12
Jan
নিৰ্বাচনৰ পূৰ্বে পদত্যাগৰ জোৱাৰ উঠিছে যোগী শিৱিৰত! ৰাজ্য চৰকাৰৰ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ পদত্যাগৰ পিছত এইবাৰ আন এগৰাকী মন্ত্ৰীয়ে দলত্যাগ কৰাৰ খবৰ পোহৰলৈ আহিছে। যোগী চৰকাৰৰ মন্ত্ৰী তথা অবিচি নেতা দাৰা সিং চৌহানে বুধবাৰে বিজেপি ত্যাগ কৰাৰ পিছতে এতিয়া উত্তৰ প্ৰদেশত ক্ৰমাৎ বিধ্বস্ত হোৱা দেখা গৈছে শাসকীয় দলটোক। ৰাজ্যিক বিজেপিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দাৰা সিং চৌহানে লিখিছে- "মোক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্ত্ৰীসভাত বন পৰ্যৱেক্ষণ আৰু পশু উত্থান মন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। মই এতিয়ালৈকে মোৰ বিভাগৰ উন্নতিৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছো। কিন্তু, চৰকাৰে পিছপৰা, দলিত, কৃষক, নিবনুৱাসকলৰ বাবে একো কৰা নাই। ইয়াৰ পৰিৱৰ্তে, দলিতসকলৰ ওপৰত অন্যায় কৰা হৈছে।…