editor

3166 Posts
আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস। ৰাজ্যজুৰি আজি পালন হৈছে শিল্পী দিৱস। ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম আৰু সাধনাৰ থলী ঐতিহ্যমণ্ডিত তেজপুৰ শিল্পী গৰাকীৰ কালজয়ী গীত-মাত আৰু কবিতাৰে মুখৰিত হৈ পৰে। সেই অনুসৰি পুৱাতেই তেজপুৰ চহৰৰ কমলানগৰস্থিত সমাধিস্থলীত উপস্থিত হৈ বিভিন্ন দল-সংগঠন, শিল্পী, সাহিত্যিক আৰু ৰাইজে কোভিড প্ৰট'কল মানি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতেদি জ্যোতি ভাৰতীতো শিল্পী দিৱসৰ উদযাপন কৰা হয়।
Read More
কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজ আৰু নাই!

কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজ আৰু নাই!

ভাৰতৰ কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজৰ সোমবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। প্ৰখ্যাত নৃত্যশিল্পীগৰাকীৰ নাতিনী ৰাগিনী মহাৰাজে প্ৰকাশ কৰা মতে, নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অন্তক্ষৰী' খেলি থকাৰ সময়তে অসুস্থ হৈ পৰে বিৰ্জু মহাৰাজ। ভাৰতৰ অন্যতম জনপ্ৰিয় কথক নৃত্যশিল্পীগৰাকী বৃক্কৰ ৰোগত আক্ৰান্ত আছিল আৰু ডায়েলাইচিছ চিকিৎসাধীন আছিল। উল্লেখ্য যে, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত বিৰ্জু মহাৰাজৰ জন্ম হৈছিল ১৯৩৭ চনৰ ৪ ফেব্ৰুৱাৰীত। তেওঁৰ প্ৰকৃত নাম আছিল ব্ৰজ মোহন নাথ মিশ্ৰ। কিন্তু কথক নৃত্যক বিশ্বমুখী মাত্ৰা প্ৰদান কৰি তেওঁ বিৰ্জু মহাৰাজ নামেৰে পৰিচিত হৈ পৰে। আনহাতে…
Read More
এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী, সৰবৰাহৰ বিৰুদ্ধে যিমানেই আৰক্ষী কঠোৰ হৈছে সিমানেই ন ন কৌশলেৰে সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা চলাইছে একাংশই। এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰা তিনি সৰবৰাহকাৰীক দেওবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত ম’হখুলিত এ এছ ১২ এ চি ৪৮৬২ নম্বৰৰ এখন এম্বুলেন্সসহ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এম্বুলেন্সৰ চালক ৰফিকুল ইছলামৰ লগতে চহিদুল হক আৰু মামনি বেগম নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
Read More
মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

পুনৰ বহি:ৰাজ্যত আক্ৰমণৰ বলি হল অসমীয়া যুৱক। এইবাৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হল বোকাখাতৰ সজন কুমাৰ শইকীয়া নামৰ এজন যুৱক। মিজোৰামত ফকলেন কোম্পানিত কৰ্মৰত বোকাখাত ৰজাবাৰীৰ সজন কুমাৰ শইকীয়া। মিজোৰামৰ আইজলত কৰ্মস্থলীৰ পৰা উভতাৰ পথত ধন দাবী কৰি মিজো দুৰ্বৃত্তই মাৰপিত কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনক। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক জন সম্প্ৰতি আইজলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে পুত্ৰৰ কাষলৈ ৰাওনা হৈছে পিতৃ-মাতৃ।
Read More
নগাঁৱৰ কলঙৰ পাৰত ভোগালী বিহু উৎযাপন, গীতে-মাতে মুখৰ পৰিৱেশ

নগাঁৱৰ কলঙৰ পাৰত ভোগালী বিহু উৎযাপন, গীতে-মাতে মুখৰ পৰিৱেশ

ঋতু পৰ্ণ শৰ্মা, নগাঁও: ভোগৰ উৎসৱ ভোগালী বিহুৰ মাঘৰ পহিলা দিনটোতে শনিবাৰে নগাঁও জিলাৰ জাগীয়ালৰ কলঙৰ পাৰত উজ্বলি উঠিল ভোগালী বিহুৰ বিভিন্ন কাৰ্যসূচী। কলং নদীৰ পাৰৰ বিনন্দীয়া নৈসৰ্গিক পৰিবেশৰ মাজত জাগীয়াল ৰাজহুৱা ভৱন প্ৰাংগণত পুৱা পৰিবেশ নিকাকৰণৰ পিছত পুৱা ৯ বজাত ভোগালীৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাই। ইয়াৰ পিছতেই নাম প্ৰসঙ্গ, ভোগালীক আদৰণি অনুষ্ঠান, জলযোগ আপ্যায়নৰ ভোগালীৰ আড্ডা-অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই সঞ্চালনা কৰি ভাষণ প্ৰসংগত কয় যে সম্প্ৰীতি-সমন্বয়ৰ প্ৰাচীন চানেকীৰে উজ্জিৱীত শ্ৰীমন্ত শংকৰদেৱ, গুৰুনানক আৰু আজান ফকীৰে তেতিয়াই দেখুৱাই যোৱা সম্প্ৰীতিৰ এনাজৰীডালত আজিও সুদৃঢ় ভাৱে বান্ধ খাই…
Read More
চিৰাঙত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

চিৰাঙত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

চিৰাঙৰ ঢালিগাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে শনিবাৰে নিশা কাজলগাঁও এলেকাত গোপন খবৰৰ ভিত্তিত অভিযান চলাই আব্বাছ আলী (২৭) নামৰ এজন ড্ৰাগছ সৰবৰাহীক আটক কৰে। ইফালে ধৃত সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ৩০ টা প্লাষ্টিকৰ কন্টেইনাৰত ৪.৩৯ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা মোবাইল ফোন জব্দ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ ঘৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানা এলেকাত। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক সোধপোছ অব্যাহত ৰাখিছে।
Read More
পুনৰ ইটানগৰত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান ANYAৰ

পুনৰ ইটানগৰত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান ANYAৰ

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত সৃষ্টি হৈছে অচলাৱস্থাৰ। ১৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা All Nyishi Youth Association (ANYA)-এ পুনৰ এবাৰ আহ্বান জনাইছে ৪৮ ঘন্টিয়া বন্ধৰ। ANYA ৰ কৰ্মীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনৰ কঠোৰ দমনমূলক নীতিৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। উল্লেখ্য যে, পেমা খাণ্ডু চৰকাৰৰ পদত্যাগৰ দাবীত ১৩, ১৪ জানুৱাৰীত ৩৬ ঘণ্টাৰ ইটানগৰ বন্ধ পালন কৰিছিল সংগঠনটোৱে। সেই বন্ধৰ সময়ত আটক কৰা ১৩০ জন ANYA কৰ্মীক এতিয়াও মুক্তি দিয়া নাই আৰক্ষীয়ে। ইয়াৰ মাজতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ANYA ৰ উপ সভাপতি টেমি পাব’ক। আৰক্ষীৰ এই দমন নীতিৰ প্ৰতিবাদত ১৮ জানুৱাৰীৰ পৰা ৪৮ ঘণ্টাৰ অৰুণাচলৰ ৰাজধানী ইটানগৰ বন্ধৰ আহ্বান ANYA ৰ।
Read More
শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

এইবাৰ নিশ্চিতভাৱে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ৷ শিক্ষা বিভাগে পৰীক্ষা আনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ লখিমপুৰত ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'বলৈ আহি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰনোজ পেগুৱে।
Read More
Amazon.in গ্ৰেট ৰিপাব্লিক ডে চেল ঘোষণা কৰিছে

Amazon.in গ্ৰেট ৰিপাব্লিক ডে চেল ঘোষণা কৰিছে

আমাজন ইণ্ডিয়াৰ 'গ্ৰেট ৰিপাব্লিক ডে চেল'য়ে ১৭ ৰ পৰা ২০ জানুৱাৰীলৈ সকলোৰে বাবে ডাঙৰ সঞ্চয় আগবঢ়াইছে। প্ৰাইম সদস্যসকলে ১৬ জানুৱাৰীৰ পৰা ২৪ ঘণ্টা আগতীয়া প্ৰৱেশাধিকাৰ লাভ কৰিব। গ্ৰাহকসকলে স্মাৰ্টফোন, উপভোক্তা ইলেক্ট্ৰনিকছ, ফেশ্বন আৰু সৌন্দৰ্যৰ প্ৰয়োজনীয়তা, গৃহ আৰু পাকঘৰ, ডাঙৰ সঁজুলি, টিভি, দৈনিক প্ৰয়োজনীয় সামগ্ৰী আৰু অধিক কেধৰি শ শ শ্ৰেণীত শিল্পী আৰু শিপিনী, মহিলা উদ্যোগী, ষ্টাৰ্ট-আপ, ব্ৰেণ্ড, আৰু স্থানীয় চুবুৰীয়া দোকানকে ধৰি বিক্ৰেতাসকলে আগবঢ়োৱা লাখ লাখ সামগ্ৰীৰ পৰা ক্ৰয় কৰিব পাৰে। গ্ৰেট ৰিপাব্লিক ডে চেলৰ সময়ত বজাৰ কৰা গ্ৰাহকসকলে এছ.বি.আই. ক্ৰেডিট কাৰ্ড আৰু ই.এম.আই. লেনদেনৰ সৈতে অতিৰিক্ত ১০% তাৎক্ষণিক ৰেহাই লাভ কৰি অধিক সঞ্চয় কৰিব পাৰে; বাজাজ ফিনচাৰ্ভ ইএমআই কাৰ্ড,…
Read More
উত্তৰ প্ৰদেশ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, গোৰখপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, গোৰখপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোগী আদিত্যনাথে

ডিজিটেল ডেস্কঃ অযোধ্যা বা মথুৰা নহয়, গোৰখপুৰেই শেষ ভৰসা হব যোগীৰ! উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আগন্তুক বিধানসভা নিৰ্বাচনত গোৰখপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। শনিবাৰে কেন্দ্ৰীয় বিজেপি সমিতিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বিজেপি সমিতিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যোগী আদিত্যনাথে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিও নিৰ্ধাৰণ কৰিছে। আনহাতে, দলটোৱে ঘোষণা কৰিছে যে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই প্ৰয়াগৰাজৰ চিৰাথু সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দিল্লীত কেন্দ্ৰীয় বিজেপি সমিতিৰ হৈ এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। মন্ত্ৰীজনে প্ৰথম পৰ্যায়ত ৫৮ টা সমষ্টিৰ ভিতৰত ৫৭…
Read More