26
Mar
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত কয়ৰ বোৰ্ডে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি-চিত্ৰবনত এখন ৪ দিনীয়া এক্সপো আয়োজন কৰিছে। ২৩ মাৰ্চত আৰম্ভ হোৱা এই এক্সপো ২৬ মাৰ্চত সমাপ্ত হ'ব। মাননীয় শ্ৰী ডি কুপ্পুৰামু জী (কয়ৰ ব'ৰ্ডৰ অধ্যক্ষ), মাননীয় শ্ৰী লক্ষ্মণ এছ, আইএএছ (সচিব, অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰ্যালয়) আৰু জীতেন্দ্ৰ কুমাৰ শুক্লা (সচিব, কয়ৰ বোৰ্ড)ৰ উপস্থিতিত এই অনুষ্ঠান উদ্বোধন কৰা হয়। দেশত কয়ৰ উদ্যোগৰ সামগ্ৰিক বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে কয়ৰ উদ্যোগ আইন, ১৯৫৩-ৰ অধীনত কয়ৰ বোৰ্ড স্থাপন কৰিছিল। আইনখনৰ অধীনত নিৰ্ধাৰিত ব'ৰ্ডৰ কাৰ্যাৱলীৰ ভিতৰত বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক গৱেষণা, আধুনিকীকৰণ, মানদণ্ড উন্নীতকৰণ, মানৱ সম্পদ বিকাশ, বাণিজ্যিক প্ৰচাৰ আৰু এই উদ্যোগত নিয়োজিত…