বাজাজ এলিয়াঞ্জ লাইফে ২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত লাভ কৰিছে ২৬% আইআৰএনবি বৃদ্ধি, বজাৰত শক্তিশালী উপস্থিতিৰ প্ৰতিবেদন প্ৰকাশ

ভাৰতৰ আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত সমগ্ৰ বিতৰণ চেনেলত শক্তিশালী প্ৰদৰ্শনেৰে আকৰ্ষণীয় বৃদ্ধিৰ তথ্য প্ৰকাশ কৰিছে। কোম্পানীটোৰ ব্যক্তিগত ৰেটেড নিউ বিজনেছ(আইআৰএনবি)ৰ পৰিমাণ ২৬% বৃদ্ধি পাই ১,২৯৪ কোটি টকাত উপনীত হৈছেগৈ, যি ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ১,০২৮ কোটি টকাহে আছিল। প্ৰতিষ্ঠানটোৰ বজাৰ অংশীদাৰিত্বও ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যিয়ে ২০২৪ বিত্তীয় বৰ্ষত তিনি বছৰৰ সামগ্ৰিক বাৰ্ষিক বৃদ্ধিৰ হাৰ(চিএজিআৰ)ৰ ভিত্তিত দেশৰ সবাতোকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান হিচাপে নিজৰ স্থান অধিক সুদৃঢ় কৰিলে।

কোম্পানীটোৰ এজেন্সী, প্ৰতিষ্ঠানিক ব্যৱসায় আৰু মালিকানাধীন চেলছ ফৰ্চকে ধৰি বিতৰণ কৌশলে এই বৃদ্ধি অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ ফলশ্ৰুতিত আইআৰএনবি ক্ৰমে ১৫%, ২৭% আৰু ৭৫% বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল। কোম্পানীটোৰ কাম-কাজৰ ওপৰত অভিমত প্ৰকাশ কৰি বাজাজ এলিয়াঞ্জ লাইফৰ এমডি তথা চিইঅ’ তৰুণ চুগে সমগ্ৰ ভাৰতত আৰু প্ৰবাসী ভাৰতীয়সকলৰ মাজত গ্ৰাহকৰ সংযোগ বৃদ্ধিৰ বাবে কৌশলগত বিনিয়োগ আৰু ব্যাপক পদচিহ্ন সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

প্ৰতিষ্ঠানটোৰ এই সমৃদ্ধিয়ে গুৱাহাটীৰ লগতে অসমৰ বজাৰতো প্ৰতিফলিত কৰিব, কিয়নো প্ৰতি মুহূৰ্ততে বাজাজ এলিয়াঞ্জ লাইফে নিজৰ উপস্থিতি ক্ৰমান্বয়ে শক্তিশালী কৰি বলৈ সক্ষম হৈছে। গ্ৰাহকৰ আস্থা বৃদ্ধি আৰু বিতৰণ চেনেলবোৰৰ সম্প্ৰসাৰণৰ জৰিয়তে কোম্পানীটোৱে অসমত নিজৰ গ্ৰাহকসকলৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে, যিয়ে সামগ্ৰিক ইতিবাচক গতিত অৰিহণা যোগাইছে। ২০২৫ৰ প্ৰথম ত্ৰৈমাসিকত বাজাজ এলিয়াঞ্জ লাইফেও ২৪% অগ্ৰগতিৰে ৫,০১৮ কোটিলৈ নিজৰ ব্য়ৱসায় বৃদ্ধি কৰিছে, ইয়াত প্ৰফিট আফটাৰ টেক্স (পিএটি) ৯৭ কোটি, আৰু এচেটছ আণ্ডাৰ মেনেজমেণ্ট (এইউএম) ২৩% বৃদ্ধি পাই হৈছেগৈ ১১৬,৯৬৬ কোটি টকা। কোম্পানীটোৰ নতুন ব্যৱসায়িক ভেল্যু(এনবিভি)ৰ পৰিমাণ ১১% বৃদ্ধি পাই ১০৪ কোটি হৈছেগৈ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *