইবাটাও উদ্ভাৱনীমূলক বৈশিষ্ট্য আছে, যাৰ ফলত ই দেশৰ ভিতৰতে উপলব্ধ আটাইতকৈ উন্নত এয়াৰ কণ্ডিচনাৰ। ব্লু ষ্টাৰৰ ‘ছুপাৰ এনাৰ্জি-ইফিচিয়েণ্ট এচি’ত উচ্চ বায়ু প্ৰবাহৰ সুবিধা প্ৰদান কৰি অনুকূলিত শীতলতাৰ সৈতে বৰ্ধিত শক্তি কাৰ্যক্ষমতা লাভ কৰিবলৈ এক অনন্য ডাইনেমিক ড্ৰাইভ প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। ফলত ১ টিআৰ ইনভাৰ্টাৰ এচিসমূহে ৬.২৫ আইএছইইআৰ লাভ কৰিছে, যিটো ৩-ষ্টাৰ ইনভাৰ্টাৰ এচিতকৈ ৬৪% অধিক শক্তি দক্ষ। প্ৰতি বছৰে ভাৰতবৰ্ষত প্ৰচণ্ড গ্রীষ্মৰ সময়ত সমগ্ৰ দেশতে তাপমাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা যায়। কোম্পানীটোৱে উচ্চ মানদণ্ডৰ নিৰ্দিষ্ট বিভাজনেৰে ডিজাইন কৰা টপ-অফ-দ্য-লাইন ‘হেভি-ডিউটী ​​এচি’ৰ ৰেঞ্জসমূহ যথেষ্ট শক্তিশালী আৰু ৫৬ ডিগ্ৰী চেলছিয়াছতো দ্ৰুত শীতলতা আৰু আৰাম প্ৰদান কৰিব পাৰে। এই এচিসমূহে ৫৫ ফুট পৰ্যন্ত শক্তিশালী বায়ু নিক্ষেপৰ সৈতে উপলব্ধ আৰু আনকি ৪৩ ডিগ্ৰী চেলছিয়াছতো ১০০% কুলিং ক্ষমতা প্ৰদান কৰে। কোম্পানীয়ে একক ‘স্মাৰ্ট ৱাই-ফাই এচি’ও মুকলি কৰিছে, য’ত ‘কাষ্টমাইজড শ্লিপ’ৰ দৰে অনন্য আৰু স্মাৰ্ট বৈশিষ্ট্য আছে, য’ত উষ্ণতা, ফেনৰ গতি, কুল/ফেন মোড আৰু চুইটছ প্ৰিছেট কৰিব পাৰি, লগতে নিৰৱচ্ছিন্ন টোপনিৰ বাবে প্ৰতি ঘণ্টাত ১২ ঘণ্টাৰ এচি অন/অফ সুবিধাও প্ৰদান কৰিছে। ভইচ কমাণ্ড টেকন’লজিৰ সহায়ত গ্ৰাহকে ইংৰাজী বা হিন্দী ভইচ কমাণ্ডৰ জৰিয়তে নিজৰ স্মাৰ্ট ডিভাইচ যেনে এমাজন এলেক্সা বা গুগল হোমৰ জৰিয়তেও নিজৰ এচি চলাব পাৰে।