editor

3175 Posts
দেশত কমিছে কোৰোনাৰ আক্ৰান্তৰ

দেশত কমিছে কোৰোনাৰ আক্ৰান্তৰ

সোমবাৰতকৈ মঙলবাৰে কোৰোনাত আক্ৰান্তৰ সংখ্যা প্ৰায় ২০হাজাৰ হ্ৰাস পালে। বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৬৭, ৫৯৭গৰাকী। শত পজিটিভিটীৰ হাৰ হৈছে ৫.০২। বৰ্তমান চিকিতসাধীন অৱস্থাত থকা ৰোগীৰ সংখ্যা হৈছে ৯লাখ ৯৪হাজাৰ। ১,১৮৮গৰাকী ৰোগীৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে ১কোটি ১লাখ মানুহক প্ৰদান কৰা হৈছে ভেকচিন।
Read More
জোৰশিমুলীৰ  লাৰুৱাজানত ২ আটক

জোৰশিমুলীৰ লাৰুৱাজানত ২ আটক

কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত জোৰশিমুলীৰ লাৰুৱাজানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ শুকান গাঞ্জাসহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়৷ আৰক্ষীৰ অভিযানকালত বৃহৎ পৰিমাণৰ শুকান গাঞ্জা জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰে৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য আনুমানিক ১.২০ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে৷ ধৃত লোক দুজন হৈছে লাৰুৱাজান গাঁৱৰ হাৰুণ মিঞাৰ পুত্ৰ ফাইজুল হক (৪০) আৰু জৈনুদ্দিন আলীৰ পুত্ৰ আশ্ৰাফুল আলী (২৫) বুলি চিনাক্ত কৰা হৈছে৷ ধৃত সৰবৰাহকাৰী দুটাক ছয়গাঁও আৰক্ষীয়ে নিজৰ জিম্মালৈ নি জেৰা অব্যাহত ৰাখিছে৷
Read More
নগাঁৱত শিলাবৃষ্টিত ১৮২০ঘৰ ক্ষতিগ্ৰস্ত

নগাঁৱত শিলাবৃষ্টিত ১৮২০ঘৰ ক্ষতিগ্ৰস্ত

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দেওঁবাৰে সংঘটিত প্ৰবল শিলাবৃষ্টিত ব্যাপক ক্ষতি সাধন হোৱাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ জিলাখনৰ ২৮ খন ৰাজহগাঁও এই শিলাবৃষ্টিত ক্ষতিগ্ৰস্হ হোৱাৰ বাতৰি পোৱা গৈছে ৷ শিলাবৃষ্টিত প্ৰায় আঠ হাজাৰ লোক ক্ষতিগ্ৰস্হ হৈছে ৷ বিশেষকৈ চামগুৰি , ৰহা , নগাঁও সদৰ ৰাজহ চক্ৰৰ অধীনৰ এই ক্ষতিগ্ৰস্হ লোকসকল ৷ শিল পৰাৰ ফলত প্ৰায় ১৮২০ টা ঘৰৰ ক্ষতি হয় ৷ শিল বৰষূনৰ ফলত ঘৰৰ টিনপাত , খেৰৰ চালি আদি ধ্বংশ হয় ৷ অৱশ্যে শিলাবৃষ্টিত কোনো লোকৰ মৃত্যু হোৱা নাই ৷ যদিও এঘাৰটা পশু ধন শিলাবৃষ্টিত মৃত্যু হৈছে ৷ বহমপুৰত প্ৰায় তিনিশ বগলীৰ মৃত্যু হয় ৷ শিলা বৃষ্টিৰ ফলত আহত…
Read More
পবিতৰা অভয়াৰণ্যত  জলচৰ পক্ষীৰ গণনা সম্পন্ন

পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষীৰ গণনা সম্পন্ন

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা পক্ষী গণনা কাৰ্য্য দুপৰীয়া ১২ বজাত সামৰণি পৰে।অভয়াৰণ্য খনত এইবাৰ  মুঠ ৫৬ টা প্ৰজাতিৰ ৮১৮৮ টা জলচৰ পক্ষী পোৱা গৈছে।পৰিভ্ৰমী পক্ষীৰ কলকাকলিৰে মুখৰিত হৈ থকা অভয়াৰণ্য খনত আজি জলচৰ পক্ষীৰ গণনা কাম আৰম্ভ কৰে বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক ৰ কৰ্ম কৰ্তা সকলে। এইবাৰ গণনাৰ কাম বহু পলম কৈ আৰম্ভ কৰাৰ বাবেও প্ৰকৃত তথ্য পাবলৈ সক্ষম নহল গণনা কাৰী দলটো।ডিচেম্বৰ বা জানুৱাৰীৰ প্ৰথম ভাগত গণনা কৰা হেতেন জলচৰ পক্ষীৰ অৱস্থিতি ৰ আচল ছবি এখন দেখা পোৱা গল হেতেন।আনহাতে অভয়াৰণ্য ৰ কিনাৰেদি যোৱা মায়ং কমাৰপুৰ চামতা সংযোগী ব্যস্ত পথত অত্যাধিক শব্দ প্ৰদূষণ…
Read More
সাংসদ বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

সাংসদ বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

ধুবুৰী জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা ধুবুৰী জিলা ‘দিশা’ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত বিভিন্ন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰা হয়৷ বৈঠকত স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, জিলা পৰিষদ, জিলা গ্ৰামোন্নয়ণ অভিকৰণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, বেংক, সৰ্বশিক্ষা, মধ্যাহ্ন ভোজন, চৰ অঞ্চল উন্নয়ণ, জলসিঞ্চন, মীন, টেলিকম, বেংক আদি বিভিন্ন বিভাগৰ কাম-কাজ আৰু কাৰ্যসূচীৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে জনপ্ৰতিনিধিসকলে বিভাগবোৰৰ বিষয়াসকলক বিভিন্ন বিষয় সন্দৰ্ভত পোনপতীয়াকৈ প্ৰশ্ন কৰে আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়৷
Read More
ৰাষ্ট্ৰীয়  পথৰে  যোৰহাটলৈ  আহিবলৈ  ভয়  কৰে  যাত্ৰীয়ে

ৰাষ্ট্ৰীয় পথৰে যোৰহাটলৈ আহিবলৈ ভয় কৰে যাত্ৰীয়ে

যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গ্ৰাম্যাঞ্চলৰ পথৰটো দূৰৈৰ কথা যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁত সমূহে সৰ্বসাধাৰণ পথচাৰীক দুৰ্ভোগ ভোগাইছে । সম্প্ৰতি মৃত্যু উপত্যকালৈ পৰ্যবসিত হোৱা পথটোৰে যোৰহাট-শিৱসাগৰলৈ অহা-যোৱা কৰিবলৈ ভয় কৰে যান-বাহনৰ গৰাকীয়ে । যোৰহাট জিলা উপায়ুক্তই সংশ্লিষ্ট কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশনা দিয়াত উপায়ন্তৰ হৈ উক্ত পথচোৱাৰ জৰাজীৰ্ণ অংশৰ মেৰামতি কৰিছিল যদিও মেৰামতিৰ কাম সম্পূৰ্ণ নৌহঁওতেই মেৰামতি কৰা অংশ সমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হয় । নিম্ন মানৰ কামেৰে দায়িত্ব সামৰিব বিচৰা কামৰ স্বৰূপ উদঙালে যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে । ৰাষ্ট্ৰীয় ঘাইপথৰ যি যি অংশত…
Read More
পঞ্জাৱত  কংগ্ৰেছৰ  মুখ্যমন্ত্ৰী পদৰ  প্ৰাৰ্থী  চৰণজিত নে  সিদ্ধু  হ’ব

পঞ্জাৱত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী চৰণজিত নে সিদ্ধু হ’ব

সমাগত দেশৰ ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই ৰাজ্যকেইখনৰ ভিতৰত সবাতোকৈ আকৰ্ষণীয় যুঁজ হবলগীয়া এখন ৰাজ্য হৈছে পঞ্জাৱ। কেইবাটাও সমীক্ষাত প্ৰকাশ পাইছে যে, এইবাৰ ৰাজ্যখনত আম আদমী পাৰ্টিয়ে ভাল ফলাফল দেখুৱাব। বৰ্তমান শাসনত থকা কংগ্ৰেছ দলে দেওবাৰে ঘোষণা কৰিব আগন্তুক নিৰ্বাচনত তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হব! বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চানী আৰু নৱজ্যোত সিং সিদ্ধুৰ ভিতৰৰে যিকোনো এজনৰ নাম মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে হাইকামাণ্ডে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
Read More
অৰুণাচলৰ পৰা অপহৰণ  লগত জড়িত ৩ কৰ্মচাৰীক

অৰুণাচলৰ পৰা অপহৰণ লগত জড়িত ৩ কৰ্মচাৰীক

উগ্ৰপন্থীৰ দ্বাৰা অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত। জিলাখনৰ পুমাওৰ পৰা ১০ জন এন এছ চি এন (কে-ৱাই) উগ্ৰপন্থীয়ে পথ নিৰ্মাণৰ লগত জড়িত থকা ৩ শ্ৰমিকক অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৃত ৩ জন শ্ৰমিকৰ ভিতৰত আছে এজন অৰুণাচলৰ এজন অসমৰ আৰু এজন বিহাৰৰ শ্ৰমিক। খবৰ মতে, উগ্ৰপন্থীসকলে শ্ৰমিকসকলৰ পৰা তেওঁলোকৰ শিবিৰৰ কাষৰ পৰা মোবাইল ফোন আৰু বাহনৰ চাবি কাঢ়ি লৈছিল।যাৰবাবে কৰ্মীসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ কেইবা কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। ইফালে নিৰাপত্তা বাহিনীয়ে অপহৃত লোকসকলক বিচাৰি উলিয়াবলৈ এটা বৃহৎ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
Read More
এতিয়াৰে পৰা  বন্ধ  থাকিৱ  ৰাজ্যৰ  সকলো  মাদ্ৰাছা

এতিয়াৰে পৰা বন্ধ থাকিৱ ৰাজ্যৰ সকলো মাদ্ৰাছা

যোৱা শুকুৰবাৰে চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন। এই আইন অনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চৰকাৰৰ এই আইনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কেইবাগৰাকী ব্য়ক্তিয়ে লেখ আবেদন দাখিল কৰিছিল। কিন্তু অৱশেষত ন্য়ায়ালয়ে চৰকাৰী সিদ্ধান্তক মান্যতা প্ৰদান কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।
Read More
ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহত  দেৱী সৰস্বতী পূজা আয়োজন

ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহত দেৱী সৰস্বতী পূজা আয়োজন

বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিব ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ। লগতে গুৱাহাটী মহানগৰীতো ভিন্ন স্থানত আয়োজন হৈছে সৰস্বতীপূজাৰ। কোৰোনাকেন্দ্ৰিক পৰিস্থিতি আৰু সেমেকা বতৰৰ বাবে পূজাৰ উল্লাহ কিছু হ্ৰাস পাইছে যদিও স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে।
Read More