আদানি ৱান, আইচিআইচিআই বেংকে ভিছাৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰিলে ভাৰতৰ প্ৰথম ক্ৰেডিট কাৰ্ড 

105

আদানী ৱান আৰু আইচিআইচিআই বেংকে ভিছাৰ সৈতে অংশীদাৰিত্বৰে বিমানবন্দৰৰ সৈতে জড়িত সুবিধাসম্পন্ন ভাৰতৰ প্ৰথম কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি কৰিছে। দুটা ভিন্নতাত উপলব্ধ – আদানি ৱান আইচিআইচিআই বেংক চিগনেশ্বাৰ ক্ৰেডিট কাৰ্ড আৰু আদানি ৱান আইচিআইচিআই বেংক প্লেটিনাম ক্ৰেডিট কাৰ্ড – দুয়োটা ভেৰিয়েণ্টে এক বিস্তৃত আৰু যথেষ্ট পৰিমাণৰ ৰিৱাৰ্ড কাৰ্যসূচী আগবঢ়াইছে।

এই কাৰ্ডসমূহৰ সৈতে কাৰ্ডহল্ডাৰসকলৰ লাইফষ্টাইল উন্নীত কৰাৰ লগতে বিমানবন্দৰলৈ যাত্ৰা আৰু ভ্ৰমণ অভিজ্ঞতাক নতুন মাত্ৰা প্ৰদান কৰিবলৈ ডিজাইন কৰা বহুতো অনন্য সুবিধা আগবঢ়াইছে। আদানি গ্ৰুপে আদানি ৱান এপ, পৰিচালিত বিমানবন্দৰ, চিএনজি পাম্প, বিদ্যুতৰ বিল আৰু ট্ৰেইনমেনকে ধৰি বিভিন্ন গ্ৰাহক ইক’চিষ্টেমত ক্ৰয়ৰ ক্ষেত্ৰত ৭% পৰ্যন্ত সীমাহীন আদানী ৰিৱাৰ্ড পইণ্ট প্ৰদান কৰে। আদানী ৱানে আইচিআইচিআই বেংক আৰু ভিছাৰ সৈতে অংশীদাৰিত্বৰে নতুন মানদণ্ড নিৰ্ধাৰণ কৰি গ্ৰাহক বিত্তীয় খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। আদানী গ্ৰুপৰ সঞ্চালক আদানীয়ে উন্মোচনী অনুষ্ঠানত উৎসাহ প্ৰকাশ কৰি এই বিষয়ে কয় যে, “আইচিআইচিআই বেংক আৰু ভিছাৰ সৈতে এই অনন্য অংশীদাৰিত্বৰে গ্ৰাহকৰ অভিজ্ঞতাত এক নতুন মাপকাঠী স্থাপন কৰিব আৰু উদ্ভাৱন আৰু উৎকৃষ্টতাৰ প্ৰতি আমাৰ সমৰ্পণ প্ৰদৰ্শন কৰিব।”

আদানি গ্ৰুপ আৰু আইচিআইচিআই বেংকে এই পদক্ষেপৰ শুভাৰম্ভণি অনুষ্ঠানত নিজৰ উচাহ প্ৰকাশ কৰি ভিছা ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ গ্ৰুপ কাণ্ট্ৰী মেনেজাৰ সন্দীপ ঘোষে কয় যে, “ভিছাত আমি ভিছাৰ বিশ্বাসযোগ্য নেটৱৰ্ক আৰু বিশ্বব্যাপী গ্ৰহণযোগ্যতাৰ সহায়থ এই আকৰ্ষণীয় সহ-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডসমূহক জীৱন্ত কৰি তুলিবলৈ আদানি গ্ৰুপ আৰু আইচিআইচিআই বেংকৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আনন্দিত হৈছোঁ।” আনহাতে, আইচিআইচিআই বেংকৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ ঝাই কয় যে, “এই শভাৰম্ভণিৰ জৰিয়তে আমি আমাৰ গ্ৰাহকসকলক সমগ্ৰ আদানী গ্ৰুপৰ গ্ৰাহক পৰিৱেশ তন্ত্ৰত ৰিৱাৰ্ড আৰু সুবিধা প্ৰদান কৰাৰ মনস্থ কৰিছো আৰু বেংকৰ ক্ৰেডিট কাৰ্ড পৰ্টফলিঅ’ শক্তিশালী কৰিবলৈ মনস্থ কৰিছোঁ।”