এক্সিছ মিউচুৱেল ফাণ্ড অধ্যয়নে দেখুৱাইছে যে গুৱাহাটী মহিলা বিনিয়োগকাৰীৰ এইউএম পাঁচ বছৰত ২.৪ গুণ বৃদ্ধি হৈছে

156

এক্সিছ মিউচুৱেল ফাণ্ডৰ শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে বিগত ৫ বছৰত গুৱাহাটীত মহিলা বিনিয়োগকাৰীৰ এচেটছ আণ্ডাৰ মেনেজমেণ্ট চমুকৈ এইউএম (পৰিচালনাৰ অধীনত সম্পদ) ২.৪গুণ বৃদ্ধি পাইছে। “মহিলাৰ বিনিয়োগ আচৰণ প্ৰতিবেদন ২০২৪”ত মহিলাৰ বিত্তীয় স্বতন্ত্ৰতা আৰু কৌশলগত বিনিয়োগৰ যথেষ্ট বৃদ্ধি তথ্য প্ৰকাশিত হৈছে। এই প্ৰতিবেদন অনুসৰি এতিয়া প্ৰায় ৭২% মহিলা বিনিয়োগকাৰীয়ে স্বতন্ত্ৰ সিদ্ধান্ত লয় আৰু ইয়াৰে ৭১.৯% মহিলাই মিউচুৱেল ফাণ্ড বাচনি কৰাৰ সময়ত পূৰ্বৰ প্ৰদৰ্শনৰ ভিত্তিত অগ্ৰাধিকাৰ দিয়ে। এই প্ৰতিবেদনত পুৰুষতকৈ মহিলা বিনিয়োগকাৰীৰ পৰিমাণ ২৫% অধিক আৰু ৩৭% বৃহৎ গড় কৰ্পাছ দেখা গৈছে, যিয়ে ক্ৰমাৎ বৃদ্ধি পোৱা আত্মবিশ্বাস আৰু কৌশলগত দূৰদৰ্শিতাক প্ৰতিফলিত কৰিছে।

গুৱাহাটীৰ স্থানীয় বজাৰত মহিলা বিনিয়োগকাৰীৰ যথেষ্ট অংশগ্ৰহণ দেখা গৈছে। মহিলাসকলৰ অংশগ্ৰহণে বিনিয়োগৰ পৰিৱেশক পুনৰ গঢ় দিয়াৰ লগতে একাংশই নিজৰ বিত্তীয় কৌশল বৃদ্ধিৰ বাবে ডিজিটেল সঁজুলিৰ সহায় লৈছে। মহামাৰী ক’ৰ’নাই প্ৰভাৱিত কৰা ৫ বছৰত ফিনটেক চেনেল ব্যৱহাৰ কৰা মহিলাৰ অনুপাত ১৪%ৰ পৰা ৫৫%লৈ উৰ্ধ্বগামী হৈছে। এক্সিছ এএমচিৰ এমডি এণ্ড চিইঅ’ বি গোপকুমাৰে লক্ষ্য কৰিছে যে, “আমাৰ গ্ৰাহকসকলৰ ৩০% মহিলা আৰু আমাৰ মুঠ এইউএমৰ ৩৫% ভাগ অধিকাৰ কৰি আছে। আমাৰ গুৰুত্ব এইসকল লোকৰ আচৰণবোৰ অনুঢাৱন আৰু বিকশিত বিনিয়োগৰ বিভিন্ন দিশসমূহ পূৰণ কৰাত সহায় কৰা।”

প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে বি ৩০ চহৰৰ মহিলাসকলে ফিক্সড ডিপ’জিট আৰু স্বৰ্ণৰ দৰে পৰম্পৰাগত বিনিয়োগ কৰিবলৈ অধিক আগ্ৰহী। আনহাতে টি৩০ চহৰৰ মহিলাসকলে মিউচুৱেল ফাণ্ড আৰু ষ্টকৰ প্ৰতি অধিক মনোনিৱেশ কৰিছে। বিনিয়োগৰ পছন্দৰ এই সুক্ষ্ম দিশসমূহ বুজি পোৱাটো বা লক্ষ্য কৰাটো বিত্তীয় সামগ্ৰীসমূহ বিকশিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এক্সিছ এএমচিৰ চিআইঅ’ আশিস গুপ্তাই লগতে কয় যে, ‘আমাৰ মহিলা বিনিয়োগকাৰীসকলে ক্ৰমবৰ্ধমান বিত্তীয় বুদ্ধিমত্তা আৰু কৌশলগত বিনিয়োগৰ পছন্দসমূহ প্ৰদৰ্শন কৰি গড়ে ৮০,০০০ টকাতকৈ অধিক লাভ কৰিবলৈ সক্ষম হৈছে।”