অষ্ট্ৰেলিয়া চৰকাৰ আৰু এমএছডিইয়ে সহযোগিতাৰে অষ্ট্ৰেলিয়া-ভাৰত গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ দিশসমূহৰ বিষয়ে আলোচনা

127

অষ্ট্ৰেলিয়া চৰকাৰ আৰু কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে অষ্ট্ৰেলিয়া-ভাৰত যুটীয়া গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ জৰিয়তে লাভ কৰা দিশসমূহ বিষয়ে আলোচনা কৰিবলৈ বিশেষ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। এই মেজমেল এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তৰ শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰীৰ পৰামৰ্শদাতা মেথিউ জনষ্টনৰ নেতৃত্বত অনুষ্ঠিত হয়, অনুষ্ঠানত এই অভিলাষী পদক্ষেপক আগুৱাই নিয়াৰ যথেষ্ট সম্ভাৱনা আছে। এই পাইলট প্ৰকল্পক বিস্তৃত পৰিসৰলৈ লৈ যোৱাৰ লগতে এই মডেলৰ প্ৰতিলিপি অন্যান্য খণ্ডসমূহত প্ৰয়োগৰ বাবেও আলোচনা কৰা হয়।

ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি), ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ), শিক্ষা মন্ত্ৰালয়(এমঅ’ই) আৰু ভাৰতীয় কৃষি দক্ষতা পৰিষদ (এএছচিআই)ৰ প্ৰতিনিধিসকলেও এই ঘূৰণীয়া মেজমেলত উপস্থিত থাকে।

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় আৰু অষ্ট্ৰেলিয়া চৰকাৰে যোৱা বছৰৰ মাৰ্চ মাহত সহযোগিতাৰে আৰম্ভ কৰিছিল এই প্ৰকল্প, য’ত বিশেষজ্ঞ, চৰকাৰী সংস্থা আৰু উদ্যোগ বা সংস্থাসমূহৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হৈছিল। ঘূৰণীয়া মেজমেলত লোৱা সিদ্ধান্ত বা এই তথ্যসমূহ এমএছডিই আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ সৈতে ভাগ কৰা হৈছিল আৰু পাইলট প্ৰকল্পৰ বাবে কৃষি খণ্ডত ৫টা গুৰুত্বপূৰ্ণ শেহতীয়া ভূমিকা বা পদক্ষেপ চিনাক্ত কৰিবলৈ ১০৭টা উদীয়মান নিয়োগৰ সম্ভাৱনাময় ক্ষেত্ৰ চিনাক্ত কৰা হৈছিল। এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, “বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা সহযোগিতাই এই প্ৰকল্পৰ ফলাফলৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে আৰু এই প্ৰকল্পটোৱে অন্যতম এক চাক্ষুস প্ৰমাণ।”