আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে স্বাস্থ্য-প্ৰথম বিপ্লৱৰ সূচনা কৰি ১ লাখৰো অধিক পলিচীধাৰকক প্ৰদান কৰিছে ৰিৱাৰ্ডছ

আদিত্য বিৰলা কেপিটেলৰ অংশ আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(এভিআইচিএল)-এ ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখতকৈও অধিক পলিচীধাৰকে স্বাস্থ্যকৰ জীৱনশৈলীত সক্ৰিয়ভাৱে জড়িত হৈ হেল্থৰিটাৰ্ণছ™ মডেলৰ অধীনত ৰিৱাৰ্ড(পুৰস্কাৰ) লাভৰ কথা সদৰি কৰিছে। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি গ্ৰাহকসকলে সামূহিকভাৱে ৩৫০ বিলিয়নতকৈও অধিক পদক্ষেপ গ্ৰহণ কৰিছিল, যি বীমাৰ প্ৰতি নিজৰ ‘স্বাস্থ্য-প্ৰথম’ দৃষ্টিভংগীৰ সফলতা প্ৰদৰ্শন কৰিছিল।

উদ্ভাৱনীমূলক হেল্থ ৰিটাৰ্ণছTM মডেলে ১০,০০০ বাৰ খোজ কঢ়া বা ৩০০ কেলৰি ক্ষয়ৰ দৰে ফিটনেছ সেৱা-কাৰ্যৰে উত্সাহিত কৰে, পলিচিধাৰীসকলে ৩২৫ সক্ৰিয় ডে’জTM আৰু গ্ৰীন হেল্থী হাৰ্ট স্ক’ৰTM বজাই ৰাখি বাৰ্ষিক প্ৰিমিয়ামৰ ১০০% পৰ্যন্ত উপাৰ্জন কৰে। ২০২৫ বিত্তীয় বৰ্ষত এবিএইছআইচিএল-এ ৩.৮ লাখ স্বাস্থ্য মূল্যায়ন চলাইছিল, ১৮ লাখ ৱেলবিং স্ক’ৰTM সৃষ্টি কৰিছিল আৰু ১ লাখতকৈ অধিক ব্যক্তিক স্বাস্থ্য প্ৰশিক্ষণ প্ৰদান কৰিছিল।

এবিএইছআইচিএল-ৰ সুস্থতা-একত্ৰিত অফাৰসমূহৰ প্ৰতি এবিএইছআইচিএলৰ গ্ৰাহকেও যথেষ্ট আগ্ৰহ দেখুৱাইছে। অঞ্চলটোৰ বীমা উপদেষ্টা(এডভাইজৰ)সকলে প্ৰতিৰোধমূলক যত্ন আৰু ব্যক্তিগতকৃত হেল্থ(স্বাস্থ্য) নম্বৰ আৰু প্ৰিমিয়াম ৰিটাৰ্ণৰ দৰে সুবিধাবোৰৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰি বৰ্ধিত পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে, বিশেষকৈ কম বয়সীয়া আঁচনিধাৰকসকলক লক্ষ্য কৰি লৈছে। চিইঅ’ মায়ংক বাথৱালে এই বিষয়ে কয় যে, “আমাৰ দৃষ্টিভংগী হৈছে স্বাস্থ্য-প্ৰথম পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা য’ত পলিচিহল্ডাৰসকল আৰ্থিকভাৱে সুৰক্ষিত আৰু সুস্থ তথা দীৰ্ঘায়ু জীৱন যাপন কৰিবলৈ সক্ষম হয়।” এবিএইছআইচিএলৰ ডিজিটেল-প্ৰথম এক্টিভ হেল্থ এপে সমগ্ৰ ভাৰতত ব্যক্তিগতকৃত সুস্থতা যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰি আহিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *