10
Feb
ভাৰতৰ আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে আজি পশ্চিম বংগ চৰকাৰক ২১৮ খন উইঙ্গাৰ পশু চিকিৎসা ভান প্ৰদান কৰাৰ কথা ঘোষণা কৰে। পশ্চিম বংগচৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু পশ্চিম বংগ চৰকাৰৰ মাননীয় পশু সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী স্বপন দেৱনাথৰ লগতে পশ্চিম বংগ চৰকাৰ আৰু টাটা মটৰ্ছৰ প্ৰতিনিধিসকলে বাহনসমূহৰ শুভাৰম্ভ কৰে। বিশেষভাৱে অনুকূলিত টাটা উইংগাৰকেইখন পশু আৰু পশুধন কল্যাণৰ বাবে পশু সম্পদ বিকাশ বিভাগে ব্যৱহাৰ কৰিব। চৰকাৰী সংস্থাৰ চৰ্তাৱলী আৰু নিয়মাৱলী অনুসৰি টাটা মটৰ্ছ শীৰ্ষ নিবিদাদাতা হিচাপে আত্মপ্ৰকাশ কৰে আৰু অত্যাধুনিক বৈশিষ্ট্যৰে সজ্জিত সম্পূৰ্ণৰূপে নিৰ্মিত উইঙ্গাৰ পশু চিকিৎসা ভানৰ ফ্লীট প্ৰদান কৰে। ই-বিডিং প্ৰক্ৰিয়াটো চৰকাৰী ই-মাৰ্কেটপ্লেচৰ জৰিয়তে সম্পন্ন কৰা হৈছিল।…