মহানগৰীয়ে ইয়াৰ অত্যন্ত প্ৰত্যাশিত উৎসৱসমূহৰ অন্যতম বিহুক আদৰিবলৈ আটাইতকৈ উজ্বল ৰং-বিৰঙেৰে সাজু হোৱাৰ সময়তে ITC Ltd.ৰ Aashirvaad Attaই ৰাইজক বিশেষ “মেচ্চ দ্য বিহু বীট” চেলেঞ্জত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ এই কেম্পেইনৰ উদ্দেশ্য হ’ল বিহু উৎসৱৰ সৈতে জড়িত সাংস্কৃতিক প্ৰাচুৰ্যক নৱ যুগৰ এক ডিজিটেল টুইষ্টৰ জৰিয়তে জীৱন্ত কৰি তোলাৰ প্ৰয়াস কৰা৷ Aashirvaadৰ এই একক বৈশিষ্ট্যপূৰ্ণ পদক্ষেপ হ’ল অসমীয়া ৰাইজৰ বাবে এই উৎসৱক অধিক স্মৰণীয় কৰি তোলাৰ এক প্ৰয়াস আৰু ইয়াৰ অভিজ্ঞতা লাভ কৰিব পৰা যাব গুবাহাটীৰ প্ৰধান বিহু সন্মিলন/মেলাসমূহ, যেনে উজান বজাৰ, লতাশিল, গণেশগুৰি আৰু চানমাৰিত৷
এই তিনিদিনীয়া উৎসৱ আৰম্ভ হ’ব ১৪ এপ্ৰিল, ২০২৩ত আৰু ইয়াত একোখন লাইফ-ছাইজড স্ক্ৰীনত প্ৰদৰ্শন কৰা হ’ব পাৰম্পৰিক বিহুনাচ পৰিৱেশনৰত মহিলাসকলৰ ডিজিটেল অৱতাৰসমূহ৷ ব্ৰেণ্ডটোৱে অংশগ্ৰহণকাৰীসকললৈ আগ বঢ়াবলৈ ওলাইছে হাঁহি-ধেমালিৰে পৰিপূৰ্ণ এক আকৰ্ষণীয় অভিজ্ঞতা, য’ত তেওঁলোকে স্ক্ৰীনত প্ৰদৰ্শিত ষ্টেপসমূহৰ সৈতে মেচ্চ কৰিব লাগিব৷ আনন্দ-উৎসাহ অধিক বৰ্ধিত কৰিবলৈ সমগ্ৰ অভিজ্ঞতাক এক গে’মৰ ৰূপ দিয়া হ’ব, য’ত নাচৰ প্ৰতিটো ষ্টেপক সংযুক্ত কৰা হ’ব Aashirvaadক অসম আৰু ভাৰতৰ নাম্বাৰ ১ আটা ব্ৰেণ্ড কৰি তোলাত জড়িত উৎকৃষ্ট 4-ষ্টেপ প্ৰক্ৰিয়াৰ সৈতে৷ অংশগ্ৰহণকাৰীসকলৰ প্ৰতিটো সম্পূৰ্ণ নিখুঁত মুভে তেওঁলোকক লৈ যাব Aashirvaadৰ 4-ষ্টেপ যাত্ৰাত আৰু আগলৈ, যিটো স্ক্ৰীনত প্ৰদৰ্শন কৰা হ’ব এটা 4-ষ্টেপ মিটাৰৰ জৰিয়তে৷
এই সন্দৰ্ভত ITC Ltd.ৰ SBU চীফ এগজিকিউটিভ – ষ্টেপলছ, স্নেক্স এণ্ড মীলছ, শ্ৰীযুত গণেশ সুন্দৰৰমণে কয়, “অসমৰ ৰাইজৰ সৈতে বাৰেৰহণীয়া বিহু উৎসৱ উদযাপন কৰিবলৈ পাই আমি অতি আনন্দিত, আৰু আমাৰ কেম্পেইনৰ উদ্দেশ্য হ’ল অঞ্চলটোৰ প্ৰাচুৰ্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা৷ আমি আমাৰ উপভোক্তাসকলক দিব বিচাৰোঁ এনে কিছু স্মৰণীয় অভিজ্ঞতা, যি হ’ল সাংস্কৃতিকভাৱে প্ৰাসংগিক আৰু লগতে সম্পূৰ্ণৰূপে আকৰ্ষণীয়৷ ‘মেচ্চ দ্য বিহু বীট’ চেলেঞ্জ হ’ল ৰাজ্যখনৰ পৰম্পৰাৰ সৈতে জড়িত হ’বৰ বাবে আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আৰু আমি আশা কৰিছোঁ যে অসমৰ ৰাইজৰ পৰা আমি উৎসাহজনক সঁহাৰি পাম৷” এই অভিজ্ঞতাক অধিক স্মৰণীয় কৰি তুলিবলৈ ব্ৰেণ্ডটোৱে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ একোটা চুটি ভিডিঅ’ শ্বেয়াৰ কৰিব আৰু তেওঁলোকে ইয়াৰ লগতে লাভ কৰিব আকৰ্ষণীয় পাৰ্ছনেলাইজড মাৰ্চেণ্ডাইজ৷