Priyanka Bhowmick

62 Posts
উইম্বলডনৰ ৫ কোটি পাউণ্ড হ’ব পুৰষ্কাৰৰ ধন

উইম্বলডনৰ ৫ কোটি পাউণ্ড হ’ব পুৰষ্কাৰৰ ধন

অল ইংলেণ্ড ক্লাবৰ বিষয়াসকলে ঘোষণা কৰে যে উইম্বলডনৰ মুঠ পুৰষ্কাৰৰ ধন অভিলেখ ৫ কোটি পাউণ্ড (প্ৰায় ৬ কোটি ৪০ লাখ আমেৰিকান ডলাৰ) লৈ বৃদ্ধি হ'ব, প্ৰতিজন একক চেম্পিয়নে ২৭ লাখ পাউণ্ড (৩৪ লাখ ৫০ হাজাৰ আমেৰিকান ডলাৰ) লাভ কৰিব। মুঠ পুৰষ্কাৰৰ ধন যোৱা বছৰৰ তুলনাত ৫৩ লাখ পাউণ্ড (৬৮ লাখ ডলাৰ) অধিক, যি হৈছে ১১.৯ শতাংশ বৃদ্ধি। এয়া হৈছে ১০ বছৰ আগতে এই গ্ৰাছকোৰ্ট গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্টত প্ৰতিযোগীসকলক পৰিশোধ কৰা ২ কোটি ৫০ লাখ পাউণ্ডৰ (বৰ্তমানৰ বিনিময় হাৰত ৩ কোটি ২০ নিযুত ডলাৰ) দুগুণ। অল ইংলেণ্ড ক্লাবৰ নতুন সভাপতি ডেবৰা জেভান্সে কয় যে এই বছৰতকৈ টিকটৰ চাহিদা কেতিয়াও বেছি হোৱা…
Read More
২৬ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন

২৬ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন

লোকসভাই ২৬ জুনত তেঁওলোকৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰিব। সদনৰ সদস্যসকলে দুপৰীয়া ১২ বজাত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰস্তাৱৰ বাবে জাননী দিব পাৰে। লোকসভা সচিবালয়ে বৃহস্পতিবাৰে এই ঘোষণা কৰে। ১৮ তম লোকসভাত ২৪ জুনত প্ৰথম বৈঠক অনুষ্ঠিত হ'ব আৰু অধিৱেশন৩ জুলাইত সমাপ্ত হ'ব।লোকসভাৰ দ্বাৰা জাৰি কৰা এক বুলেটিনত কোৱা হৈছে যে অধ্যক্ষ নিৰ্বাচনৰ বাবে নিৰ্ধাৰিত তাৰিখৰ আগৰ এদিনত দুপৰীয়া ১২ বজাত, যিকোনো সদস্যই অধ্যক্ষ পদৰ বাবে আন যিকোনো সদস্যৰ সমৰ্থনত প্ৰস্তাৱৰ বাবে মহাসচিবক লিখিতভাৱে জাননী দিব পাৰে। খবৰ অনুসৰি বৰ্তমানৰ ক্ষেত্ৰত, অধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰস্তাৱৰ জাননী ২৫ জুন, মঙলবাৰে দুপৰীয়া ১২ বজাত প্ৰদান কৰা হ'ব পাৰে। অধিৱেশনৰ প্ৰথম দুটা দিন নৱ নিৰ্বাচিত সদস্যসকলৰ…
Read More
জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী

জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী

অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সৌজন্যত পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত আৰু ভেৰালদী ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ উদ্যোগত ১৩ জুনত ক্লাৱ ৰাইনো,বৰপেটাত পুৱা ১০ বজাৰ পৰা জিলা ভিত্তিত বহনক্ষম সামগ্ৰী/ আৰ্হি/ ধাৰণাৰ পৰিবেশ বিষয়ক প্ৰদৰ্শনী অনুষ্ঠিত হয় । ইকো ক্লাৱ সংযোজিত চৰকাৰী বিদ্যালয় সমুহৰ পৰা ছাত্ৰ ছাত্ৰীয়ে প্ৰায় ৩০ টা প্ৰকল্প প্ৰদৰ্শিত কৰে । প্ৰদৰ্শিত বিভিন্ন আৰ্হি সমুহৰ ওপৰত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃত্ৰিদীপ বৰুৱা, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী গিতিকা মেধি মুল্যায়নৰ দায়িত্বত থাকে । সেই হিচাপে মুল্যায়নত বিচাৰকৰ তুলাচনীত ক্ৰমে গজিয়া হাইস্কুলৰ ভাৰ্গৱ দাস আৰু আজমাদুল ইছলাম প্ৰথম ,দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেমিনা পাৰবীন আৰু…
Read More
নগৰবেৰা-বদলা-ৰাঙাপানী সংযোগী পকী পথ জলমগ্ন

নগৰবেৰা-বদলা-ৰাঙাপানী সংযোগী পকী পথ জলমগ্ন

কিয়নো নগৰবেৰা-সোনতলী সংযোগী পথৰ বদলা ৰাঙাপানীত পুখুৰী সদৃশ গাত থকাৰ বাবেই এজাক বৰষুণ দিয়াৰ ফলতে পথচাৰী সকলে বিপদ সংকুল ভাৱে অহা যোৱা কৰিব লগীয়া হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলক আশ্চৰ্যাম্ভিত কৰি তুলিছে। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে পথটিৰে অহাযোৱা কৰা পথচাৰী সকলে সুদীৰ্ঘ দিন ধৰি প্ৰায় এআঠু,কলাফুল তিয়াইহে পথটিৰে অহা যোৱা কৰিব লগীয়া হৈছে৷আনকি একেদৰে বিপজ্জনকভাৱে পানীৰেই পাৰাপাৰ হয় যান বাহনবোৰৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে নিতৌ এজাক বৰষুণতেই পানীৰে উপচি পৰা পথচোৱাৰে পাৰাপাৰ হ’ব লাগে। বৰ্ষা ঋতুত প্ৰতিবাৰেই বদলা-ৰাঙাপানী অঞ্চলত এনে আহুকলীয়া পৰিবেশৰ সৃষ্টি হয়।পথচোৱা অতি দ’ হোৱা বাবেই এনে বিপৰ্যয়ৰ সৃষ্টি হয় বুলি সচেতন মহলে মত…
Read More
চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

হোজাইৰ মোৰাঝাৰৰ চামৰালি বজাৰত আৰক্ষীয়ে এক গোপন সুত্ৰ পম খেদি চলোৱা এই অভিযানত জব্দ দুটাকৈ বন্ধুক৷ হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মোৰাঝাৰ ,চৌধুৰীবজাৰ আৰক্ষীৰ যৌথ অভিযানতজব্দ কৰে দুটাকৈ বন্ধুক ৷ উদ্ধাৰ হোৱা এটা ৫.৫৬ এম এম পিষ্টল৷পিষ্টলটো আব্দুল মুতলিব নামৰ লোকজনৰ পৰা উদ্ধাৰ হয়৷ চামৰালি বজাৰত থকা আব্দুল মুতলিবৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে অন্য এটা য়াৰগান৷ লগতে আব্দুল মুতলিবক গেপ্তাৰ কৰা হৈছে৷ আব্দুল মুতলিবৰ ঘৰ চামৰালিত যদিও লোকজন ডিমাপুৰত থাকে বুলি জনা গৈছে৷ লোকজনে ডিমাপুৰৰ পৰা অবৈধ বন্ধুক আনি ব্যৱসায়ী কৰে বুলি ৰাইজে সন্দেহ কৰিছে৷
Read More
খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয় পৰিদৰ্শন

খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয় পৰিদৰ্শন

বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক সমীন বৈশ্যই বাৰাদি মণ্ডল সমল কেন্দ্রৰ অন্তৰ্গত ১৩৭ নং বাৰাদি বালক প্ৰাথমিক বিদ্যালয়, ৪৪৪ নং পলাশৰতল প্ৰাথমিক বিদ্যালয় আৰু ১৪৭৫ নং দক্ষিণ পশ্চিম ভেৰালদি প্ৰাথমিক বিদ্যালয়ৰ পাঠদান কাৰ্য আৰু বিদ্যালয় আন্ত: গাঁথনি আদি পৰিদৰ্শন কৰে। বিদ্যালয় সমুহৰ শৈক্ষিক ব্যৱস্থা,আন্তঃ গাঁথনি ,মধ্যাহ্ন ভোজন আদি আন আন দিশবোৰ সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ উপৰি সহঃ শিক্ষক-শিক্ষয়িত্ৰীসকলক গঠনমূলক পৰামৰ্শ আগবঢ়ায় ৷ বৰপেটা খন্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয়ত মাতৃভাষাত পাঠদান কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ লগত বিদ্যালয়ৰ চৌহদত কথোপকথনৰ ক্ষেত্রত কাৰো স'তে আপোচ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। শৈক্ষিক দিশত এফ,এল,এন সামগ্ৰীৰ সদ…
Read More
অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান

আলোপতি নিবাসী তথা ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আব্দুল মান্নানৰ মংগলবাৰৰ দিনা নিজ বাসভৱনত কিডনী,মধুমেয় আৰু হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ।জানিব পৰা মতে আব্দুল মান্নানে পশ্চিম আলোপতি (কাতুলীপাৰা) প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷ শিক্ষকতা কৰি থকা অৱস্থাত প্ৰাথমিক বিদ্যালয় খন ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে "এমালগেমেনেশল" হয়।ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ২০২০ ইং চনত অৱসৰ গ্ৰহণ কৰে৷দীৰ্ঘ দিন ধৰি শিক্ষক আব্দুল মান্নান মধুমেয়,কিডনি আৰু হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেঁও ইহ সংসাৰত পত্নী সহ পাঁচজন পুত্ৰ,এজনী…
Read More
২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন ২৪ জুনৰ পৰা আৰম্ভ হ'ব। এই কথা বুধবাৰে প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। তেওঁ কয় যে অধিৱেশনৰ আৰম্ভণিতে নৱনিৰ্বাচিত সাংসদসকলক শপত গ্ৰহণ কৰোৱা হ'ব। অধিৱেশনৰ প্ৰথম তিনিদিনত নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু সদনৰ অধ্যক্ষ নিৰ্বাচিত হ'ব।অধিৱেশনখন ৩ জুলাইত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে ২৭ জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু পৰৱৰ্তী পাঁচ বছৰৰ বাবে নতুন চৰকাৰৰ কাম-কাজৰ ৰূপৰেখা প্ৰস্তুত কৰিব। ৰিজিজুৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয়- নৱ নিৰ্বাচিত সদস্যসকলৰ শপত, অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে ২৪ জুন ২০২৪ ৰ পৰা ৩ জুলাই ২০২৪…
Read More
চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।অমিত শ্বাহ আৰু জে পি নাড্ডা মঙলবাৰে সন্ধিয়া অনুষ্ঠানটোত উপস্থিত থাকিবলৈ হায়দৰাবাদত উপস্থিত হৈছিল। অন্ধ্ৰ প্ৰদেশৰ মনোনীত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰথমবাৰৰ বাবে ১৯৯৫ চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰে ১১ জুনত টিডিপি ৰ মুৰব্বীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল। চন্দ্ৰবাবু নাইডুৱে পুৱা ১১:২৭ বজাত শপত গ্ৰহণ কৰে। বিজয়ৱাড়াৰ উপকণ্ঠত কেচাৰাপল্লীৰ গন্নাভাৰাম বিমানবন্দৰৰ বিপৰীতে মেধা আইটি পাৰ্কৰ ওচৰত শপত গ্ৰহণ অনুষ্ঠান…
Read More
কাশ্মীৰ উপত্যকাত সক্ৰিয় ১৫০ ৰো অধিক সন্ত্ৰাসবাদী, অমৰনাথ যাত্ৰাক লৈ হাই এলাৰ্ট

কাশ্মীৰ উপত্যকাত সক্ৰিয় ১৫০ ৰো অধিক সন্ত্ৰাসবাদী, অমৰনাথ যাত্ৰাক লৈ হাই এলাৰ্ট

জম্মুৰ ৰিয়াচি অঞ্চলত তীৰ্থযাত্ৰীভৰ্তি বাছত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাতো সতৰ্কবাণী জাৰি কৰা হৈছে। বিশেষকৈ গান্দেৰবাল জিলাত নিৰাপত্তাৰ ক্ষেত্ৰত হাই এলাৰ্ট জাৰি কৰিছে, য'ত মাতা ক্ষীৰ ভৱানীৰ বাৰ্ষিক মেলা ১৬ জুনৰ পৰা আৰম্ভ হ'ব। শ্ৰীনগৰৰ পৰা ২২ কিলোমিটাৰ দূৰত গান্দেৰবালৰ টুলমুলাত অৱস্থিত মাতা ৰাণীক কাশ্মীৰী পণ্ডিতসকলে তেওঁলোকৰ পাৰিবাৰিক দেৱী হিচাপে গণ্য কৰে। ১৯৯০ চনত স্থানচ্যুতিৰ পিছত, কাশ্মীৰী পণ্ডিতসকলে সমগ্ৰ দেশজুৰি বিয়পি পৰিছিল আৰু এই দিনটোত কাশ্মীৰ উপত্যকালৈ আহি উপাসনা কৰে, কিন্তু দেওবাৰে (৯ জুন) সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, এতিয়া তেওঁলোকৰ আগমনকলৈ প্ৰশ্ন চিহ্ন আইছে। মাতা ক্ষীৰ ভৱানী মেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ৰূপত চলি আছে। সোমবাৰে ( ১০ জুন) দক্ষিণ ভাৰতৰ পৰা…
Read More