editor

3175 Posts
বিমানৰ ভিতৰতে পতি-পত্নীৰ দুৰ্বাদল কাজিয়া! দিল্লীত জৰুৰী অৱতৰণ

বিমানৰ ভিতৰতে পতি-পত্নীৰ দুৰ্বাদল কাজিয়া! দিল্লীত জৰুৰী অৱতৰণ

মিউনিখৰ পৰা অহা লুফথানছাৰ বিমানৰ ভিতৰতে স্বামী-স্ত্ৰীৰ মাজত সূত্ৰপাত কাজিয়াৰ। দুয়োৰে মাজত কাজিয়া ইমানেই বৃদ্ধি পায় যে হতাহতি পৰ্যন্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনৰ ভিতৰৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ পিছত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই)ত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। লুফথানছাৰ বিমান নম্বৰ LH772 মিউনিখৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককলৈ গৈ আছিল। নিউজ এজেন্সী এ এন আইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ পিছত বিমানখন দিল্লী অভিমুখে ডাইভাৰ্ট কৰা হয়। দিল্লী বিমানবন্দৰৰ সূত্ৰ অনুসৰি এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে এই খবৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে বিমানবন্দৰত উপস্থিত হৈ বিমানৰ গেট খোলাৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰে। কোৱা হৈছে যে…
Read More
১৫ ডিচেম্বৰৰ পৰা ভেলেন্সিয়াত পাঁচ ৰাষ্ট্ৰৰ প্ৰতিযোগিতা খেলিব ভাৰতীয় হকী দলে

১৫ ডিচেম্বৰৰ পৰা ভেলেন্সিয়াত পাঁচ ৰাষ্ট্ৰৰ প্ৰতিযোগিতা খেলিব ভাৰতীয় হকী দলে

হকী ইণ্ডিয়াই মঙলবাৰে স্পেইনত অনুষ্ঠিত হ'বলগীয়া পাঁচ খন দেশৰ প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ অংশ হিচাপে পুৰুষৰ ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ৩৯ জনীয়া মূল গোটৰ দল ঘোষণা কৰে। মুখ্য প্ৰশিক্ষক ক্ৰেগ ফুলটনে নতুন দৃষ্টিভংগীৰে অহা বছৰৰ পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাব বিচাৰিছে। ভাৰতীয় পুৰুষ হকী দলে হাংঝৌ এছিয়ান গেমছত সোণৰ পদক লাভ কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। দলটোৱে এতিয়া ১৫ ডিচেম্বৰৰ পৰা ভেলেন্সিয়াত এখন পাঁচ ৰাষ্ট্ৰৰ প্ৰতিযোগিতা খেলিব। বিশ্ব চেম্পিয়ন জাৰ্মানী, ফ্ৰান্স, বেলজিয়াম আৰু আয়োজক স্পেইন প্ৰতিযোগিতাখনৰ আন দল। পুৰুষৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ বুধবাৰে বাংগালুৰুৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই) কেন্দ্ৰত আৰম্ভ হ'ব। প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয়-হাংঝৌ এছিয়ান গেমছত সফল অভিযানৰ পিছত এইটো…
Read More
বাবা ৰামদেৱৰ পতঞ্জলিৰ জৰিয়তে বিক্ৰী হ’ব অসমৰ চাহ

বাবা ৰামদেৱৰ পতঞ্জলিৰ জৰিয়তে বিক্ৰী হ’ব অসমৰ চাহ

অসমে দেশৰ প্ৰায় ৫০ শতাংশ চাহ উৎপাদন কৰা স্বত্বেও ৰাজ্যখনৰ ২০০ বছৰ পুৰণি চাহ উদ্যোগটো ভয়ানক সংকটত পৰিছে। এই পৰিস্থিতি দূৰ কৰিবলৈ মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাই অসম চাহৰ ব্ৰেণ্ডিং আৰু বিপণনৰ দায়িত্ব ল'বলৈ বাবা ৰামদেৱৰ কাষ চাপিছে। যদি পৰিকল্পনা অনুসৰি কাম বোৰ যায় তেন্তে অসম চাহ সোনকালেই সমগ্ৰ বিশ্বত বাবা ৰামদেৱৰ পতঞ্জলিৰ জৰিয়তে বিক্ৰী কৰা হ'ব।অসম শ্ৰম আৰু নিযুক্তি মন্ত্ৰী সঞ্জয় কিষানে শেহতীয়াকৈ অসম চাহৰ ব্ৰেণ্ডিং আৰু বিপণনৰ দায়িত্ব পতঞ্জলিক হস্তান্তৰ কৰাৰ অসম চৰকাৰৰ প্ৰস্তুতি নিশ্চিত কৰিছে। শেহতীয়াকৈ, পতঞ্জলিক অসমৰ তিনিচুকীয়া জিলাৰ সাদিয়াত পাম তেল খেতিৰ বাবে ২০,০০০ হেক্টৰ ভূমি হস্তান্তৰ কৰা হৈছিল, যদিও এই পদক্ষেপত বহুতো ৰাজনৈতিক দল, সংগঠন…
Read More
তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাত কংগ্ৰেছে ঢাক-ঢোল বজাইছে কৰ্ণাটকৰ চৰকাৰৰ। যাৰ একমাত্ৰ লক্ষ্য হৈছে তেলেংগানাৰ ভোটাৰক প্ৰভাৱিত কৰা। ফলত কংগ্ৰেছ শাসিত চৰকাৰে আচৰণ বিধি ভংগ কৰিছে। এই অভিযোগ লৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে বিজেপি। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে জাননী জাৰি কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে। যোৱা শনিবাৰে কৰ্ণাটক চৰকাৰে তেলেংগানাৰ বিভিন্ন বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন জাৰি কৰিছিল। মুখ্যমন্ত্রী সিদ্দাৰমাইয়া, উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰকে ধৰি অন্যান্য মন্ত্রীসকলৰ ছবি থকা বিজ্ঞাপনসমূহ তেলেগু ভাষাত ছপা কৰা হৈছিল৷ তেতিয়াৰ পৰাই এনেধৰণৰ বিভিন্ন বিজ্ঞাপন য়েনাডু, অন্ধ্ৰজ্যোতি, ভেলেগু, ডেক্কান ক্ৰনিকল, দ্য হিন্দু, ইংৰাজী কাকত যেনে টাইমছ অৱ ইণ্ডিয়া আদি কাকতৰ পৃষ্ঠাত তেলেগু ভাষাত একেৰাহে তিনিদিন ছপা…
Read More
লজ্জাজনক! নিজ কন্যাকে ধৰ্ষণ কৰিবলৈ প্ৰেমিকক সহায় পাষাণ মাতৃৰ, ৪০ বছৰৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

লজ্জাজনক! নিজ কন্যাকে ধৰ্ষণ কৰিবলৈ প্ৰেমিকক সহায় পাষাণ মাতৃৰ, ৪০ বছৰৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

পৃথিৱীৰ আটাইতকৈ ভাল লগা শব্দ যদি আছে, তেন্তে সেয়া হৈছে 'আই’। সন্তানৰ বাবে মাতৃৰ মমতা আন কাৰোৰে সৈতে নিশ্চয় তুলনা কৰিব নোৱাৰি। কিন্তু এইখন পৃথিৱীত এনে মাতৃও আছে, যিয়ে নিজৰ লজ্জাজনক কাণ্ডৰে চৰ্চা লাভ কৰিও আহিছে। তেনে এগৰাকী পাষাণ মাতৃকে শেহতীয়াকৈ ৪০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি বিহিলে কেৰালাৰ এখন আদালতে। নিজৰ কণমানি দুই সন্তানক দিনৰ পিছত দিন ধৰি শাৰীৰিক নিৰ্যাতন চলোৱাত প্ৰেমিকক সহায় কৰি অহা এই নিৰ্লজ্জ মাতৃক POCSO গোচৰত ২০ হাজাৰ টকা জৰিমনাও বিহা হয়। বাতৰি অনুসৰি, ২০১৮ চনৰ মাৰ্চৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰৰ ভিতৰত দুগৰাকী কণমানি ছোৱালীয়ে এই নৰকীয় অত্যাচাৰ অবিৰতভাৱে সহ্য কৰিবলগীয়া হৈছিল। নিৰ্যাতিতা কণমানি দুগৰাকীৰ এজনীৰ…
Read More
উত্তৰকাশীৰ সুৰংগত ৪১ শ্ৰমিকৰ আজি ১৭ দিন! ৰেট হোল মাইনিঙৰ জৰিয়তে উদ্ধাৰৰ চেষ্টা…

উত্তৰকাশীৰ সুৰংগত ৪১ শ্ৰমিকৰ আজি ১৭ দিন! ৰেট হোল মাইনিঙৰ জৰিয়তে উদ্ধাৰৰ চেষ্টা…

আজি ১৭ দিন পাৰ হৈছে উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ। শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে পাঁচটা পদ্ধতিৰে অভিযান অব্যাহত ৰখা হৈছে। বিগত দুসপ্তাহৰো অধিক সময় ধৰি একেৰাহে আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে যদিও এতিয়াও সূৰ্যৰ কিৰণৰ পৰা বঞ্চিত হৈ আছে এই শ্ৰমিকসকল। উদ্ধাৰ অভিযানত ৰেট হোল মাইনিঙৰ জৰিয়তেও চলোৱা হৈছে উদ্ধাৰৰ প্ৰচেষ্টা। অগাৰ মেচিন বিকল হোৱাৰ পিছত ৰেট হোল মাইনিঙৰ জৰিয়তে অনুভূমিক ড্ৰিলিং কৰা হৈছে। এই কামৰ বাবে ৰেট হোল মাইনিং বিশেষজ্ঞ নিয়োগ কৰা হৈছে। এই পদ্ধতিৰে হাতেৰে খনন কাৰ্য চলাইছে শ্ৰমিকসকলে। জানিব পৰা মতে, এতিয়ালৈকে প্ৰায় ৪ মিটাৰ খনন সম্ভৱ হৈছে। ৰেট…
Read More
প্ৰধানমন্ত্ৰী মোডীক জাতিৰ পিতাৰ সৈতে তুলনা! উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

প্ৰধানমন্ত্ৰী মোডীক জাতিৰ পিতাৰ সৈতে তুলনা! উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

প্ৰধানমন্ত্ৰী মোডীক মহাত্মা গান্ধীৰ সৈতে তুলনা কৰি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৰা মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছে কংগ্ৰেছ সাংসদ মণিকম ঠাকুৰ। ঠাকুৰে কয় যে তৈল মৰ্দনৰ সীমা আছে যদিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সেই সীমাও অতিক্ৰম কৰিছে। এনেকৈ কথা পাতিলে আপুনি যি পদবীত আছে তাৰ প্ৰতিপত্তি বাঢ়ি নাযায়। দৰাচলতে ২৭ নৱেম্বৰ সোমবাৰে এক অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে যোৱা শতিকাৰ মহান ব্যক্তি মহাত্মা গান্ধী, কিন্তু এই শতিকাৰ মহান ব্যক্তি নৰেন্দ্ৰ মোডী। তেওঁ কয় যে মহাত্মা গান্ধীয়ে আমাক সত্য আৰু অহিংসাৰ জৰিয়তে ইংৰাজৰ দাসত্বৰ পৰা মুক্ত কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক প্ৰগতিৰ পথত ৰাখিছে, যাৰ ওপৰত আমি সদায় চাব ​​বিচাৰো। জৈন চিন্তাবিদ তথা…
Read More
বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত আনন্দ উদযাপন! কাশ্মীৰত গ্ৰেপ্তাৰ ৭ শিক্ষাৰ্থী

বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত আনন্দ উদযাপন! কাশ্মীৰত গ্ৰেপ্তাৰ ৭ শিক্ষাৰ্থী

বিশ্বকাপ-২০২৩ৰ ফাইনেলত ভাৰতৰ পৰাজয় উদযাপন কৰা জম্মু-কাশ্মীৰৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত আটাইকেইজন কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে। অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আটাই কেইজনক। সোমবাৰে এই তথ্য প্ৰদান কৰে আৰক্ষীয়ে। আটাইকেইজন অভিযুক্ত শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আৰক্ষীয়ে জনোৱা মতে, এজন অস্থানীয় ছাত্ৰৰ অভিযোগৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষাৰ্থী কেইজনক। অভিযোগকাৰী ছাত্ৰজনে তেওঁৰ সহপাঠীসকলে তেওঁক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰিছিল। ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে আপত্তিজনক শ্লোগান দি ভাৰতৰ পৰাজয় উদযাপন কৰিছিল। বিষয়াসকলে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ইউএপিএ আৰু আইপিচিৰ বিভিন্ন শাখাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।…
Read More
গৌৰীপুৰত STFৰ অভিযানত ১.৮ কেজি হেৰ’ইন জব্দ, দুজনক আটক

গৌৰীপুৰত STFৰ অভিযানত ১.৮ কেজি হেৰ’ইন জব্দ, দুজনক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে সোমবাৰে কামৰূপ জিলাৰ অন্তৰ্গত গৌৰীপুৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ১.৮ কেজি নিষিদ্ধ হেৰ’ইন। গোপন খবৰৰ ভিত্তিত অভিযান চলাই অভিযানকাৰী দলটোৱে এ এছ ২৫ ই চি ৪৪৬৪ নম্বৰৰ এখন টাটা ডি আই বাহনৰ পৰা জব্দ কৰে হেৰ’ইনখিনি। প্ৰাথমিক খবৰ অনুসৰি শৰাইঘাটত আৰক্ষীয়ে জব্দ কৰে বাহনখন। কিন্তু চেকপইণ্টত ৰৈ থকা আৰক্ষীৰ তথ্য পোৱাৰ পিছত বেপাৰীসকলে বাহনখন লৈ চাংসাৰীৰ ফালে পলায়ন কৰে। পলায়ন কৰা বেপাৰীসকলক কৰায়ত্ত কৰিবলৈ এছটিএফৰ দলটোৱে ২ জাঁই গুলীচালনা কৰে আৰু তাৰ পিছত গাড়ীখন ৰখাই দিয়া হয়। ইয়াৰ পিছতে গাড়ীখনত তালাচী চলোৱাৰ পিছত বেপাৰীয়ে ইংগিত দিয়াৰ দৰে গাড়ীখনৰ এটা লুকাই থকা…
Read More
মিনাকুমাৰী ৰায়মেধি-ডঃ হৃষিকেশ বৰুৱাক ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ প্ৰদান

মিনাকুমাৰী ৰায়মেধি-ডঃ হৃষিকেশ বৰুৱাক ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ প্ৰদান

গদ্য সাহিত্যৰ জনক মহাপুৰুষ ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী শুক্লা অষ্টমী উপলক্ষে এইবেলি মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ উদ্যোগত সংঘৰ বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিয়ে নিজ এলেকাৰ অন্তৰ্গত বিশিষ্ট কথা- সাহিত্যসেৱী সকলক 'মহাপুৰুষ ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ-২০২৩' প্ৰদান কৰে। কাৰ্যসূচীৰ অংশ স্বৰূপে অলপতে সংঘৰ কামৰূপ (মহানগৰ) সমিতিৰ উদ্যোগত বিশিষ্ট গল্পকাৰ, সদৌ অসম লেখিকা সমাৰোহৰ উপ-সভানেত্ৰী গুৱাহাটীৰ হাটীগাওঁৰ মিনাকুমাৰী ৰায়মেধি আৰু উলুবাৰী কে.চি. দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হৃষিকেশ বৰুৱাক ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ প্ৰদান কৰা হয়। জিলা সংঘাধিকাৰ প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া আৰু সংঘাধিকৰ্তা বাবুল ৰাজবংশীৰ নেতৃত্বত এটি দলে দুয়োগৰাকী স্বনামধন্য ব্যক্তিৰ বাসভৱনত উপস্থিত হৈ এই বৰণ প্ৰদান কৰে। কাৰ্যসূচীটোত উপস্থিত থাকে ক্ৰমে…
Read More