মৰণোত্তৰভাৱে চৌধুৰী চৰণ সিং, পি ভি নৰসিংহ ৰাও আৰু ড০ এম এছ স্বামীনাথনলৈ ভাৰত ৰত্ন

নতুন দিল্লী, ৯ ফেব্ৰুৱাৰী: প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, পি ভি নৰসিংহ ৰাও আৰু প্ৰসিদ্ধ বিজ্ঞানী তথা সেউজ বিপ্লৱৰ পিতৃ ড০ এম এছ স্বামীনাথনক ভাৰত ৰত্ন (মৰণোত্তৰভাৱে) বঁটা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ‘এক্স’ৰ এটা পোষ্টৰ জৰিয়তে এই ঘোষণা কৰে। য’ত তেওঁ উল্লেখ কৰে যে এইটো আমাৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিংক ভাৰত ৰত্ন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সন্মান দেশলৈ তেওঁৰ অতুলনীয় অৱদানৰ বাবে উৎসৰ্গিত। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে চৌধুৰী চৰণ সিঙে কৃষকসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে তেওঁৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, দেশৰ গৃহ মন্ত্ৰী আৰু আনকি বিধায়ক হিচাপেও হওঁক, তেওঁ সদায় ৰাষ্ট্ৰ নিৰ্মাণত গতি প্ৰদান কৰিছিল। তেওঁ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও দৃঢ়তাৰে থিয় দিছিল। আমাৰ কৃষক ভাতৃ-ভগ্নীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু জৰুৰীকালীন অৱস্থাত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিয়ে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাষ্ট্ৰীয় লোক দলৰ (আৰএলডি) সভাপতি জয়ন্ত চৌধুৰীয়ে লিখিছে, “দিল জিত লিয়া!” জয়ন্ত চৌধুৰী চৰণ সিঙৰ নাতি।

চৰণ সিঙক এজন শক্তিশালী নেতা হিচাপে গণ্য কৰা হৈছিল, যিয়ে কৃষকসকলৰ মাত মাতিছিল। তেওঁ ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ দেশৰ উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ দুবাৰ মুখ্যমন্ত্ৰী আছিল। চৰণ সিঙক ভাৰত ৰত্ন বঁটা ঘোষণা কৰাটো যোৱা কেইদিনমানৰ পৰা আৰএলডিয়ে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ মাজত আহিছে। ঘোষণাটোৰ পিছত চৌধুৰীয়ে কৰা মন্তব্যই স্পষ্ট কৰি দিছে যে আৰএলডিয়ে অহা কেইদিনমানৰ ভিতৰত এন ডি এত যোগদান কৰিব। কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে জননায়ক কৰ্পুৰী ঠাকুৰক ‘ভাৰত ৰত্ন’ বঁটা প্ৰদানৰ ঘোষণা কৰিছিল আৰু তাৰ কেইদিনমান পিছত নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউনাইটেড)য়ে এন ডি এত যোগদান কৰিছিল। শেহতীয়াকৈ, চৰকাৰে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীকো ভাৰত ৰত্ন বঁটা প্ৰদানৰ ঘোষণা কৰিছিল।

আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ আনন্দিত। তেওঁ কয় যে এগৰাকী বিশিষ্ট পণ্ডিত আৰু ৰাজনীতিবিদ নৰসিংহ ৰাৱে বিভিন্ন পদত ভাৰতৰ সেৱা আগবঢ়াইছিল। তেওঁক অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু বহু বছৰ ধৰি সংসদ সদস্য আৰু বিধান সভাৰ সদস্য হিচাপে কৰা কামৰ বাবেও স্মৰণ কৰা হয়। আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে এম এছ স্বামীনাথনক ভাৰত ৰত্ন বঁটা প্ৰদানৰ কথা ঘোষণা কৰে। তেওঁ কয় যে কৃষি আৰু কৃষক কল্যাণৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে চৰকাৰে তেওঁক ভাৰত ৰত্নৰে সন্মানিত কৰিছে। তেওঁ প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতৰ কৃষিক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভাৰতীয় কৃষিৰ আধুনিকীকৰণৰ দিশত অসামান্য প্ৰচেষ্টা চলাইছিল। তেওঁ লগতে কয় যে ড০ স্বামীনাথনৰ দূৰদৰ্শী নেতৃত্বই কেৱল ভাৰতীয় কৃষিৰ পৰিৱৰ্তন কৰাই নহয়, লগতে ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আৰু সমৃদ্ধিও নিশ্চিত কৰিছে। তেওঁ এনে এজন ব্যক্তি আছিল যাক মই ভালদৰে চিনি পাইছিলো আৰু মই সদায় তেওঁৰ অন্তৰ্দৃষ্টিক গুৰুত্ব দিছিলো।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *