ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে গড্ৰেজ জাৰ্ছিয়ে প্ৰকাশ কৰা লেক্ট’গ্ৰাফ ২.০ নামৰ এক অধ্যয়ন অনুসৰি নগৰীয়া ভাৰতীয়সকলৰ মাজত গাখীৰ এতিয়াও দৈনন্দিন প্ৰ’টিনৰ আটাইতকৈ বহুলভাৱে ব্যৱহৃত আৰু সুলভ উৎস হিচাপে পৰিগণিত হৈ আছে।
ইউ-গভ-এ ভাৰতৰ ৮খন চহৰত চলোৱা এই অধ্যয়নত দেখা গৈছে যে ৬০% গ্ৰাহকে দৈনিক চাহ বা কফিৰ জৰিয়তে গাখীৰ গ্ৰহণ কৰে, আনহাতে ৪০% লোকে প্ৰতিদিনে কেৱল গাখীৰ পান কৰে। প্ৰায় ৬৯% লোকে গাখীৰক দৈনন্দিন প্ৰ’টিনৰ এক সুলভ উৎস বুলি গণ্য কৰে, যি হাৰ মুম্বাই আৰু চেন্নাইত ৮০%লৈ বৃদ্ধি পাইছে। অধ্যয়নটোত লগতে প্ৰকাশ পাইছে যে, ৫৯% লোকে গাখীৰক ৯ বিধ অত্যাৱশ্যকীয় এমিনো এচিডযুক্ত এক সম্পূৰ্ণ প্ৰ’টিন হিচাপে বিশ্বাস কৰে।
নিৰামিষভোজীসকলৰ বাবে দুগ্ধজাত সামগ্ৰী বিশেষভাৱে গুৰুত্বপূৰ্ণ, য’ত ৮৬% লোকে দুগ্ধজাত সামগ্ৰীক নিজৰ প্ৰধান প্ৰ’টিনৰ উৎসসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। ইফালে, ৬৯% লোকে পনীৰক আৰু ৪৭% লোকে দৈক সম্পূৰ্ণ প্ৰ’টিন হিচাপে চিনাক্ত কৰে। প্ৰতি ১০জন নগৰীয়া গ্ৰাহকৰ ভিতৰত প্ৰায় ৯জনেই শৈশৱৰ দুগ্ধজাত সামগ্ৰী খোৱাৰ অভ্যাস এতিয়াও বজাই ৰাখিছে, যাৰ ভিতৰত গ্ৰীষ্মকালত বাটাৰমিল্ক, বাদাম গাখীৰ আৰু ৰাতি শোবলৈ যোৱাৰ পূৰ্বে গাখীৰ সেৱনৰ অভ্যাস অন্যতম।
গড্ৰেজ জাৰ্ছিৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) গৌৰৱ পাণ্ডেই কয় যে, এই ফলাফলসমূহে পুষ্টি, সোৱাদ আৰু সুবিধাৰ ক্ষেত্ৰত পৰিৱৰ্তিত প্ৰত্যাশাসমূহ পূৰণ কৰাৰ লগতে দৈনন্দিন দুগ্ধজাত সামগ্ৰীৰ পুষ্টিগত মূল্যৰ বিষয়ে গ্ৰাহকৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰি তুলিছে।
গুৱাহাটী মহানগৰীত এই অধ্যয়নৰ ফলাফলে এনে এখন বজাৰত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ সম্ভাৱনাক উনুকিয়াই দিছে, য’ত চাহ সেৱন আৰু পৰম্পৰাগত দুগ্ধজাত খাদ্য দৈনন্দিন আহাৰৰ এক অবিচ্ছেদ্য অংগ। গাখীৰৰ প্ৰ’টিনৰ গুণাগুণৰ বিষয়ে অধিক সজাগতাই পেকেট গাখীৰ, দৈ আৰু পনীৰৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ শক্তিশালী কৰিব পাৰে, যাৰ ফলত অসমৰ দুগ্ধ ব্ৰেণ্ড আৰু খুচুৰা বিক্ৰেতাসকলৰ বাবে ন ন সুযোগ সৃষ্টি হ’ব।
গড্ৰেজ জাৰ্ছিৰ লেক্ট’গ্ৰাফ ২.০ত দেশৰ দৈনন্দিন প্ৰ’টিনৰ উৎস হিচাপে উজলি উঠিছে গাখীৰৰ সুলভতাৰ দিশ
