Priyanka Bhowmick

62 Posts
ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা : দীপক শৰ্মা

ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা : দীপক শৰ্মা

বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উখল-মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে । কালি পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮ বজাত মহাৰজত জয়ন্তীৰ মুখ্য দ্বাৰ মুকলি কৰে গুৱাহাটী বিমানকোঠ মণ্ডল বিজেপিৰ সভাপতি পদ্মেশ্বৰ মজুমদাৰে । ৮-৩০ বজাত ক্ৰমে বিষ্ণুধ্বজা আৰু কালিধ্বজা উত্তোলন কৰে গুৱাহাটী এয়াৰপোৰ্টৰ চি এ অ' উৎপল বাদল বৰুৱা আৰু জ্যোতিষ আচাৰ্যী প্ৰবীণ নাথে । ৯বজাত শ্ৰদ্ধাঞ্জলি স্থানত বন্তি প্ৰজ্বলন কৰে বেলোৰগুৰি ৰাইজ গয়ৰহৰ সভাপতি বীৰেণ নাথে, পুষ্পাঞ্জলি অৰ্পণ কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন নাথে । ১০ বজাত বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে উদযাপন সমিতিৰ সভাপতি যতীন…
Read More
বৰপেটাত দ্বিতীয় বাৰ অগপ দলৰ সাংসদ

বৰপেটাত দ্বিতীয় বাৰ অগপ দলৰ সাংসদ

২০২৪ চনৰ দেশৰ অষ্টদশ সাধাৰণ নিৰ্বাচনত ৩ নং বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় । এই জয়লাভে বৃহৎ সমষ্টিটোৰ ৰাইজ উৎফুল্লিত । এম চি কলেজৰ কাউন্টিং কক্ষ স্থলীৰ পৰা সন্ধিয়াৰ ভাগত বিজয়ী প্ৰাৰ্থী গৰাকীক বৃহৎ সংখ্যক সমৰ্থকে এখন গাড়ীত উঠাই লৈ ঢোল পেপা গগনাৰে নাচি বাগি বৰপেটাৰ প্ৰধান পথেৰে সমদল কৰি ফটকা ফুটাই দলৰ কাৰ্যালয়লৈ লৈ অহা হয় । লক্ষনীয়ভাৱে বিগত ১৯৮৫ চনত প্ৰথম বাৰৰ বাবে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আতোৱাৰ ৰহমানে নিৰ্বাচিত হোৱাৰ পাছত অগপ আৰু বাওঁমৰ্চাৰ সন্মিলিত প্ৰাৰ্থী উদ্ধৱ বৰ্মণে ১৯৯১…
Read More
লেঃ জেনেৰেল (অৱসৰী) ৰাণাপ্রতাপ কলিতালৈ “মহাৰাজ পৃত্থু মহাপৰাক্ৰম বঁটা-২০২৪” ঘোষণা অসম জাতীয় মহাসভাৰ

লেঃ জেনেৰেল (অৱসৰী) ৰাণাপ্রতাপ কলিতালৈ “মহাৰাজ পৃত্থু মহাপৰাক্ৰম বঁটা-২০২৪” ঘোষণা অসম জাতীয় মহাসভাৰ

শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰৰ পুণ্যভূমিত মণিকাঞ্চন বিশ্বায়ন জ্ঞানজ্যোতি গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ঐতিহ্যক্ষেত্ৰ উন্নয়ন মঞ্চ, বৰপেটা বৰধাম, অসম জাতীয় মহাসভা আৰু শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ সহযোগত ২৬ মে'ৰ দিনৰ ১১ বজাত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা লৈ ধন্য নৰতনুভাল অমৃত অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতি গঠন সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। মহাসভাৰ ভাৰপ্ৰাপ্ত সভাপতি তথা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীৰ সভাপতিত্বত সভাখনত সম্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীশ্ৰীকুমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ ৰত্নকান্তদেৱ অধিকাৰী আৰু শ্ৰীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্র পৰিচালনা সমিতিৰ সভাপতি অবনী মিশ্রই। অক্লান্ত সেৱক, যুগদ্রষ্টা মহানায়ক ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্য নৰতনু ভাল অমৃত অভিনন্দন গ্রন্থ প্রকাশৰ…
Read More
ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱাৰ এটি পথেই জনজীৱনৰ চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে যদিওঁ আজিলৈকে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনেওঁ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ সম্প্ৰতি চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত ধকুৱা চকৰ পৰা ধকুৱা হাইস্কুল হৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ জুৰি দৈৰ্ঘৰ বোকাময় মাটিৰ পথছোৱাৰে ৰাইজে যাতায়াত কৰি আহিছে ৷ধকুৱা চেন্টাৰৰ পৰা গৈ পালহাজী - মন্দিয়া পথত লগ লগা উক্ত পথছোৱা বিগত বৰ্ষ সমুহত জিলা পৰিষদৰ অধীনত নাম মাত্ৰ মাটি পেলাই মেৰামতি কৰি আহিছে যদিওঁ পথছোৱা পকীকৰণ নকৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বিশেষ অসুবিধা ভোগ কৰি আহিছে ৷ উন্নয়ন আৰু সম বিকাশৰ শ্লোগান দিয়া ৰাজ্য চৰকাৰে উক্ত…
Read More
প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা

প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা

ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন গঠনাৰ্থে এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী জেহেৰুল ইছলামে পৌৰোহিত্য কৰা সভাত ক্ৰমে ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল মালিক, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুল ইছলাম তালুকদাৰ, সমাজ কৰ্মী ফুলচান আলী, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সদস্য আয়ুব খান, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সদস্য তথা প্ৰাক্তন সভাপতি ইব্ৰাহিম আলী, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সদস্য আব্দুৰ ৰহমান, কৃষক নেতা জয়নাল আবদিন…
Read More
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে টোল কৰ ৫ শতাংশলৈ বৃদ্ধি এনএইচএআইৰ

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে টোল কৰ ৫ শতাংশলৈ বৃদ্ধি এনএইচএআইৰ

লোকসভা নিৰ্বাচনৰ ফলাফল কাইলৈ অৰ্থাৎ মঙলবাৰে ঘোষণা হ'ব। কিন্তু তাৰ পূৰ্বে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এনএইচএআই) ৰাইজক এক ডাঙৰ আঘাত দিছে। এনএইচএআইয়ে কয় যে চালকসকলে সকলো টোল প্লাজাত সোমবাৰৰ পৰা ৫ শতাংশ অধিক টোল কৰ পৰিশোধ কৰিব লাগিব। যদিও এই হাৰবোৰ ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব লাগিছিল, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৃদ্ধি পিছুৱাই দিয়া হৈছিল। বাৰ্ষিক সংশোধন গড় হিচাপত ৫ শতাংশৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে।এনএইচএআইৰ এজন জ্যেষ্ঠ বিষয়াই দেওবাৰে কয়, 'নতুন ব্যৱহাৰকাৰী মাচুল ৩ জুন, ২০২৪ ৰ পৰা প্ৰযোজ্য হ'ব। টোল মাচুলৰ পৰিৱৰ্তন হৈছে পাইকাৰী মূল্য সূচক (চিপিআই)-আধাৰিত মুদ্ৰাস্ফীতিৰ পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত হাৰ সংশোধন কৰাৰ বাৰ্ষিক প্ৰক্ৰিয়াৰ অংশ।'…
Read More
মণিপুৰত প্ৰাকৃতিক দুৰ্যোগত ৩০ জনৰো অধিক লোকৰ মৃত্যু

মণিপুৰত প্ৰাকৃতিক দুৰ্যোগত ৩০ জনৰো অধিক লোকৰ মৃত্যু

ঘূৰ্ণীবতাহ ৰেমলে পশ্চিম বংগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ভয়ংকৰ ধ্বংসৰ সৃষ্টি কৰে। মণিপুৰত পৰিস্থিতি আটাইতকৈ বেয়া। ৰাজ্যখনৰ বহু নৈৰ পানী বিপদসীমাৰ ওপৰৰে বৈ আছে। ইয়াৰ উপৰিও বহুতো অঞ্চল বানপানীৰ কবলত পৰিছে। উদ্ধাৰকাৰী দলে নিৰন্তৰ মানুহক সহায় কৰি আহিছে। মণিপুৰত এতিয়ালৈকে ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, আনহাতে ২ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।ইম্ফল আৰু নামবুলৰ কেইবাখনো নদীৰ পানীৰ স্তৰ হ্ৰাস পাইছে কিন্তু অঞ্চলটোৰ পানীৰ স্তৰ হ্ৰাস হোৱা নাই, যাৰ ফলত হাজাৰ হাজাৰ লোক তেওঁলোকৰ ঘৰত আৱদ্ধ হৈ পৰিছে। বান প্ৰবন অঞ্চলবোৰ পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই তথ্য প্ৰদান কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ ছ'চিয়েল মিডিয়াত…
Read More
মানৱ-হাতী সংঘাত প্ৰভাৱিত গোৱালপাৰাৰ বেছৰক’ণা কোঁচপাৰাৰ গাঁওত উভতিছে শান্তি

মানৱ-হাতী সংঘাত প্ৰভাৱিত গোৱালপাৰাৰ বেছৰক’ণা কোঁচপাৰাৰ গাঁওত উভতিছে শান্তি

বন্যহস্তীৰ উপদ্ৰৱৰ বাবে দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক পীড়া আৰু অস্তিত্বৰ সংকটত জীয়াই থকিব লগা হোৱা গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত দুৰ্গম বেছৰক’ণা কোঁচপাৰাৰ গাঁওবাসীয়ে সম্প্ৰতি শান্তিৰে বাস কৰিব পাৰিছে। তেওঁলোকৰ মুখলৈ এতিয়া হেৰুৱা হাঁহি ঘূৰি আহিছে। “ বন্যহস্তীৰ পৰা আমাৰ গাঁওখন আৰু ইয়াৰ আৱাসীসকলক সুৰক্ষা দিয়া সৌৰ শক্তি-চালিত এডলীয়া তাঁৰৰ এখন বেৰে গাওঁবাসীক এক নতুন জীৱন দান দি তেওঁলোকৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে । এই বেৰখন আমাৰ গাওঁবাসীৰ কাৰণে আয়ুসৰেখাতকৈ কম নহয় ।” জিলাখনৰ লক্ষীপুৰ মহকুমাৰ সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত বেছৰকণা কোঁচপাৰাৰ এগৰাকী অগ্ৰণী মহিলা, দুগৰাকী নাবালিকা কন্যাৰ মাতৃ কিংগিছ কোঁচে এইদৰে কয়।মানৱ-হাতী সংঘাতৰ ক্ৰমবৰ্ধমান ঘটনাৰ বাবে…
Read More
নিমহান্সক WHOৰ ২০২৪ৰ নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা

নিমহান্সক WHOৰ ২০২৪ৰ নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান (নিমহান্স), বেংগালুৰুক বিশ্ব স্বাস্থ্য সংস্থাই ২০২৪ চনৰ নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা প্ৰদান কৰিছে। নিমহান্স হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। বিশ্ব স্বাস্থ্য সংস্থাই ২০১৯ চনত নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা প্ৰতিষ্ঠা কৰিছিল, যি স্বাস্থ্য প্ৰচাৰৰ ক্ষেত্ৰত এক অসামান্য অৱদান আগবঢ়োৱা ব্যক্তি, প্ৰতিষ্ঠান আৰু/বা চৰকাৰী বা বেচৰকাৰী সংগঠনবোৰক এক স্বীকৃতি প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই বঁটা লাভ কৰাৰ বাবে বেংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠানক অভিনন্দন জনায় আৰু কয় যে ই হৈছে সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ স্বীকৃতি। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰইও নিম্হান্সক অভিনন্দন জনায়…
Read More
বিশ্ব ধপাত-বিৰোধী দিৱস

বিশ্ব ধপাত-বিৰোধী দিৱস

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুষ্ঠান বিষয়া তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সপ্তম হাজৰিকাৰ পৰিচালনাত বৰপেটা মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে ধপাত সেৱনে শৰীৰৰ বিভিন্ন অংশত কৰ্কট ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে বাবে ধপাত সেৱন মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকৰ এটা বস্তু। চিগাৰেট, বিড়ি, চাধা, গুটখা আদি বিভিন্ন ৰূপত ধপাত সেৱন প্ৰথমে মানুহে নিজকে স্মাৰ্ট দেখুৱাবলৈ চখতে কৰিবলৈ লয় আৰু পিছলৈ ই এৰিব নোৱৰা অভ্যাসত পৰিণত হয়। উপস্থিত শিক্ষক তথা শিক্ষাৰ্থীসকলক ধপাত সেৱন নকৰা আৰু মহাবিদ্যালয়ৰ চৌহদত স্বাস্থ্যসন্মত পৰিৱেশ ৰক্ষা কৰাৰ শপত গ্ৰহণো কৰোৱায়। সপ্তম হাজৰিকাই কয় যে ধপাতেৰে প্ৰস্তুত কৰা…
Read More