প্ৰাকৃতিক বৰষুণ দিল্লীবাসীৰ বাবে সপোন।সেয়েহে কৃত্ৰিমভাৱে এজাক বৰষুণ দিয়াৰ চেষ্টা চলোৱা হৈছিল দিল্লীত।দিল্লীত উৰুৱা হ’ল বিমান।কৃত্ৰিম বৰষুণৰ বাবে আকাশত ৰৈ সেই বিমানৰ পৰাই চলোৱা হৈছিল প্ৰচেষ্টা। বৰষুণৰ বাবে বায়ুমণ্ডলত যি পৰিমাণৰ আৰ্দ্ৰতা লাগে সেয়া সৃষ্টি কৰাত বিফল হ’ল মঙলবাৰে।ডাৱৰত আৰ্দ্ৰতাৰ পৰিমাণ কম আছিল বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল। বিজ্ঞানীসকলৰ মতে কৃত্ৰিম বৰষুণৰ বাবে ডাৱৰত ৫০% আৰ্দ্ৰতাৰ প্ৰয়োজন কিন্তু মঙলবাৰৰ দিনটোত ডাৱৰত আৰ্দ্ৰতা মাত্ৰ ২০% পোৱা গৈছিল।উল্লেখযোগ্য যে, এই প্ৰক্ৰিয়া কোনো নতুন প্ৰক্ৰিয়া নহয়। প্ৰায় ৮০ বছৰৰ পুৰ্বেই প্ৰক্ৰিয়াৰ আৱিষ্কাৰ হৈছিল। বৈজ্ঞানিক সকলে পৰীক্ষাগাৰৰ ডাৱৰ কেনেকৈ সৃষ্টি কৰিব পাৰি তাকে লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি থকা সময়ত অত্যাধুনিক প্ৰক্ৰিয়াৰ দ্বাৰাই ডাৱৰৰ পৰা বৰষুণৰ কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰ উপাই লাভ কৰিছিল।
দিল্লীত উৰুৱা হ’ল বিমান,দিল্লীত কৃত্ৰিম বৰষুণৰ চেষ্টা বিফল
