24
Sep
মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ জি এছ ৰোডৰ দিহাং আৰ্কেডত অসমৰ প্ৰথমটো কাৰ্যালয় আৰু দেশজুৰি ২৫ নং কাৰ্যালয় উদ্বোধন কৰি উত্তৰ-পূবত নিজৰ উপস্থিতি শক্তিশালী কৰিছে। এই নতুন শাখাটোৱে সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ বিনিয়োগকাৰী আৰু বিতৰণ অংশীদাৰসকলৰ সুলভতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই বিষয়ে সদৰি কৰি মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ উপাধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া স্বৰূপ আনন্দ মহান্তীয়ে কয় যে, "মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে উত্তৰ-পূব ক্ৰমান্বয়ে অন্যতম প্ৰতিশ্ৰুতিপূৰ্ণ অঞ্চল হৈ আহিছে আৰু আমি ইয়াত উৎসাহজনক অগ্ৰগতি লক্ষ্য কৰিছোঁ। গুৱাহাটীস্থিত আমাৰ নতুন কাৰ্যালয়ৰ জৰিয়তে আমি আমাৰ বিনিয়োগকাৰী আৰু অংশীদাৰসকলৰ ওচৰ চাপিব বিচাৰো,…
