এমাজনৰ প্ৰেপল ষ্টাৰ্টআপ এক্সেলেৰেটৰ চিজন ৩ৰ বিজয়ীয়ে লাভ কৰিব ১ লাখ ডলাৰৰ পুৰস্কাৰ

আমাজন ইণ্ডিয়াই সগৌৰৱে অৱশেষত ঘোষণা কৰিলে  গ্ল’বেল চেলিং প্ৰপেল ষ্টাৰ্টআপ এক্সেলেটৰ (প্ৰপেল এক্সেলেটৰ) ছিজন ৩ৰ বিজয়ীৰ নাম, বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ পৰা মিৰানা টয়ছ, অভিমি হাৰ্বেল আৰু পাৰফৰাই বিজয়ীৰ খিতাপ জিনিবলৈ সক্ষম হৈছে। বিজয়ীসকলে এমাজনৰ তৰফৰ পৰা ১ লাখ ডলাৰৰ পুৰস্কাৰ লাভ কৰিব।মিৰানা টয়ছে এপ-নিয়ন্ত্ৰিত অগমেণ্টেড ৰিয়েলিটি গেমৰ জৰিয়তে ডিজিটেল আৰু শাৰীৰিক ক্ৰীড়াৰ সংমিশ্ৰণ ঘটায় আৰু উদ্ভাৱনীমূলক স্মাৰ্ট টয়ৰ এক পৰিসৰ আগবঢ়ায়। ৮৫ বছৰীয়া ৰাধা কৃষ্ণ চৌধুৰী ওৰফে নানাজীয়ে প্ৰতিষ্ঠা কৰা অভিমি হাৰ্বেল আয়ুৰ্বেদে চুলিৰ বিবিধ যত্নৰ সমাধান আগবঢ়ায়, এই ব্ৰেণ্ডে দৈনন্দিন চুলিৰ চিন্তা বা সমস্যাৰ সমাধানৰ বাবে ফলপ্ৰসূ উপায়, শতিকা পুৰণি প্ৰতিকাৰ আগবঢ়ায়। পাৰফৰাই পৰিষ্কাৰ উপাদান আৰু উন্নত ডিজাইনৰ সৈতে দৈনন্দিন মৌখিক যত্নক উন্নীত কৰাত গুৰুত্ব আৰোপ কৰে। ই ভাৰতৰ প্ৰথমটো মেড-ছেফ চাৰ্টিফাইড অৰেল হেল্থ ব্ৰেণ্ড আৰু “১% ফৰ দ্য প্লেনেট” সম্প্ৰদায়ৰ এক সদস্য।

২০২৩ৰ মাৰ্চ মাহত ভিচি (ভেঞ্চাৰ কেপিটেলিষ্ট) ফাৰ্ম এক্সেল, আমাজন স্মভভেঞ্চাৰ ফাণ্ড, ডিএছজি কনজিউমাৰ পাৰ্টনাৰ্ছ, ফায়াৰছাইড ভেঞ্চাৰ্ছ, পিক এক্সভি, ভি৩ ভেঞ্চাৰ্ছৰ লগতে ক্লাব আৰু ভেলোচিটীকে ধৰি ৰাজহ ভিত্তিক বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত প্ৰপেল এক্সেলেটৰ ছিজন ৩ৰ শুভাৰম্ভ কৰা হৈছিল। ছিজন ৩-এ ভাৰতৰ ১৪০খন চহৰৰ ষ্টাৰ্টআপ আৰু নতুন ব্ৰেণ্ডৰ ১২০০+ এপ্লিকেচনৰ সৈতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল। গিভা, মক’বাৰা, অ’পেন ছিক্ৰেট আদি ব্ৰেণ্ডকে ধৰি ৪৭টা ষ্টাৰ্ট আপক ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত কৰা হৈছিল। বিজয়ী আৰু ফাইনেললৈ অৱতীৰ্ণ প্ৰতিযোগীয়েও ১ মিলিয়ন ডলাৰ (একত্ৰিত) এডব্লিউএছ এক্টিভেট ক্ৰেডিট লাভ কৰিছিল। এই প্ৰগ্ৰামৰ অধীনত ৮ সপ্তাহৰ এক এক্সেলেৰেটৰ অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ অংশ হিচাপে ভাৰত আৰু সমগ্ৰ বিশ্বৰ আমাজনৰ অভিজ্ঞ ব্যক্তি, ভিচি অংশীদাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে বিশেষ কৰ্মশালা, বিশ্বব্যাপী চাহিদাৰ আৰ্হিৰ ওপৰত ৱান টু ৱান মেণ্টৰশ্বিপ আৰু সফল ৰপ্তানি ব্যৱসায় গঢ়ি তোলাৰ অন্তৰ্দৃষ্টিৰ জৰিয়তে ই-কমাৰ্চ বৃদ্ধিৰ বাবে সকলো পদক্ষেপ অন্তৰ্ভুক্ত আছিল। প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচীত ছিজন ৩ৰ ফাইনেলিষ্টসকলক বিশ্বজুৰি অন্ততঃ এক আমাজন মাৰ্কেটত নিজৰ সামগ্ৰী মুকলি কৰাত সহায় কৰিবলৈ এক অনন্য বুটকেম্পৰ ব্যৱস্থা কৰিছিল।

এই সফলতাৰ বিষয়ে আমাজন ইণ্ডিয়াৰ গ্লোবেল ট্ৰেডৰ সঞ্চালক ভূপেন ৱাকাংকাৰে এইবিষয়ে কয় যে, ”এয়া ভাৰতীয় ক্ষুদ্ৰ ব্যৱসায় আৰু ডি২চি ব্ৰেণ্ডৰ মাজত ই-কমাৰ্চ ৰপ্তানি দ্ৰুতগতিত গ্ৰহণ কৰাৰ এক প্ৰমাণ। ভাৰতৰ পৰা বিশ্বব্যাপী ব্ৰেণ্ড সৃষ্টি কৰিবলৈ ভাৰতীয় উদ্যোগীসকলৰ বাবে এক স্প্ৰিংবৰ্ড সৃষ্টি কৰাৰ বাবে নিজৰ সমৰ্থন আদায় কৰিবলৈ মই আমাৰ সকলো অংশীদাৰকে অভিনন্দন জনাইছোঁ। আমি সকলো ধৰণৰ ব্যৱসায়ৰ সৈতে কাম কৰি যাবলৈ ইচ্ছুক, যাতে সামগ্ৰীসমূহ সমগ্ৰ বিশ্বৰ গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব পৰা যায়। ২০২৫ৰ ভিতৰত ভাৰতৰ পৰা সংগ্ৰহমূলক ই-কমাৰ্চ ৰপ্তানি ২০ বিলিয়ন ডলাৰ কৰিবলৈ সকলো পদক্ষেপ হাতত ল’ম।” এই বিষয়ে প্ৰপেল এক্সেলেটৰ ছিজন ৩ৰ বিজয়ী মিৰানা টয়ছৰ সহ-প্ৰতিষ্ঠাপক দেৱাংশ শৰ্মাই বিশ্বৰ শিশুসকলক উদ্ভাৱনীমূলক পুতলা প্ৰদানৰ বাবে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ ভেটি প্ৰস্তুত কৰি বিশ্বব্যাপী পুতলাৰ ব্ৰেণ্ড গঢ়ি তোলাৰ নিজৰ স্বপ্নৰ কথা অৱগত কৰে। প্ৰপেল কাৰ্যসূচীয়ে বিশ্বব্যাপী বজাৰখন অন্বেষণ কৰিবলৈ পথ প্ৰদৰ্শনৰ লগতে সামগ্ৰীসমূহক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে, এমাজন প্ৰপলৰ নিৰ্দেশনাত ইতিমধ্যে আমেৰিকাতো নিজৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু একাধিক নতুন বিশ্বৰ বজাৰলৈ প্ৰসাৰৰ পৰিকল্পনা হাতত লৈছে প্ৰতিষ্ঠানটোৱে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *