এই ৰাখী বন্ধনৰ বাবে এক নিখুঁত উপহাৰৰ বিকল্প আলমণ্ডত

সমগ্ৰ দেশবাসীয়ে বহু প্ৰতীক্ষিত ৰাখী বন্ধন উৎসৱ উদযাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাখী বন্ধন হৈছে ভাতৃ-ভগ্নীৰ মাজৰ এক বিশ্বাসৰ প্ৰতীক। য’ত ভাতৃ-ভগ্নীৰ মাজৰ সম্বন্ধক সন্মান জনাই ভাতৃ-ভগ্নীসকলে ইজনে সিজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাসৰ প্ৰতীকৰূপে ‘ৰাখী’ বান্ধে। ইয়াৰ বাবে যদিও প্ৰস্তুতি সম্পূৰ্ণ ৰূপত চলি আছে, এয়া হৈছে ভাগ বতৰা কৰা উপহাৰবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰাৰ সময়।

এনে সময়ত আলমণ্ডে (almonds) আগবঢ়োৱা স্বাস্থ্যৰ সামগ্ৰীসমূহ ৰাখী বন্ধনত ভাতৃ-ভগ্নীৰ বাবে ই এক সঠিক উপহাৰৰ বিকল্প হৈ পৰিছে। আলমণ্ড হৈছে সুস্বাস্থ্যৰ উপহাৰ, যিবোৰত পুষ্টিদায়ক ৰূপে আছে- প্ৰ’টিন (৬-গ্ৰাম), ফাইবাৰ (৪ গ্ৰাম), ‘গুড’ ফেট (৯.৫ গ্ৰাম), ভিটামিন ই (৭.৭ মিলিগ্ৰাম), কেলচিয়াম (৮১ মিলিগ্ৰাম), মেগনেছিয়াম (৮১ মিলিগ্ৰাম) আৰু মুষ্টিমেয় (৩০ গ্ৰাম) (handful) আৰু অন্যান্য। কেইবাটাও গৱেষণা অধ্যয়নত ডায়েবেটিচ মেনেজমেণ্ট, ৱেট (weight)মেনেজমেণ্ট, কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ আৰু অন্যান্য স্বাস্থ্য সমস্যাৰ বাবে আলমণ্ড উপকাৰী বুলি প্ৰমাণিত হৈছে।

এইবোৰ উদ্ভিদ-আধাৰিত প্ৰ’টিনৰ এক শক্তিদায়ক উৎস আৰু ই এটা দীঘলীয়া সময়ৰ বাবে তৃপ্তিদায়ক কৰি ৰাখিব পাৰে। সুস্বাদু আৰু স্বাস্থ্যকৰ, আলমণ্ডৰ বিভিন্ন ধৰণে পৰিৱেশন কৰিব পাৰি – সাধাৰণ, ভজা বা সোৱাদযুক্ত বা আনকি ৰেচিপি এটাত উপাদান হিচাপে। ইণ্টিগ্ৰেটিভ পুষ্টিবিদ (Nutritionist) আৰু স্বাস্থ্য প্ৰশিক্ষক নেহা ৰংলানীয়ে কয়, “এই ৰাখী বন্ধনত, মই আপোনাৰ ভাতৃ-ভগ্নীৰ সৈতে উপহাৰ ভাগ বতৰা কৰোঁতে কেঁচা, ভজা, পাতল নিমখযুক্ত বা সোৱাদযুক্ত আলমণ্ডৰ সৈতে মিঠাই আৰু চকলেট সলনি কৰাৰ পৰামৰ্শ দিম।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *