টেলিকম বিল ২০২৩ : এই পদক্ষেপক স্বাগতম অক্ষয় মুন্দ্ৰাৰ

টেলিকম নেটৱৰ্কৰ বাবে আইনী আৰু নিয়ামক পৰিকাঠামো(লিগেল এণ্ড ৰেগুলেটৰী ফ্ৰেমৱৰ্ক) গঢ়ি তোলাৰ বাবে চৰকাৰে সোমবাৰে ভাৰতীয় দূৰসংযোগ বিধেয়ক(ইণ্ডিয়ান টেলিকমিউনিকেচন বিল) ২০২৩ৰ এখন নতুন খচৰা সংসদত উত্থাপন কৰে। এই বিধেয়কখনে দূৰসংযোগ খণ্ডৰ বাবে বৰ্তমানৰ নিয়ামক পৰিকাঠামো সলনি কৰিব বিচৰা হৈছে। এই বিধেয়কখনৰ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি ভোডাফোন-আইডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় মুন্দ্ৰাই কয় যে, “সংসদত উত্থাপন কৰা টেলিকমিউনিকেচন বিধেয়ক, ২০২৩ খন টেলিকম সংস্কাৰ প্ৰক্ৰিয়াত এক ঐতিহাসিক মুহূৰ্ত ৰূপে চিহ্নিত হৈছে আৰু ভাৰতীয় টেলিকমক এক ভৱিষ্যৎ-উপযুক্ত ফ্ৰেমৱৰ্ক প্ৰদান কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰি তুলিলে, যি নিউ ইণ্ডিয়াৰ বিকাশৰ আকাংক্ষা পূৰণ কৰাত সহায় কৰিব।”

তেওঁ লগতে কয় যে, “বিধেয়কখনত কেইবাটাও আগন্তুক দিশ(ফৰৱাৰ্ড লুক)ৰ বিধান বহন কৰিছে, যিয়ে আমাৰ সকলো নাগৰিককে ডিজিটেল সংযোগৰ সুবিধাসমূহ প্ৰদান কৰাত সহায় কৰিব। আমি জৰিমনাৰ যুক্তিসংগতকৰণ আৰু পথৰ অধিকাৰৰ বিধানসমূহৰ আইনী বলবৎকৰণক উষ্ম আদৰণি জনাইছো, যিসমূহ ব্যৱস্থাৰ বাবে দীৰ্ঘদিনে চৰ্চা-দাবী উত্থাপন হৈ আহিছিল।

টেলিকম নেটৱৰ্কৰ নিৰাপত্তা সদায়ে সৰ্বাধিক আৰু বিধেয়কখনে টেলিকমক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি হিচাপে স্বীকৃতি দি আহিছে আৰু যিসকলে ক্ষতিগ্ৰস্ত কৰে বা কৰিব বিচাৰে, তেনে লোকসকলৰ বাবে শাস্তিমূলক পৰিণাম বা ব্যৱস্থা নিৰ্ধাৰণ কৰিছে। ব্যৱহাৰকাৰীৰ দায়িত্বৰ ওপৰত আলোকপাত কৰি বিধেয়কখনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গ্ৰাহকসকলৰ ওপৰতো সমানে দায়িত্ব অৰ্পণ কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *