নেটৱৰ্ক বৃদ্ধি আৰু কৌশল বৃদ্ধি কৰিবলৈ নিছানত যোগদান অভিষেক অৰোৰা

নিছান মটৰ ইণ্ডিয়া(এনএমআইপিএল)ই ২০২৪ৰ ১৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অভিষেক আৰোৰাক ডিলাৰ নেটৱৰ্ক ডেভেলপমেণ্ট এণ্ড কাষ্টমাৰ কোৱালিটি ট্ৰেইনিং(ডিএনডি-চিকিউটি) বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা সগৌৰৱৈ প্ৰকাশ কৰিছে। ২০২৪ৰ ছেপ্টেম্বৰ মাহত নিছানৰ নেতৃত্বত পৰিৱৰ্তন আৰু নতুন প্ৰকল্প সঞ্চালক হিচাপে যোগদান কৰা অৰোৰাই এতিয়া শেহতীয়া ৰূপান্তৰকাৰী প্ৰকল্পসমূহত কাৰ্যনিৰ্বাহৰ লগতে ডিএনডি-চি কিউটিৰ কাৰ্যকলাপৰো চোৱা-চিতা কৰিব।

ৱৰ্ক বৃদ্ধি আৰু ব্যৱসায়িক পৰিৱৰ্তনৰ ওপৰত নিছানৰ কৌশলগত গুৰুত্ব কঢ়িয়াই আনিছে। অডি ইণ্ডিয়া, টাটা মটৰ্ছ আৰু জেনেৰেল মটৰ্ছৰ দৰে প্ৰিমিয়াম অট’ম’টিভ ব্ৰেণ্ডৰ সৈতে বিশাল অভিজ্ঞতাৰে ভৰপূৰ অৰোৰাই নিছানৰ চেনেল বিকাশ আৰু গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে পদক্ষেপৰ নেতৃত্ব দিব। এনএমআইপিএলৰ পৰিচালনা সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, “আমি নিশ্চিত যে অভিষেকৰ দক্ষতাই আমাৰ নেটৱৰ্কৰ ক্ষমতা বৃদ্ধি কৰিব আৰু এই গতিশীল বজাৰত দীৰ্ঘম্যাদী বিকাশত সহায় কৰিব।”

নিছানে প্ৰিমিয়াম নেটৱৰ্ক সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব দিয়াটোৱে অসমতো অত্যাধুনিক অটোমোটিভ সমাধানৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে ভালদৰে অনুৰণন ঘটাব বুলি আশা কৰা হৈছে। অৰোৰাৰ নিৰ্দেশনাত নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণে স্থানীয় ডিলাৰসকলক বৰ্ধিত ব্যৱসায়িক সুযোগ প্ৰদান কৰাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত গ্ৰাহক সেৱাৰ মান উন্নত কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *