ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে তুৰস্কৰ সৈতে বৃহৎ প্ৰতিৰক্ষা চুক্তি বাংলাদেশৰ! ক্ৰয় কৰিব ৮খনকৈ আক্ৰমণকাৰী হেলিকপ্টাৰ

দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এক নতুন সমীকৰণৰ অৱতাৰণা কৰি ভাৰতৰ সৈতে কূটনৈতিক উত্তেজনাৰ মাজতে চুবুৰীয়া দেশৰ সৈতে সামৰিক সম্পৰ্ক গঢ়াৰ চেষ্টাত নামি পৰিছে বাংলাদেশ চৰকাৰ। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ তায়্যিপ এৰডোগানে ইছলাম ধৰ্মক আধাৰ কৰি পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশৰ সৈতে সামৰিক সম্পৰ্ক স্থাপনত উঠি-পৰি লাগিছে। শেহতীয়া তথ্য অনুসৰি, বাংলাদেশ বিমান বাহিনীয়ে তুৰস্কৰ পৰা ৮খনকৈ অত্যাধুনিক T129 ATAK আক্ৰমণকাৰী হেলিকপ্টাৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। বুধবাৰে ঢাকাস্থিত বিমান বাহিনীৰ মুখ্য কাৰ্যালয়ত বাংলাদেশৰ এয়াৰ চীফ মাৰ্শাল হাছান মাহমুদ খান আৰু তুৰস্কৰ এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ মাজত প্ৰতিৰক্ষা চুক্তিক লৈ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।

সূত্ৰৰ খবৰ অনুসৰি, তুৰস্ক এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ কৰ্পোৰেট মাৰ্কেটিং মুৰব্বী বাৰ্টন কাৰ্ট আৰু ঢাকাস্থিত তুৰস্ক দূতাবাসৰ সামৰিক বিষয়া কৰ্ণেল হিমি বাৰিছ য়িল্ডিজে বিমান বাহিনীৰ মুৰব্বীগৰাকীৰ সৈতে পুৱা ৯:৩০ বজাৰ পৰা ১০:১৫ বজালৈ আলোচনাত মিলিত হয়। পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশৰ সৈতে তুৰস্কৰ এই বৃহৎ প্ৰতিৰক্ষা চুক্তিয়ে দক্ষিণ এছিয়াত নতুন চৰ্চাৰ জন্ম দিছে। ইয়াৰ পূৰ্বে তুৰস্কই মালদ্বীপকো বায়ৰাকতাৰ TB-2 ড্ৰোণ বিক্ৰী কৰিছে। বিশেষজ্ঞসকলৰ মতে, নিজকে ইছলামিক দেশসমূহৰ নতুন নেতা বা খলিফা হিচাপে প্ৰতিষ্ঠা কৰিব খোজা এৰডোগানে ভাৰতক ঘেৰাৰ লক্ষ্যৰেই চুবুৰীয়া দেশসমূহৰ সৈতে এনে সামৰিক লেনদেন বৃদ্ধি কৰিছে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *