25
Aug
ইউটিআই মাষ্টাৰশ্বেয়াৰ ইউনিট স্কিম (Scheme) হৈছে ভাৰতৰ প্ৰথম ইকুইটি-অৰিয়েণ্টেড ফাণ্ড, যি ১৯৮৬ চনৰ অক্টোবৰত আৰম্ভ কৰা হৈছিল । ইয়াৰ ৩৫ বছৰতকৈও অধিক সম্পদ অর্জনৰ ট্ৰেক ৰেকৰ্ড আছে। ইউটিআই মাষ্টাৰশ্বেয়াৰ ইউনিট স্কিম হৈছে এক মুক্ত-সমাপ্ত (open-ended) ইকুইটি স্কিম, যাৰ মুখ্য লক্ষ্য হৈছে তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত প্ৰতিযোগিতামূলক সুবিধা থকা লাৰ্জ কেপ কোম্পানীবোৰত বিনিয়োগ কৰা। ই ষ্টক পিকিঙৰ বাবে বিকাশৰ এক যুক্তিসঙ্গত মূল্যত (GARP) বিনিয়োগ শৈলী অনুসৰণ কৰে। ইয়াৰ অৰ্থ হৈছে যে, কোম্পানী এটাৰ উপাৰ্জনৰ অন্তৰ্নিহিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, পৰ্টফলিঅ'ত সেই ষ্টকটো ক্ৰয় কৰিবলৈ এক যুক্তিসঙ্গত মূল্য পৰিশোধ কৰা। পুঁজিৰ লক্ষ্য হৈছে নিয়ন্ত্ৰিত ঋণ, নিৰন্তৰ ৰাজহ বৃদ্ধি, লাভৰ ওপৰত গুৰুত্ব দিয়া, মূলধনৰ ব্যয়তকৈ…
