চানৰাইজ অগ্ৰগামিনী শ্ব’ই অসমৰ উদ্যোগীৰ বিজয়ক উদযাপন, চাৰিগৰাকী মহিলা উদ্যোগীৰ জয়লাভ

আইটিচি লিমিটেডৰ ছানৰাইজ পিউৰ স্পাইচেছৰ উদ্যোগত আয়োজিত ‘ছানৰাইজ অগ্ৰগামিনী’ শ্ব’ৰ গ্ৰেণ্ড ফিনালেৰ সফল সমাপ্তিৰ জৰিয়তে অসমত মহিলা উদ্যোগীৰ মনোভাৱ-পৰিৱেশক উদযাপন কৰা হৈছে। অসমৰ আগশাৰীৰ চেনেল প্ৰতিদিন টাইমত প্ৰচাৰিত ৩টা মনোগ্ৰাহী খণ্ডত ১৫গৰাকী ব্যতিক্ৰমী মহিলা উদ্যোগীয়ে নিজৰ কৌশল প্ৰদৰ্শন কৰি ৪গৰাকী ব্যক্তিয়ে এক আকৰ্ষণীয় প্ৰতিযোগিতাখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। ২০২৩ চনৰ ডিচেম্বৰত অসম ষ্টাৰ্টআপ চেল আৰু এআইআইডিচিৰ সহযোগত আৰম্ভ কৰা এই অভিযানৰ উদ্দেশ্য আছিল সমগ্ৰ অসমত মহিলা উদ্যোগীসকলক এখন মঞ্চ প্ৰদান কৰা আৰু অসমৰ ইতিবাচক কাহিনীসমূহ প্ৰচাৰ কৰে।

এই পদক্ষেপে অসমৰ উদীয়মান উদ্যোগীসকলৰ উদ্ভাৱনাময় উদ্যোগৰ ওপৰত আলোকপাত কৰি এক ষ্টাৰ্টআপ প্ৰতিযোগিতা আয়োজন কৰি আহিছে। বিজয়ীসকল হৈছে ফ্ৰিণ্ট.ইনৰ উৎকৰ্ষ বৰা, মাই বেক ষ্ট’ৰীৰ অদিতি গোহাঁই ফুকন, ৰতিমাভা আধ্যাপক আৰু তাণ্ট ফেশ্বন ডিজাইনাৰৰ চেফালিকা শীলে বিচাৰকসকলক উদ্যোগী দক্ষতাৰে মোহিত কৰিছিল। চানৰাইজ পিউৰ স্পাইচৰ তৰফৰ পৰা প্ৰত্যেকে ১ লাখ টকালৈকে নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। চানৰাইজ পিউৰ স্পাইচৰ ব্যৱসায়িক মুৰব্বী পীয়ূষ মিশ্ৰাই বিজয়ীসকলক উচ্চ প্ৰশংসা কৰি উচ্চাকাংক্ষী মহিলা উদ্যোগীসকলৰ বিষয়ে অধিক প্ৰচাৰৰ জৰিয়তে পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিভিন্ন উদ্যোগক্ষেত্ৰৰ বিশিষ্ট পেনেলিষ্টসকলে অংশগ্ৰহণ কৰা গ্ৰেণ্ড ফিনালেত অসমৰ উদ্যোগী মহিলাসকলৰ মাজত প্ৰতিভা আৰু সংকল্পৰ গভীৰতা আৰু প্ৰতিভাসমূহ প্ৰদৰ্শন কৰা হয়। ১০গৰাকী সম্ভাৱনাময়-প্ৰতিশ্ৰুতিসম্পন্ন ‘আগ্ৰামিনী’ৰ সফলতাৰ কাহিনী এতিয়া ছানৰাইজ পিউৰ স্পাইচেছৰ ইউটিউব চেনেলযোগে ৰাইজৰ বাবে মুকলি কৰা হৈছে যাতে সমগ্ৰ ভাৰত আৰু দেশ-বিদেশৰ মহিলাসকলক অনুপ্ৰেৰণা দিব পাৰে। ষ্টাৰ্টআপৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠিত উদ্যোগীলৈকে এই কাহিনীসমূহে অসমৰ উদ্যোগীকৰণৰ পৰিৱেশলৈ মহিলাসকলৰ বৈচিত্ৰ্যময় আৰু প্ৰভাৱশালী অৱদানক জ্যোতিষ্মান কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *