07
Oct
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে সোমবাৰে সমসাময়িক ষ্টাইল, অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আৰামদায়ক বাহন চলোৱাৰ সুবিধাৰ্থে উন্নীতকৃত ভেৰিয়েণ্ট সম্পূৰ্ণ কৰি নতুন বলেৰো ৰেঞ্জ মুকলি কৰিছে। নতুন বলেৰোৰ মূল্য ৭.৯৯ লাখৰ পৰা ৯.৬৯ লাখ টকাৰ ভিতৰত (এক্স-শ্ব’ৰুম), আনহাতে বলেৰো নিঅ’ ৰেঞ্জৰ মূল্য ৮.৪৯ লাখ টকাৰ পৰা আৰম্ভ হৈ টপ এণ্ড এন১১ ভেৰিয়েণ্টৰ বাবে ৯.৯৯ লাখ টকাৰ ভিতৰত উপলব্ধ হ'ব। নতুন বলেৰোত আছে শক্তিশালী গ্ৰীল, ডাইমণ্ড কাট এলয় হুইল আৰু নতুন ষ্টেলথ ব্লেক ৰঙৰ বিকল্প। ইণ্টেৰিঅ'ৰসমূহ লেডাৰেট আপহলষ্টৰী(চাউনি), এটা ১৭.৮ চে.মি. টাচচস্ক্ৰীণ ইনফ'টেইনমেণ্ট চিষ্টেম আৰু ষ্টিয়াৰিং-মাউণ্টেড অডিঅ' কন্ট্ৰ'ল সন্নিৱিষ্ট কৰি উন্নীত কৰা হৈছে। বোলেৰো নিঅ'ই নগৰীয়া কৌশলগততাক পৰিপূৰ্ণ ৰগড এছইউভি সামৰ্থ্যৰ সৈতে সংযুক্ত…
