জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ। কিয়নো সেই সময়ত এইগৰাকী অভিনেত্ৰীও ছিংগাপুৰত আছিল। কিন্তু এতিয়ালৈকে তেওঁ মৌনতা অৱলম্বন কৰি আছে। অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। কিন্তু এই মৃত্যু যেন এতিয়াও মানি ল’ব পৰা নাই অসমবাসীয়ে। কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ যিসমূহ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে সেইসমূহে এতিয়া তেওঁৰ মৃত্যু অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।অসমৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত নাম সাঙোৰ খাইছে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী আদিৰ। এতিয়ালৈকে এই বিষয়টোৰ ওপৰত বহু অভিযুক্তই কোনো মত প্ৰকাশ কৰা নাই। কিন্তু আশ্চৰ্যজনকভাৱে নিশিতা গোস্বামীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰি আছে। কিন্তু সত্য এয়াই যে, জুবিনৰ মৃত্যুৰ সময়ত ছিংগাপুৰতে আছিল অভিনেত্ৰী নিশিতা গোস্বামী। তথ্য অনুসৰি, তেওঁ এংকৰ হিচাপে সেই অনুষ্ঠানলৈ গৈছিল।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *