এটা নতুন ইনফ্লাইট ছেফটি ভিডিঅ’ মুকলি কৰিলে এয়াৰ ইণ্ডিয়াই

এয়াৰ ইণ্ডিয়াই মুকলি কৰিলে শেহতীয়া আকৰ্ষণীয় এটা ভিডিঅ’ ‘সুৰক্ষা মুদ্ৰাছ’ , য’ত বিমানৰ ভিতৰত(ইনফ্লাইট) সুৰক্ষাৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰা হৈছে আৰু ভাৰতৰ জীৱন্ত সংস্কৃতি আৰু সুৰক্ষা নিৰ্দেশনাক একত্ৰিত কৰি প্ৰস্তুত কৰা হৈছে ভিডিঅ’টো। এই ভিডিঅ’টোত অসমৰ বিহুৱতীসকলে সুৰক্ষা জেকেটৰ নিৰ্দেশনাবোৰ উৎসাহী গতিবিধিৰে চিত্ৰায়িত কৰিছে, যিয়ে অসমৰ জীৱন্ত সংস্কৃতিৰ কথা আকৌ এবাৰ মনত পেলাই দিয়ে। ভিডিঅ’টোৱে সমগ্ৰ দেশৰ সুৰক্ষা নিৰ্দেশনা আৰু আন ৭টা নৃত্যকো একত্ৰিত কৰি প্ৰদৰ্শন কৰিছে আৰু প্ৰতিটো নৃত্যই এক আকৰ্ষণীয় আৰু সাংস্কৃতিকভাৱে নিমজ্জিত ৰূপত নিৰ্দিষ্ট সুৰক্ষা নিৰ্দেশনাসমূহ প্ৰকাশ কৰিছে।

এই সুৰক্ষা ভিডিঅ’টো ক্ৰমান্বয়ে এয়াৰ ইণ্ডিয়াৰ বহৰ(ফ্লীট)ৰ অন্যান্য বিমানসমূহতো সম্প্ৰচাৰ কৰা হ’ব। এয়াৰ ইণ্ডিয়াৰ চিইঅ’ এণ্ড এমডি কেম্পবেল উইলছনে বিশ্বজুৰি ভ্ৰমণ কৰা পৰ্যটক আৰু ভ্ৰমণকাৰীসকলক ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰাৰ লগতে অত্যাৱশ্যকীয় সুৰক্ষা নিৰ্দেশনা প্ৰদান কৰা এক শিল্পকৰ্ম উপস্থাপন কৰি আনন্দিত হৈছ।

জনপ্ৰিয় তাৰকা প্ৰসূন যোশী, শংকৰ মহাদেৱন আৰু ভাৰতবালাৰ লগতে ইমন ফুকন, পল্লৱী দত্ত, পূজা দেৱী শীল, কংকনা গোস্বামী আৰু ইভামণিৰ দৰে স্থানীয় প্ৰতিভাশালী শিল্পীৰ পৰশত প্ৰাণ পাই উঠা ভিডিঅ’টোত ভাৰতৰ সাংস্কৃতিক সমৃদ্ধি-ঐতিহ্যক প্ৰদৰ্শন কৰা হৈছে। শংকৰ মহাদেৱনে সংগীত পৰিচালনা কৰিছে এই বিশেষ গীতটোৰ। ভিডিঅ’টো আৰম্ভণিতে এয়াৰ ইণ্ডিয়াই শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা এ৩৫০বিমানখন দেখুওৱা হৈছে, যিখন বিমান অত্যাধুনিক ইনফ্লাইট মনোৰঞ্জন স্ক্ৰীনেৰে সজ্জিত।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *