কাঠবাদাম নৱৰাত্ৰি উৎসৱৰ বাবে এক স্বাস্থ্যকৰ পাক

দেশৰ প্ৰাণৱন্ত আৰু ৰঙৰ সঁফুৰা কঢ়িয়াই অনা উৎসৱ নৱৰাত্ৰি বিভিন্ন অঞ্চলত বৈচিত্যময় ৰূপত স্বকীয় ধৰণেৰে পালন কৰা হৈছে, এই উদযাপনে পৰিয়াল আৰু বন্ধু-বান্ধৱীক একত্ৰিত কৰি আনন্দৰ মুহূৰ্ত ভাগ-বতৰা কৰি উৎসৱৰ মনোভাৱক আঁকোৱালি লৈছে। নৱৰাত্ৰিৰ এটা কেন্দ্ৰীয় অংশ হৈছে বিশেষ খাদ্য, জলপান আৰু মিঠাইৰ সোৱাদ লোৱা পৰম্পৰা, যিয়ে একেলগে থকাৰ বা উদযাপনৰ মাত্ৰা দুগুণে বৃদ্ধি কৰে। কিন্তু বহুতো ফেষ্টিভ খাদ্যত চেনি, চৰ্বি, কাৰ্বহাইড্ৰেট বেছি থাকে, যাৰ ফলত ওজন বৃদ্ধি, মধুমেহ, হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়।

সতেজ ফল-মূল, শাক-পাচলি আৰু আলমণ্ডৰ দৰে বাদাম আদি স্বাস্থ্যসন্মত উপাদানসমূহ খাদ্যত অন্তৰ্ভুক্ত কৰাটো উৎসৱমুখৰ ভোগ-বিলাসৰ সৈতে স্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ এক অতি সহজ অথচ সকলোৰে বাবে ফলপ্ৰসূ উপায়। নতুন দিল্লীৰ মেক্স হেল্থকেয়াৰ হাস্পতালৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋতৃকা সমাদ্দাৰে এই বিষয়ে কয় যে, “কাঠবাদাম কিছুমান অত্যাৱশ্যকীয় পুষ্টিৰে সমৃদ্ধ খাদ্যস যি শৰীৰৰ সামগ্ৰিক কল্যাণৰ বাবে যথেষ্ট অৰিহণা যোগায়।” ফিটনেছ প্ৰশিক্ষক আৰু পাইলেটছ মাষ্টাৰ, য়াস্মিন কৰাচীৱালাই নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “মই সদায় বিশেষ অনুষ্ঠানত অ-প্ৰয়োজনীয় খাদ্য পৰিহাৰ কৰিবলৈ কাঠবাদামৰ ক্ষুদ্ৰ বক্স কঢ়িয়াই নিয়াৰ পৰামৰ্শ দিওঁ।”

এমবিবিএছ তথা পুষ্টিবিদ ডাঃ ৰোহিনী পাটিলে নিজৰ অভিজ্ঞতা সদৰি কৰি কয় যে, “আপোনাৰ আগন্তুক উৎসৱৰ আহাৰত কাঠবাদামৰ দৰে প্ৰাকৃতিক খাদ্য অন্তৰ্ভুক্ত কৰি উচ্চ চৰ্বি, চেনী আৰু পৰিশোধিত কাৰ্ব থকা সংসাধিত খাদ্য পৰিহাৰ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ।” প্ৰিয়জনৰ সৈতে নৱৰাত্ৰি উদযাপন কৰক, আলমণ্ডৰ সৈতে পুষ্টিকৰ আহাৰ আৰু জলপান উপভোগ কৰক আৰু এক আনন্দদায়ক তথা স্বাস্থ্যকৰ উদযাপন সুনিশ্চিত কৰক।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *