বিমষ্টেক চাৰ্টাৰ ৰূপায়ণে সূচনা কৰিলে বৰ্ধিত আঞ্চলিক সহযোগিতাৰ এক নতুন যুগৰ 

88

বিমষ্টেক চনদ ৰূপায়ণে আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে এই সময়োচিত পদক্ষেপ সদস্য দেশসমূহৰ বাবে এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব। এই চাৰ্টাৰে সকলো সদস্য ৰাষ্ট্ৰক একেলগে কাম কৰাৰ বাবে এক আইনী আৰু প্ৰতিষ্ঠানগত পৰিকাঠামো প্ৰদান কৰিছে, যাৰ ফলত সদস্য দেশসমূহৰ মাজত সমন্বয় আৰু অংশীদাৰিত্ব বৃদ্ধি পাব। বে অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কো-অপাৰেচন (বিমষ্টেক) চনদখন এই সংস্থাটো গঠনৰ ২৭ বছৰৰ পিছত শেহতীয়াভাৱে ২০ মে’ত প্ৰথমবাৰলৈ কাৰ্যকৰী কৰা হৈছে। ভাৰতৰ লগতে বিমষ্টেক সংগঠনৰ সদস্য ৰাষ্ট্ৰ হৈছে শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, নেপাল আৰু ভূটান। শেহতীয়া বছৰসমূহত ভাৰতে বিমষ্টেকক আঞ্চলিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ প্লেটফৰ্ম হিচাপে গঢ়ি তুলিবলৈ একত্ৰিত প্ৰচেষ্টা চলাই আছে।

এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে ‘এক্স’ত লিখিছে যে, বিমষ্টেক চনদ ৰূপায়ণে সমৃদ্ধিশালী, শান্তিপূৰ্ণ আৰু বহনক্ষম প্ৰতিবেশী হিচাপে ভাৰতৰ দায়বদ্ধতাক সুদৃঢ় কৰিলে। তেওঁ কয় যে, বিমষ্টেকে ভাৰতৰ নেইবাৰহুড ফাৰ্ষ্ট আৰু এক্ট ইষ্ট নীতিক প্ৰতিফলিত কৰে। ইফালে, বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই চনদ ৰূপায়ণক তাত্পৰ্যপূৰ্ণ বুলি অভিহিত কৰি এই চাৰ্টাৰে বিমষ্টেকৰ আন দেশৰ সৈতে অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ লগতে নতুন সদস্য দেশসমূহক এই সংস্থাত অন্তৰ্ভুক্ত কৰাত সহায় কৰিব।

দৰাচলতে ২০২২ চনৰ ৩০ মাৰ্চত কলম্বোত ভাৰ্চুৱেলী অনুষ্ঠিত হোৱা পঞ্চম বিমষ্টেক শীৰ্ষ সন্মিলনত বিমষ্টেকৰ সকলো সদস্যই এই চনদত স্বাক্ষৰ কৰিছিল যদিও প্ৰতিখন দেশে নথি অনুমোদন কৰাৰ পিছতহে ইয়াক বলবৎ কৰিব পাৰি, যি প্ৰক্ৰিয়া অৱশেষত ২০২৪ চনৰ এপ্ৰিল মাহতহে সম্পূৰ্ণ হৈছিল। বিমষ্টেক দেশসমূহত বিশ্বৰ জনসংখ্যাৰ ২২ শতাংশ লোকে বাস কৰে আৰু এই সমগ্ৰ অঞ্চলটোৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) প্ৰায় ৩.৬ ট্ৰিলিয়ন ডলাৰ। এই চনদে বংগোপসাগৰৰ আশে-পাশে থকা ৭খন দেশৰ মাজত উন্নত সহযোগিতাৰ বাবে এক সুদৃঢ় আইনী আৰু প্ৰতিষ্ঠানিক ফ্ৰেমৱৰ্ক স্থাপন কৰিব।