আৰ্য নাৰ্চিং কলেজে বিনামূলীয়া চিইই প্ৰপত্ৰ সমৰ্থন প্ৰদান কৰি নাৰ্চিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে নিৰৱচ্ছিন্ন নামভৰ্তিৰ সুবিধা

প্ৰশিক্ষিত নাৰ্চিং পেছাদাৰী ব্যক্তিৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ সমীপৰ চাংসাৰিত অৱস্থিত প্ৰখ্যাত নাৰ্চিং প্ৰতিষ্ঠান আৰ্য নাৰ্চিং কলেজে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিএছচি নাৰ্চিং আৰু জিএনএম পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া প্ৰৱেশ পৰীক্ষা(চিইই)ৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে বিশেষজ্ঞ নিৰ্দেশনা(এক্সপাৰ্ট গাইডেন্স) আৰু পৰামৰ্শ(কাউন্সেলিং) প্ৰদান কৰি উচ্চাকাংক্ষী নাৰ্ছসকলক সমৰ্থন আগবঢ়াইছে। নাৰ্চিং হৈছে এক শ্ৰদ্ধাৰ বা সন্মনীয় বৃত্তি, যাৰ বাবে আজিৰ স্বাস্থ্যসেৱাৰ দৃশ্যপটত এই খণ্ডটোৰ যথেষ্ট গুৰুত্ব আছে। এই কথা সাৰোগত কৰি কেন্দ্ৰীয় আৰু অসম চৰকাৰে নাৰ্চিং শিক্ষাৰ গুণগত মান আৰু সুলভতা বৃদ্ধিৰ প্ৰচেষ্টাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰখনত গুৰুত্ব আৰোপ কৰিছে।


২০০৭ত স্থাপিত আৰ্য নাৰ্চিং কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ নাৰ্চিং শিক্ষা প্ৰদানকাৰী প্ৰতিষ্ঠান ৰূপে স্বীকৃত হৈ আহিছে। প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰি আহিছে, কেইবাজনো শিক্ষাৰ্থীয়ে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (এছএছইউএইচএছ) আৰু অসম নাৰ্চিং পৰিষদে পৰিচালনা কৰা পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰ্য নাৰ্চিং কলেজৰ পৰা এই বৰ্ষত নিজ নিজ পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শনেৰে সাফল্য অৰ্জনকাৰীসকলৰ ভিতৰত আছে দ্বীপশিখা বৰা, কাব্যশ্ৰী ওজা, যশোমায়ী শৰ্মা, আলগিবা খাৰপন, ফিবাপিনহুন দহলিং, স্বৰূপ ৰাণী দত্ত, মৃণালী কুমাৰ, মাইনা চেত্ৰী, মনীষা মজুমদাৰ, শাৰদী ৰাণী বৰা, উৎপলা ডেকা, ৰাণী কুম্বাং প্ৰিয়ংকা সাহা, জুলি ৰাণী, মৌচুমী বেগম, অৰ্জুনাৰা আখতাৰ, বিশ্বনী ভৰদ্বাজ, তন্মী কটকী, মুম তায়েং, আৰতি চেত্ৰী আৰু নিকিতা ৰাণা অন্যতম।


আৰ্য নাৰ্চিং কলেজে দেশৰ আগশাৰীৰ হাস্পতালসমূহত শিক্ষাৰ্থীসকলক প্লেচমেণ্ট(নিয়োগ)ৰ সুবিধা প্ৰদান কৰাত যথেষ্ট সহায় কৰি আহিছে। ইয়াৰ লগতে অভিভাৱক চিকিৎসালয় আৰ্য হাস্পতালে নাৰ্চিং স্নাতকসকলক সক্ৰিয়ভাৱে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি আহিছে। ২০২৪-২৫ শিক্ষা বৰ্ষৰ বাবে বিএছচি নাৰ্চিং আৰু জিএনএম পাঠ্যক্ৰমৰ বাবে কমন এণ্ট্ৰেন্স পৰীক্ষা (চি ই ই)ৰ সময় চমু চাপি অহাৰ লগে লগে আৰ্য নাৰ্চিং কলেজে আগ্ৰহী শিক্ষাৰ্থীসকলক আবেদন পত্ৰ পূৰণৰ বাবে বিনামূলীয়াকৈ গাইডেন্স আৰু কাউন্সেলিং আগবঢ়াইছে। বি এছ চি নাৰ্চিং পাঠ্যক্ৰমৰ বাবে অনলাইন ফৰ্ম জমা দিয়াৰ অন্তিম দিন হৈছে ২৪ মে’ আৰু জিএনএম পাঠ্যক্ৰমৰ বাবে অন্তিম দিন হৈছে অহা ১০ জুন।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *