নীট ইউজি ২০২৪ত শিলচৰৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্য উদযাপন আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ; এইএছএলৰ প্ৰশিক্ষণেৰে উজলি উঠিল ৪গৰাকী শিক্ষাৰ্থী

164

নীট ইউজি ২০২৪ পৰীক্ষাত শিলচৰৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে ৬৬০তকৈ অধিক নম্বৰ লাভ কৰি অঞ্চলটোৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে। দীপ্তেন্দ্ৰ আচাৰ্জীয়ে ৬৯৬ নম্বৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত ২৭২১ ৰেংক লাভ কৰিছে। আনহাতে, দেবজিত শ্ব’ই  ৬৯৫ নম্বৰ লাভ কৰি এআইআৰ ৩১৯৯ ৰেংক লাভ কৰিছে। প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰস্তুতি সেৱাৰ চিনাকী নাম আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেড (এইএছএল)ৰ নিৰ্দেশনা আৰু সহায়ৰ জৰিয়তে এই অসাধাৰণ আৰু কাংক্ষিত ফলাফলসমূহ সম্ভৱ হৈ উঠিছিল।

এইএছএলৰ ক্লাছৰুম প্ৰগ্ৰামত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সফলতাৰ কাৰণ হিচাপে প্ৰতিষ্ঠানটোৱে প্ৰদান কৰা কঠোৰ প্ৰশিক্ষণ আৰু বিস্তৃত অধ্যয়ন সামগ্ৰী বুলি উল্লেখ কৰিছে। অধ্যয়নৰ বাবে আৰু সফল হ’বলৈ অনুশাসিত দৃষ্টিভংগী আৰু ধাৰণা বা বিষয়সমূহৰ সম্যক জ্ঞান প্ৰদানে এনে উল্লেখযোগ্য নম্বৰ লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কৃতজ্ঞতা প্ৰকাশ কৰি সফল ছাত্ৰ-ছাত্ৰীসকলে উল্লেখ কৰে যে, “আমাক দুয়োটা ফলৰ পৰা সহায় কৰাৰ বাবে আমি আকাশৰ ওচৰত কৃতজ্ঞ। এইএছএলৰ পৰা কণ্টেণ্ট আৰু কোচ্চিঙে আমি কম সময়ৰ ভিতৰতে বিভিন্ন বিষয়ৰ ভিন্ন ধাৰণাসমূহ স্পষ্ট কৰি নিদিলে আজিৰ সফলতা প্ৰাপ্তি নহ’লহেঁতেন।”

এইএছএলৰ ৰিজনেল ডাইৰেক্টৰ অজয় ​​বাহাদুৰ সিঙে শিক্ষাৰ্থীসকলক উল্লেখযোগ্য সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সিঙে ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ লগতে অভিভাৱকৰ অটল সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেশজুৰি ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নীট ২০২৪ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু এই লাখ লাখ পৰীক্ষাৰ্থীৰ মাজত সফলতাই এইসকল শিক্ষাৰ্থীৰ ব্যতিক্ৰমী ক্ষমতা আৰু সমৰ্পণ এই ফলাফলে প্ৰমাণ কৰিলে। নেচনেল টেষ্টিং এজেন্সীয়ে ভাৰত আৰু বিদেশত স্নাতক চিকিৎসা, দন্ত চিকিৎসা আৰু আয়ুষ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ আকাংক্ষিত ছাত্ৰ-ছাত্ৰীৰ বাবে যোগ্যতাসম্পন্ন পৰীক্ষা হিচাপে প্ৰতি বছৰে নীট পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।