অৱশেষত ঘোষণা কৰা হ’ল বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন

অৱশেষত ঘোষণা কৰা হ’ল বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন ৷ ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বাংলাদেশৰ ৰাষ্ট্ৰীয় সাধাৰণ নিৰ্বাচন । ২০২৪ চনৰ আগষ্ট মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰা ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহৰ পিছত এইটোৱেই হ’ব দেশখনৰ প্ৰথমটো ৰাষ্ট্ৰীয় নিৰ্বাচন । একেদিনাই “জুলাই চনদ”ৰ ওপৰতো ৰাষ্ট্ৰীয় গণভোটৰ অনুষ্ঠিত হ’ব, য’ত কাৰ্যবাহী ক্ষমতা ৰোধ কৰা আৰু ন্যায়িক স্বাধীনতা শক্তিশালী কৰাকে ধৰি ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ উল্লেখযোগ্য সংস্কাৰৰ প্ৰস্তাৱ ৰখা হ’ব ।বাংলাদেশ সংসদৰ মুঠ ৩০০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন । দেশখনৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় টেলিভিছন “বি টিভি” আৰু ৰাষ্ট্ৰীয় ৰেডিঅ’ “বাংলাদেশ বেতাঁৰ”ত দেশবাসীক সম্বোধি এই কথা ঘোষণা কৰে । সূচী অনুসৰি চলিত বৰ্ষৰ ২৯ ডিচেম্বৰ হৈছে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন ৷ ২০২৬ চনৰ ২২ জানুৱাৰীৰ পৰা নিৰ্বাচনৰ ৪৮ ঘণ্টা আগলৈকে প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব পাৰিব ।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *