ASUS-এ ৰাইজেন ৬০০০ শৃংখলাৰ সৈতে ভাৰতত ফ্লো এক্স ১৬ প্ৰৱৰ্তন কৰে

 ASUS ইণ্ডিয়াই ৰিপাব্লিক অফ গেমাৰ্ছ (আৰঅ’জি)ৰ শক্তি আৰু উন্নত প্ৰদৰ্শনেৰে ভৰা জেফিৰাছ জি১৫ (Zephyrus G15) আৰু ফ্লো এক্স১৩ (Flow X13)-ৰ নতুন সংস্কৰণৰ সৈতে ৰ’গ জেফিৰাছ ডুঅ ১৬ (ROG Zephyrus Duo 16), জেফিৰাছ জি১৪ (Zephyrus G14) আৰু ফ্লো এক্স ১৩ (Flow X13) মুকলি কৰে। এই মুকলিৰ দ্বাৰা ASUS-এ ইয়াৰ জেফিৰাছ আৰু ফ্লো লাইনআপ শক্তিশালী কৰে। লেপটপবোৰত অপৰিসীম শক্তিশালী গেমিং প্ৰদৰ্শন প্ৰদান কৰিবলৈ এএমডি ৰাইজেন ৬০০০ শৃংখলাৰ ম’বাইল প্ৰচেছৰ আৰু এটা মুক্স (MUX) ছুইচ আছে।জেফিৰাছ ডুঅ’ ১৬ মূল্য ২,৪৯,৯৯০ টকাৰ পৰা আৰম্ভ হয়।

আনহাতে, জেফিৰাছ জি১৪ – ১,৪৬,৯৯০ টকা আৰু জেফিৰাছ জি১৫ – ১,৫৭,৯৯০ টকাৰ পৰা আৰম্ভ হয়। এইসমূহ প্ৰডাক্ট অনলাইন আৰু অফলাইন বিক্ৰীৰ বাবে উপলব্ধ হ’ব। ঠিক একেদৰে ৰোগ ফ্লো এক্স১৬-ৰ মূল্য ১,৭১,৯৯০ টকা আৰু ফ্লো এক্স১৩ –১,২১,৯৯০ টকাৰ পৰা আৰম্ভ হয় আৰু অনলাইন আৰু অফলাইনত উপলব্ধ হ’ব। ASUS ৰ’গে #BeYouWithROG অভিযানো আৰম্ভ কৰিছে, যি গ্ৰাহকসকলক তেওঁলোকৰ  সৃষ্টিশীল দিশটো অন্বেষণ কৰিবলৈ উৎসাহিত কৰে।

ASUS ইণ্ডিয়াৰ চিষ্টেম বিজনেছ গ্ৰুপ, কনজিউমাৰ এণ্ড গেমিং পিচিৰ বিজনেছ হেড,আৰ্নল্ড চুৱে (Arnold Su)কয়, “ASUS-ত, আমি আমাৰ গ্ৰাহকসকলক এক সামগ্ৰিক গেমিং অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰোঁ, আমি নিশ্চিত যে নতুন জেফিৰাছ আৰু ফ্লো লাইনআপে অভিজ্ঞ আৰু উচ্চাকাংক্ষী গেমাৰ দুয়োকে এক সম্পূৰ্ণ নতুন স্তৰৰ মাত্ৰা প্ৰদান কৰিব।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *