বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডৰ বাজাজ ফিনচাৰ্ভ লাৰ্জ কেপ ফাণ্ড আৰম্ভ কৰাৰ কথা ঘোষণা

133

দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডে বাজাজ ফিনচাৰ্ভ লাৰ্জ কেপ ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি এই শিতানত এক অনন্য পুঁজিৰ সৈতে উচ্চ সক্ৰিয় অংশীদাৰিত্ব আৰু নিৰ্বাচিত ২৫-৩০টা ষ্টক*ত মনোনিৱেশ কৰা এক কেন্দ্ৰীভূত ষ্ট্ৰেটেজী।এই অনন্য পদ্ধতিৰ জৰিয়তে পুঁজি প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে যাতে দীৰ্ঘম্যাদীভাৱে উন্নত ৰিস্ক-এডজাষ্টেড ৰিটাৰ্ণ লাভ কৰিব পাৰে। বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডৰ শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে লাৰ্জ কেপ(বৃহৎ ধনৰাশি)সমূহৰ বৰ্তমানৰ মূল্যায়ন দীৰ্ঘম্যাদী গড় ২৩.১(পৰৱৰ্তী ১২ মাহৰ দীৰ্ঘম্যাদী গড় মূল্য আৰু উপাৰ্জনৰ অনুপাত)ৰ প্ৰায় সমান।

ইয়াৰ পৰা বুজা যায় যে বৃহৎ কেপসমূহে বৰ্তমান নিজৰ উচিত মূল্য লাভ কৰিছে, যাৰ ফলত ই দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এক আকৰ্ষণীয় অফাৰ হৈ পৰিছে। অধ্যয়নটোৱে এইটোও দেখুৱাইছে যে লাৰ্জ কেপ ষ্টকসমূহত কম হ্ৰাস পোৱাৰ প্ৰৱণতা থাকে আৰু মিড আৰু স্মল কেপ শ্ৰেণীৰ প্ৰতিদ্বন্দীসকলতকৈ নিজৰ লোকচান দ্ৰুতভাৱে আদায় কৰে। বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডৰ চিইঅ’ গণেশ মোহনে এই বিষয়ে কয় যে, “বাজাজ ফিনচাৰ্ভ লাৰ্জ কেপ ফাণ্ডে বিনিয়োগকাৰীসকলক একক বিনিয়োগ পথৰ জৰিয়তে চেম্পিয়নছ অৱ কৰ্পৰেট ইণ্ডিয়াত বিনিয়োগ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। এই পুঁজিয়ে ষ্টক নিৰ্বাচনত দৃঢ় বিশ্বাসৰ দ্বাৰা পৰিচালিত এক কেন্দ্ৰীভূত পৰ্টফলিঅ’ সৃষ্টি কৰিব আৰু দীৰ্ঘম্যাদীভাৱে বেঞ্চমাৰ্ক সূচকাংকক আউটপাৰ্ফৰ্ম কৰিবলৈ উচ্চ সক্ৰিয় শ্বেয়াৰ কৌশল বজাই ৰাখিব।”

এই আঁচনিখন নিফটি ১০০ টোটেল ৰিটাৰ্ণ ইনডেক্স (টিআৰআই)ৰ সৈতে এক নতুন বেঞ্চমাৰ্ক স্থাপন কৰা হ’ব। এনএফঅ’ অহা ২৯ জুলাইত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব আৰু ১২ আগষ্ট সমাপ্ত হ’ব।মিউচুৱেল ফাণ্ডত বিনিয়োগ সদায়ে বজাৰৰ বিপদৰ আওতাত থাকে, গতিকে আঁচনি সম্পৰ্কীয় সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লোৱা উচিত।